নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ লেফটেনেণ্ট জেনেৰেল চণ্ডী প্রসাদ মহান্তিয়ে সোমবাৰে স্থলসেনাৰ উপ–মুৰব্বী হিচাপে দায়িত্ব গ্রহণ কৰিছে৷ বিদায়ী উপ–মুৰব্বী লেফটেনেণ্ট জেনেৰেল এছ কে ছাইনিৰ স্থলাভিষিক্ত হৈছে মহান্তি৷
বিগত চাৰিটা দশকত স্থলসেনাৰ বিভিন্ন পদত সেৱা আগবঢ়াই আহিছে লেফটেনেণ্ট জেনেৰেল মহান্তিয়ে৷ বিশেষকৈ সংঘর্ষপ্রৱণ অঞ্চলত বহু দায়িত্ব সফলতাৰে পালন কৰিছে মহান্তিয়ে৷
স্থলসেনাৰ উপ–মুৰব্বী হিচাপে সেনাৰ ছাউদার্ন কমাণ্ড অভিমুখে যাত্রা কৰিছে বিষয়াগৰাকীয়ে৷ জেনেৰেল ছাইনিয়ে কালি দায়িত্বৰ পৰা অৱসৰ গ্রহণ কৰিছে৷ ডেৰাডুনৰ ইণ্ডিয়ান মিলিটাৰী কলেজ আৰু নেচনেল ডিফেন্স একাডেমীৰ পৰা দক্ষতাৰে কমিছন লাভ কৰা জেনেৰেল মহান্তিয়ে ১৯৮২ চনৰ ১২ জুনত ৰাজপুত ৰেজিমেণ্টত যোগদান কৰিছিল৷ এল এ চি আৰু বহুদেশীয় ৰাষ্ট্রসংঘ বাহিনীৰ কংগোত বিশেষ দায়িত্বতো আছিল বিষয়াগৰাকী৷