প্ৰশান্ত বৰাক যোৰহাট জিলা এছ’চিয়েচন অৱ ব’ডী বিল্ডাৰ্ছৰ সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ অসম ব’ডী বিল্ডাৰ্ছ এণ্ড ফিটনেছ সন্থাৰ নৱ নিৰ্বাচিত সভাপতি প্ৰশান্ত বৰাক ৩১ জানুৱাৰীত যোৰহাট জিলা এছ’চিয়েচন অৱ ব’ডী বিল্ডাৰ্ছৰ কৰ্মকৰ্তাসকলে সম্বৰ্ধনা জ্ঞাপন কৰে।
যোৰহাটৰ ডিচিবি ৰোডস্থিত অংশোকা একাডেমীত অনুষ্ঠিত বিশেষ সম্বৰ্ধনা অনুষ্ঠানটোৰ সভাপতিত্ব কৰে যোৰহাট জিলা এছ’চিয়েচন অৱ ব’ডী বিল্ডাৰ্ছৰ সভাপতি দীপাংকৰ খাৰঘৰীয়াই। এছ’চিয়েচনৰ সাধাৰণ সম্পাদক সুশীল বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানত নৱনিৰ্বাচিত সভাপতি প্ৰশান্ত বৰাক ফুলাম গামোচা, চেলেং, জাপি আদিৰে সম্বৰ্ধনা জনায়।
অনুষ্ঠানত মাজুলী জিলা শৰীৰ চৰ্চা সন্থাৰ ৰঞ্জিত শইকীয়া, চান হেলথ্ চেণ্টাৰৰ স্বত্বাধিকাৰী ছানদীপ বৈদ্য, ফিজিক এছ’চিয়েচনৰ সভাপতি লাল বাহাদুৰ পাছোৱান, সম্পাদক বিনীত দাস, যোৰহাট জিলা আৰ্ম ৰেছলিং সন্থাৰ সম্পাদক মুকুট মণি শইকীয়া, শক্তি উত্তোলনৰ সম্পাদক ৰবি শৰ্মা আদি উপস্থিত থাকে।
আনহাতে অনুষ্ঠানত অলপতে নগাঁৱত অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্যায়ৰ দেহশ্ৰী প্ৰতিযোগিতা আৰু হাফলঙৰ ভাৰ উত্তোলন প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত বহুকেইগৰাকীকো সম্বৰ্ধনা জ্ঞাপন কৰে।