মাৰ্ঘেৰিটা-ধেমাজিত ছাত্ৰ সন্থাৰ প্ৰতিবাদঃ আৰক্ষীৰে হতাহতি মাৰ্ঘেৰিটা আছুৰ
নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ শুৱালকুছিত ছাত্ৰ সন্থাই গণতান্ত্ৰিক প্ৰতিবাদ কৰাৰ সময়ত অসম আৰক্ষীয়ে কৰা বৰ্বৰ অত্যাচাৰৰ বিৰুদ্ধে আৰু ‘কা’ বাতিলৰ দাবীত প্ৰতিবাদ কৰে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই।
মাৰ্ঘেৰিটা আছুৰ সভাপতি চিন্ত গগৈৰ নেতৃত্বত প্ৰায় অৰ্ধশতাধিক আছুৱে মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মাৰ্ঘেৰিটা চেগুনবাৰী তিনিআলি ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথত। আছুৰ প্ৰতিবাদৰ সময়ত মাৰ্ঘেৰিটা আৰক্ষীয়ে বাধা দিওঁতে আৰক্ষীৰে হতাহতি হয় আৰু অধিক উত্তাল হৈ পৰে প্ৰতিবাদস্থলী।
আৰক্ষীৰ এনে কাৰ্যক লৈ মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক ৰূপম বৰুৱাই কয় যে আৰক্ষীয়ে নিজৰ বিবেক বুদ্ধিৰে পৰিচালনা হ’ব লাগে।
আনহাতে, জোনাইতো জোনাই আঞ্চলিক ছাত্ৰ সন্থাই চৰকাৰে তেজপুৰত আৰু শুৱালকুছিত কালি ছাত্ৰ সন্থাৰ কৰ্মী লগতে ছাত্ৰীৰ ওপৰত কৰা আক্রমণৰ প্ৰতিবাদত প্ৰতিকৃতি দাহেৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷
প্ৰতিবাদকাৰীয়ে নাগৰিকত্ব সংশোধনী আইন,পাৰিপাৰ্শ্বিক প্ৰভাৱ বিশ্লেষণ (ই আই এ) বাতিলকৰণ, অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাকে ধৰি অসমৰ কেবাটাও জ্বলন্ত সমস্যা সমাধানৰ দাবী জনায়।
প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক ৰাজীৱ গগৈ,ধেমাজি জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সঞ্জীৱ দাস,চিমেন চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা তনু গগৈ,নিপু গগৈ, সভাপতি ভাস্কৰ বৰগোঁহাই,সাধাৰণ সম্পাদক লোনা গগৈ,ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক হীৰেণ শৰণীয়া, ডেকাপাম আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি লক্ষ্য শৰণীয়া,সাধাৰণ সম্পাদক শান্তনু দলে,উপ সভাপতি মহেশ শৰণীয়া,সহকাৰী সাধাৰণ সম্পাদক নিখিল পেগুৰ লগতে বহু সংখ্যক আছু কৰ্মী উপস্থিত থাকে।