নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘দূৰদর্শী’ সংগীত শিল্পী ছ’ফিৰ দুর্ঘটনাত প্রাণহানি

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ  দূৰদর্শী মহিলা সংগীতজ্ঞ ছ’ফিৰ দেহাৱসান ঘটিছে৷ ৩৪ বছৰ বয়সতে গ্রীচৰ ৰাজধানী এথেন্সত এক হঠাতে হোৱা দুর্ঘটনাত প্রাণ হেৰুৱাইছে প্রতিভাৱান সংগীত শিল্পীগৰাকীয়ে৷ উল্লেখনীয় যে পপ সংগীতজ্ঞ তথা প্রযোজক ছ’ফি গ্রেমী বঁটাৰ বাবেও মনোনীত হৈছিল৷ গ্লাছগ’ত জন্মগ্রহণ কৰা ছ’ফিয়ে মেডোনা আৰু ছার্লি এক্স চি এক্সৰ দৰে প্রখ্যাত গায়িকা তথা গায়কসকলৰ সৈতেও সংগীত পৰিৱেশন কৰিছিল৷

পপ সংগীতত বিভিন্ন সময়ত নতুন নতুন পৰীক্ষাৰে ছ’ফিয়ে বিখ্যাত গায়ক–গায়িকাসকলৰ্ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল৷ ছ’ফিৰ পৰিচালনা সংস্থাই এক বিবৃতিত সদৰী কৰা অনুসৰি গায়িকাগৰাকী আছিল যন্ত্রসংগীতত নতুন তথা আধুনিক উপাদান সন্নিৱিষ্ট কৰা এগৰাকী দূৰদর্শী শিল্পী৷ সূত্র অনুসৰি পূর্ণিমাৰ নয়নাভিৰাম দৃশ্য উপভোগ কৰাৰ সময়তে প্রাসাদৰ পৰা পিছলি পৰি মৃত্যু হৈছে ছ’ফিৰ৷

You might also like