নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ সামগ্রিক বিকাশ ত্বৰান্বিত কৰিব এই বাজেটেঃ সোণোৱাল

কেন্দ্রীয় বাজেটক লৈ ৰাজ্যৰ শাসক–বিৰোধীৰ প্রতিক্রিয়া

নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে সোমবাৰে লোকসভাত দাখিল কৰা ২০২১–২২ বিত্তীয় বর্ষৰ বাজেটক লৈ প্রতিক্রিয়া প্রকাশ কৰিছে ৰাজ্যৰ শাসক–বিৰোধীয়ে৷ ৰাজ্য চৰকাৰ আৰু ৰাজ্যিক বিজেপিয়ে বাজেটখনক আদৰণি জনোৱাৰ লগতে বিৰোধীয়ে এই বাজেটক সমালোচনা কৰিছে৷ একে সময়তে আজি দাখিল কৰা বাজেটখনক বাস্তৱমুখী, জনমুখী আৰু উন্নয়নমুখী বুলি অভিহিত কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ বাজেট সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে এই বাজেটে মানৱ সম্পদৰ বিকাশ আৰু উদ্ভাৱনী চিন্তা–চেতনা পুনৰ জাগ্রত কৰাৰ লগতে দেশৰ স্বাস্থ্য সেৱা খণ্ড, অর্থনীতি, আন্তঃগাঁথনি নির্মাণ আৰু সামগ্রিক বিকাশ ত্বৰান্বিত কৰিব৷ ৰাজ্যৰ পথ যোগাযোগ খণ্ডৰ উন্নয়ন আৰু চাহ শ্রমিকৰ কল্যাণৰ বাবে কেন্দ্রীয় বাজেটত ধার্য কৰা উল্লেখযোগ্য পুঁজিৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু বিত্তীমন্ত্রী নির্মলা সীতাৰমণক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্রী সোণোৱালে কয়– ‘২০১৬ চনৰে পৰা কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ অভূতপূর্ব সহযোগিতাৰ ফলত পথ যোগাযোগ খণ্ডত অসমত উল্লেখযোগ্য পৰিৱর্তন সম্ভৱ হৈছে৷ চলিত বর্ষৰ বাজেটত অহা ৩ বছৰৰ ভিতৰত ৰাজ্যত ১৩শ কিলোমিটাৰৰ অধিক ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰ বাবে ৩৪ হাজাৰ কোটি টকা ধার্য কৰাৰ বাবে কেন্দ্রীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ ৰাজ্যত ১৯ হাজাৰ কোটি টকা ব্যয়েৰে ৰূপায়ণ হৈ থকা ৰাষ্ট্রীয় ঘাইপথ প্রকল্পসমূহে ইতিমধ্যে ৰাজ্যৰ পথ যোগাযোগ ক্ষেত্রখনক বিশেষ গতি প্রদান কৰিছে৷’ আজি দাখিল কৰা বাজেটত সন্তুষ্টি প্রকাশ কৰি তেওঁ কয় যে এই বাজেটখনে অসম আৰু পশ্চিমবংগৰ চাহ শ্রমিকসকলৰ বিশেষকৈ নাৰী আৰু শিশু কল্যাণৰ বাবে যথেষ্ট পদক্ষেপ গ্রহণ কৰা হৈছে৷ চাহ জনগোষ্ঠীৰ নাৰী আৰু শিশুসকলৰ কল্যাণৰ বাবে ধার্য কৰা এক হাজাৰ কোটিৰ পুঁজিয়ে জনগোষ্ঠীটোৰ সামগ্রিক বিকাশ আৰু স্বাস্থ্য সেৱাৰ ক্ষেত্রত সুদূৰপ্রসাৰী প্রভাৱ পেলাব৷
কেন্দ্রীয় বাজেটক লৈ ৰাজ্য চৰকাৰ সন্তুষ্টঃ ড০ শর্মা
কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে আজি সদনত দাখিল কৰা কেন্দ্রীয় বাজেটখনক লৈ অসম চৰকাৰ অত্যন্ত সন্তুষ্ট বুলি ব্যক্ত কৰিছে ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই নিজৰ প্রতিক্রিয়া ব্যক্ত কৰি কয় যে চাহ বাগিচাৰ শ্রমিকসকলৰ কল্যাণৰ বাবে বাজেটত ১০০০ কোটি টকা ধার্য কৰিছে৷ সেইদৰে পথ নির্মাণৰ বাবে বাজেটত প্রায় ১,৩০০ কোটিতকৈ বেছি আবণ্টন দিছে৷ সেই আবণ্টনে আমাক আনন্দিত কৰিছে৷ ইয়ে অসমক বহুদূৰ আগুৱাই লৈ যাব৷
প্রয়োজন আছিল ষ্টেৰয়ডৰ, মোদী চৰকাৰে দিলে পেৰাচিটামলঃ দেৱব্রত শইকীয়া
২০২১–২২ বিত্তীয় বর্ষৰ বাবে কেন্দ্রীয় বিত্তীয় মন্ত্রীয়ে দাখিল কৰা বাজেটক চোকা ভাষাৰে সমালোচনা কৰিছে অসম প্রদেশ কংগ্রেছ কমিটীয়ে৷ আজি ৰাজীৱ ভৱনত এখন সংবাদ মেলত বিৰোধী দলপতি দেৱব্রত শইকীয়াই কয় যে ক’ৰোনা মহামাৰীৰ পূর্বৰে পৰা দেশৰ অর্থনীতি জুৰুলা হৈ পৰিছিল৷ সেয়েহে দেশৰ অর্থনীতি সবল কৰিবলৈ প্রয়োজন আছিল ষ্টেৰয়ডৰ, কিন্তু মোদী চৰকাৰে পেৰাচিটামল দিয়েই দায়িত্ব সামৰিলে৷ সামগ্রিকভাৱে আজিৰ বাজেটখনক ফোঁপোলা বাজেট বুলি আখ্যা দি শইকীয়া কয়–‘দেশৰ অর্থনীতি সুদৃঢ় কৰাত কেন্দ্রীয় চৰকাৰ ধাৰাবাহিকভাৱে ব্যর্থ হৈ আহিছে৷ ইতিমধ্যে প্রকাশিত আর্থিক সমীক্ষাত এই কথা স্পষ্ট হৈছে৷ ২০২০ চনৰ এপ্রিলৰ পৰা জুন মাহলৈ দেশৰ মুঠ ঘৰুৱা উৎপাদন ২৩.৯ শতাংশলৈ হ্রাস পাইছিল৷ লকডাউনৰ সময়ত আম্বানি–আদানিৰ আয় ৩৫ শতাংশ বৃদ্ধি পালে৷ ইয়াৰ বিপৰীতে বিগত বর্ষৰ এপ্রিল মাহত ভাৰতত প্রতিঘণ্টাত ১,৭০,০০০ লোকে কর্মসংস্থাপন হেৰুৱাইছিল বুলি অক্সফেম নামৰ এটা আন্তঃৰাষ্ট্রীয় সংস্থাই প্রকাশ কৰিছিল৷ কর্প’ৰেট কৰ হ্রাস কৰা হ’ল যদিও চাকৰি বৃদ্ধি নহ’ল৷ আনহাতে, পেট্র’ল–ডিজেলৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰাৰ ফলত মুদ্রাস্ফীতি বৃদ্ধি পাইছে৷’ অসমৰ ক্ষেত্রত বৈষম্য কৰা বুলি অভিযোগ কৰি শইকীয়াই এইবুলিও কয় যে সমাগত বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি মোদী চৰকাৰে অসমৰ চাহ জনগোষ্ঠীৰ কল্যাণৰ বাবে এক হাজাৰ কোটি টকাৰ বিশেষ পেকেজ আৰু ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰ বাবে আর্থিক অনুদান ঘোষণা কৰিছে৷ কেন্দ্রীয় চৰকাৰে ঘোষণা কৰা আঁচনি ৰূপায়ণৰ ক্ষেত্রত অত্যন্ত দুর্বল৷ তদুপৰি বিত্তীয় অনুদানৰ ক্ষেত্রতো কেন্দ্রীয় চৰকাৰে প্রতাৰণা কৰি আহিছে অসমক৷
জনমুখী আখ্যা ৰঞ্জিত কুমাৰ দাসৰ
কেন্দ্রীয় বাজেটক আদৰণি জনাইছে ৰাজ্যিক বিজেপিয়ে৷ এক বিবৃতিত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে বাজেটখনক জনমুখী আখ্যা দি কয় যে এই বাজেটত বৃদ্ধৰ পৰা শিশুলৈকে সমাজৰ সকলো স্তৰৰ জনসাধাৰণৰ আশা–আকাংক্ষা প্রতিফলিত হৈছে৷ ৭৫ বছৰৰ ঊর্ধ্বৰ জ্যেষ্ঠ নাগৰিকক সকলো ধৰণৰ আয়কৰৰ পৰা মুক্ত কৰাটো জ্যেষ্ঠসকলৰ প্রতি বিজেপিৰ দায়বদ্ধতাৰ প্রতিফলন৷ অন্নদাতা কৃষকৰ উপার্জন দুগুণ কৰাৰ লক্ষ্য বাজেটত প্রতিফলিত হোৱাটো সকলোৰে বাবে আনন্দৰ বিষয়৷ বিশেষকৈ কৃষকসকলৰ খৰচতকৈ ডেৰ গুণ অধিক নূ্যনতম সমর্থন মূল্যৰে উৎপাদিত সামগ্রী ক্রয়ৰ ব্যৱস্থা ঐতিহাসিক৷
হতাশাজনক আখ্যা এ আই ইউ ডি এফৰ
এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ মৌলনা বদৰুদ্দিন আজমলে কেন্দ্রীয় চৰকাৰে দাখিল কৰা বাজেটখনক হতাশাজনক আখ্যা দিছে৷ এক বিবৃতিত তেওঁ কয় যে লকডাউনৰ পাছত কর্মসংস্থাপন হেৰুওৱা ১৪ কোটি মানুহৰ বাবে এই বাজেটখনত কোনো ধৰণৰ ব্যৱস্থা গ্রহণ কৰা দেখা নগ’ল৷ কৃষকৰ ন্যায্য দাবী মানি লোৱা হোৱা নাই আৰু পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিৰে সর্বসাধাৰণৰ মূৰত মাধমাৰ শোধাইছে৷ অসমৰ বানগ্রস্ত ৰাইজৰ বাবে তথা ব্রহ্মপুত্র গৰাখহনীয়া ৰোধৰ বাবে কোনোধৰণৰ ধন বাজেটখনত গ্রহণ কৰা হোৱা নাই৷
পৈতৃক সম্পত্তি বিক্রী কৰি টকা সংগ্রহ কৰাটো বীৰত্বৰ কথা নহয়ঃ ৰাইজৰ দল
কেন্দ্রীয় চৰকাৰৰ বাজেটত ক’ভিড মহামাৰীয়ে কঁকাল ভাঙি দিয়া সাধাৰণ নাগৰিকৰ কৰৰ বোজা ৰেহাইৰ বাবে কোনো পদক্ষেপ গ্রহণ নকৰিলে বুলি প্রকাশ কৰিছে ৰাইজৰ দলে৷ এক বিবৃতিত ৰাইজৰ দলৰ কার্যকৰী সভাপতি ভাস্কো ডি শইকীয়া, কবীন্দ্র চেতিয়া ফুকন আৰু জিতুল ডেকাই কয় যে খাটিখোৱা কৃষক–শ্রমিক–বনুৱ্ আৰু মধ্যবিত্ত শ্রেণীৰ লগতে দেশৰ জনতাক আভুৱা ভাঁৰি কেন্দ্রীয় বাজেট দাখিল কৰা হৈছে৷ অসমৰ বাবে কোনো বিশেষ বিত্তীয় পেকেজ এই বাজেটত উল্লেখ নকৰিলে বুলি উল্লেখ কৰি ৰাইজৰ দলে কয় যে পৈতৃক সম্পত্তি বিক্রী কৰি টকা সংগ্রহ কৰাটো বীৰত্বৰ কথা নহয়৷ এচাম কর্প’ৰেটৰ পক্ষত এই বাজেট দাখিল কৰা হৈছে৷
ওজ্রএইখন বাজেট ‘বেচ’ ভাৰত বাজেটঃ আঞ্চলিক গণ মঞ্চ
আজি দাখিল কৰা বাজেটে স্পষ্ট কৰি দিলে যে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মূল নীতি হৈছে ‘বেচ’ ভাৰত৷ –এই মন্তব্য আঞ্চলিক গণ মঞ্চাৰ কার্যকাৰী সভাপতি মনজিৎ মহন্ত আৰু সাধাৰণ সম্পাদক লাচিত বৰদলৈৰ৷ এক বিবৃতিত তেওঁলোকে কয়– ‘বাজেটত অসম তথা উত্তৰ–পূর্বাঞ্চলৰ প্রতি বঞ্চনাৰ ধাৰা এইবাৰো অব্যাহত থাকিল৷ যিটো সময়ত নির্বাচনী যুঁজৰ বাবে সাজু হোৱা পশ্চিমবংগ আৰু তামিলনাডুত বৃহৎ বিনিয়োগ ঘোষণা কৰা হ’ল, তেনে সময়ত একেই নির্বাচনৰ বাবে সাজু হোৱা অসমৰ অর্থনীতি ৰূপান্তৰৰ বাবে কোনো গুৰুত্বপূর্ণ ঘোষণা কৰা নহ’ল৷’

You might also like