নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰৰ পৰা গুৱাহাটীলৈ ড্রাগছ সৰবৰাহ

আৰক্ষী অপৰাধ শাখাৰ অভিযানঃ এবছৰত ১০৬ ড্রাগছ সৰবৰাহৰ গোচৰ ৰুজু

নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ আন্তঃৰাষ্ট্রীয় ড্রাগছ সৰবৰাহকাৰী চক্রই আৰক্ষীৰ চকুত ধূলি অব্যাহত ৰাখিছে ড্রাগছৰ সৰবৰাহ৷ ম্যানমাৰৰ পৰা চুবুৰীয়া ৰাজ্য মণিপুৰ, নাগালেণ্ডৰ মাজেৰে ন ন কৌশলেৰে গুৱাহাটীলৈ ড্রাগছ সৰবৰাহকাৰী চক্রই কোটি কোটি টকাৰ ড্রাগছৰ সৰবৰাহ কৰি আহিছে৷ গুৱাহাটীত বাহৰ পাতি আন্তঃৰাষ্ট্রীয় ড্রাগছ সৰবৰাহকাৰী চক্রই মহানগৰীত অবাধ হাৰত ড্রাগছৰ বেহা অব্যাহত ৰাখিছে৷ মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই লাভ কৰা তথ্যৰ ভিত্তিত গুৱাহাটীৰ বিভিন্ন স্থানত অভিযান চলাই ড্রাগছসহ বহু সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু আন্তঃৰাষ্ট্রীয় ড্রাগছ সৰবৰাহকাৰী চক্রই মহানগৰ আৰক্ষীৰ চকুত ধূলি ড্রাগছৰ বেহা অব্যাহত ৰাখিছে৷ বিগত বর্ষত মহানগৰ আৰক্ষী অপৰাধশাখাই এনডিপিএছ এক্টৰ অধীনত সর্বমুঠ ১০৬টা গোচৰ ৰুজু কৰি ১৯৩জন ড্রাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

মহানগৰ আৰক্ষী অপৰাধ শাখাই বিগত বর্ষৰ জানুৱাৰী মাহত এনডিপিএছ এক্টৰ অধীনত ৫ টা গোচৰ ৰুজু কৰি ৫১.৪০০ কেজি গাঞ্জাসহ ১০জন লোকক গ্রেপ্তাৰ কৰিছিল৷ ফেব্রুৱাৰী মাহত ১২টা গোচৰ ৰুজু কৰি ২২ জন লোকক গ্রেপ্তাৰ কৰাৰ লগতে ৮৬.৬২ গ্রাম ব্রাউন ছুগাৰ, ৬৪.৮৯ গ্রাম হেৰইন আৰু গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছিল৷ মার্চ মাহত মার্চ মাহত ১২টা গোচৰ ৰুজু কৰি ২০ জন লোকক গ্রেপ্তাৰ কৰাৰ লগতে ১৬.৫৯ গ্রাম ব্রাউন ছুগাৰ, ১.৪৯ গ্রাম হেৰইন আৰু অন্যান্য নীচাজাতীয় দ্রব্য জব্দ কৰিছিল৷ এপ্রিল মাহত ৯টা গোচৰ ৰুজু কৰি ১৫ জন লোকক গ্রেপ্তাৰ কৰাৰ লগতে ১৩.৩৮ গ্রাম ব্রাউন ছুগাৰ, ২.৯৫০ গ্রাম হেৰইন, গাঞ্জা আৰু বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছিল৷ মে’ মাহত ৯টা গোচৰ ৰুজু কৰি ১৮ জন লোকক গ্রেপ্তাৰ কৰাৰ লগতে ৩৮.৯৬ গ্রাম ব্রাউন ছুগাৰ, ১৮.৩৭ গ্রাম হেৰইন আৰু বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলটে জব্দ কৰিবলৈ সক্ষম হয়৷ জুন মাহত ৯টা গোচৰ ৰুজু কৰি ১৪ জন লোকক গ্রেপ্তাৰ কৰাৰ লগতে ১৪.১৭ গ্রাম হেৰইন আৰু নগদ ২,৭৬,২২০ টকাসহ নিচাজাতীয় টেবলেট জব্দ কৰিছিল৷ জুলাই মাহত ৪টা গোচৰ ৰুজু কৰি ৯ জন লোকক গ্রেপ্তাৰ কৰাৰ লগতে ৭৮.২৩ গ্রাম হেৰইনসহ নগদ ৭৬, ৬১, ৩৭০ টকা জব্দ কৰিছিল৷ আগষ্ট মাহত ৬টা গোচৰ ৰুজু কৰি ১৭ জন লোকক গ্রেপ্তাৰ কৰাৰ লগতে ২৫.৫৩ গ্রাম ব্রাউন ছুগাৰ, ১৪৮.৪৫ গ্রাম হেৰইনসহ নগদ ৩,৯০,২৩০ টকা জব্দ কৰে৷ ছেপ্তেম্বৰত মাহত ১১টা গোচৰ ৰুজু কৰি ২০ জন লোকক গ্রেপ্তাৰ কৰাৰ লগতে ৮১৪ গ্রাম ব্রাউন ছুগাৰ, ২.৭৫ গ্রাম হেৰইনসহ নগদ ২,৪২,৩২০ টকা জব্দ কৰিবলৈ সক্ষম হৈছিল৷ অক্টোবৰ মাহত ৮টা গোচৰ ৰুজু কৰি ১৩ জন লোকক গ্রেপ্তাৰ কৰাৰ লগতে ১২.২ গ্রাম ব্রাউন ছুগাৰ, ১২৮ গ্রাম হেৰইন জব্দ কৰে৷ নৱেম্বৰত মাহত ১৯টা গোচৰ ৰুজু কৰি ২৮ জন লোকক গ্রেপ্তাৰ কৰাৰ লগতে ১৩৬.৭৬ গ্রাম ব্রাউন ছুগাৰ, ৬৬৬.৬ গ্রাম হেৰইন জব্দ কৰে৷ ডিচেম্বৰ মাহত ২টা গোচৰ ৰুজু কৰি ৭ জন লোকক গ্রেপ্তাৰ কৰাৰ লগতে ১.২৭২ কেজি হেৰইন জব্দ কৰিবলৈ সক্ষম হয়৷ বিগত বর্ষত মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই ড্রাগছৰ বিৰুদ্ধে অভিযান চলাই সংগীতা ৰাণী দেৱী নামৰ আন্তঃৰাষ্ট্রীয় ড্রাগছ সৰবৰাহকাৰী মহিলাক গ্রেপ্তাৰ কৰাৰ লগতে ফাঁচীবজাৰৰ পৰা হাৱালৰ জৰিয়তে ড্রাগছ ব্যৱসায়ীক ধন দিয়া এজন ব্যৱসায়ীকো গ্রেপ্তাৰ কৰি বিশেষ সফলতা লাভ কৰিছিল৷

You might also like