আমচৈ চাহ বাগিচাত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত চাহ বাগিচা ধন পুৰস্কাৰ মেলা
নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি আমচৈ চাহ বাগিচাৰ দক্ষতা বিকাশ কেন্দ্ৰৰ সভাকক্ষত অসম চৰকাৰৰ চাহ বাগিচা ধন পুৰস্কাৰ মেলাৰ আনুষ্ঠানিক ধন বিতৰণী সভা অনুষ্ঠিত হয় ।
এই উপলক্ষে অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আমচৈ চাহ বাগিচাৰ প্ৰশাসনিক পৰিচালক ভাগ্যধৰ তাঁতীয়ে। মঞ্জুৰি পত্ৰসমূহ বিতৰণৰ আগতে এই সভাত উপস্থিত থাকি এই আচঁনিৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে বক্তব্য ৰাখে ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে।
জিলা প্ৰশাসনৰ হৈ সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৰহা চক্ৰৰ চক্ৰ বিষয়া ড০ প্ৰিয়ংকা বণিয়াই । বিষয়াগৰাকীয়ে অসম চৰকাৰে চাহ জনগোষ্ঠীক আগবঢ়োৱা সা-সুবিধাৰ চমু আভাষ দাঙি ধৰে । ইয়াৰ পিছতেই চাহ বাগিচা ধন পুৰস্কাৰ আঁচনিৰ তৃতীয় কিস্তিৰ মঞ্জুৰি পত্ৰসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰে ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে আৰু ৰহা চক্ৰৰ চক্ৰ বিষয়া ড০ প্ৰিয়ংকা বণিয়াই।
এই সভাত উপস্থিত থাকে অসম গ্ৰামীণ বিকাশ বেংক আমচৈ শাখাৰ পৰিচালক নীলু দাস, আমচৈ চাহ বাগিচাৰ জ্যেষ্ঠ কৰ্মচাৰী তথা সমাজ সেৱক নবীন তাঁতী, দুৰ্যোগ প্ৰশমন বিষয়া পৰিস্মিতা শইকীয়া, চৰকাৰী গাঁওবুঢ়া অৰুণাভ নায়ক, নগাঁও জিলা চাহ জনজাতি কল্যাণ ব’ৰ্ডৰ সদস্য ভূপেন নায়ক প্ৰমুখ্যে আৰু বহুতো বিশিষ্ট নাগৰিক।
উল্লেখ্য যে এই তালিকাত আমচৈ চাহ বাগিচাৰ মুঠ ১৩৪৫ হিতাধিকাৰীৰ নাম থকা বুলি জানিব পৰা গৈছে ।