নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ্যেষ্ঠ নেতাক প্রার্থিত্ব নিদিয়াৰ ইংগিত ৰাজ্যিক সভাপতিৰ

মুখ্যমন্ত্রী–বিত্তমন্ত্ৰীৰ উপস্থিতিত গণেশগুৰিত বিজেপিৰ নির্বাচনী কার্যালয় মুকলি

নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ এ আই ইউ ডি এফৰ লগত মিত্রতা স্থাপনেৰে আগন্তুক নির্বাচনত ১০০+ আসন দখলৰ দাবী কৰা কংগ্রেছ দলে কোনো প্রত্যাহ্বানেই সৃষ্টি কৰিব নোৱাৰে বুলি কটাক্ষ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে৷ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ মন্তব্য– কংগ্রেছ বা এ আই ইউ ডি এফ মানেই সংখ্যালঘু নহয়৷ সংখ্যালঘু ৰাইজ এতিয়া কংগ্রেছৰ পক্ষত নাই৷ এইবাৰ সংখ্যালঘু সম্প্রদায়ৰ লোকসকলে বিবেক ভোট দিব৷ যাৰ বাবে পশ্চিম গোৱালপাৰা, পশ্চিম বিলাসীপাৰা, লাহৰীঘাট আদি সমষ্টিত বিজেপি জয়যুক্ত হ’ব৷ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কার্যালয়ত আজি এক যোগদান অনুষ্ঠানত এই কথা উল্লেখ কৰি ৰঞ্জিত দাসে কয়– কংগ্রেছে গঠন কৰা মিত্রজোঁট বিজেপিৰ বাবে কোনো প্রত্যাহ্বান নহয়৷ এই মহাজোঁটে বিজেপিক তিলমাত্রও ক্ষতি কৰিব নোৱাৰে৷ অসমীয়া জাতিক অনিশ্চয়তাৰ গৰাহলৈ ঠেলি দিয়া দলটো হ’ল কংগ্রেছ৷ এইক্ষেত্রত অনুঘটকত হিচাপে এ আই ইউ ডি এফে কাম কৰি আছে৷ সেয়া অসমৰ ৰাইজে ইতিমধ্যে বুজি পাইছে৷

উল্লেখ্য যে বিধানসভা নির্বাচনৰ বাবে তৎপৰ হৈ পৰা ৰাজ্যিক বিজেপিয়ে প্রার্থিত্ব প্রদানৰ ক্ষেত্রত যথেষ্ট সক্রিয় হৈ পৰিছে৷ ইতিমধ্যে কেইবাজনো জ্যেষ্ঠ নেতা তথা প্রাক্তন সাংসদে এইবাৰ প্রার্থিত্ব বিচাৰি আৰম্ভ কৰিছে কুচকাৱাজ৷ এই সময়তে আজি ৰঞ্জিত দাসৰ স্পষ্ট মন্তব্য–প্রার্থিত্ব দিয়া মানে জ্যেষ্ঠজনক সন্মান কৰা নুবুজায়৷ দলৰ দুই প্রাক্তন সাংসদ ৰমেন ডেকা আৰু ৰাজেন গোহাঁইক কাষত বহুৱাই ৰঞ্জিত দাসে আজি আগন্তুক নির্বাচনত যে প্রাক্তন সাংসদে প্রার্থিত্ব নাপায়, তাৰো এক স্পষ্ট ইংগিত এই বক্তব্যৰ জৰিয়তে দাঙি ধৰিলে৷ মন কৰিবলগীয়া যে আজি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে প্রদেশ কংগ্রেছৰ উপ–সভাপতি তথা মিডিয়া বিভাগৰ প্রাক্তন অধ্যক্ষ ভগীৰথ কৰণ, দলটোৰ প্রাক্তন মুখপাত্র অক্ষয় ৰাজখোৱা, প্রাক্তন ডি আই ডি ড০ শ্যামল শইকীয়া, আটাছাৰ প্রাক্তন উপ–সভাপতি তথা শিল্পী অর্জুন চাহু, অৱসৰপ্রাপ্ত অভিযন্তা উৎপল শইকীয়া, কোব্রামিলিটেণ্টৰ প্রতিষ্ঠাপক অধ্যক্ষ গণেশ মুর্মুকে ধৰি কেইবাটাও সংগঠনৰ সদস্য–নেতাই৷ সভাপতি ৰঞ্জিত দাসে আটাইকেইজনকে দলীয় গলবস্ত্রৰে আদৰণি জনায়৷

আনহাতে, আজি আসন্ন বিধানসভা নির্বাচনৰ কাম–কাজ সুচাৰুৰূপে পৰিচালনাৰ বাবে মহানগৰীৰ গণেশগুৰিত ৰাজ্যিক বিজেপিৰ এটা নির্বাচনী কার্যালয় উদ্বোধন কৰা হয়৷ অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, দলৰ ৰাষ্ট্রীয় প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্রনাথ শর্মাৰ লগতে দলীয় নেতাসকল উপস্থিত থাকে৷ এই সন্দর্ভত মন্ত্রী ড০ শর্মাই কয়– এই নতুন কার্যালয়ৰ পৰা বিজেপিৰ ১০০ প্লাছৰ সংকল্প আৰম্ভ হ’ব৷ আজিৰ এই নতুন ভৱনতে ৰাজ্যিক বিজেপিৰ মাহেকীয়া মুখপত্র ‘অসম বিজেপি বার্তা’ৰ ৫০সংখ্যক সংস্কৰণটো উন্মোচন কৰা হয়৷

You might also like