অনুশীলন আৰম্ভ টীম ইণ্ডিয়াৰ
নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ ইংলেণ্ডৰ বিৰুদ্ধে অহা ৫ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া প্রথম টেষ্টৰ বাবে আজিৰে পৰা অনুশীলন আৰম্ভ কৰিছে টীম ইণ্ডিয়াই৷ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ঘৰুৱা দলটোৰ খেলুৱৈসকলে দীর্ঘ সময় ধৰি নেট অনুশীলনত অংশ লয়৷ অষ্ট্রেলিয়াত ঐতিহাসিক শৃংখলা জয় কৰি আত্মবিশ্বাসী হৈ থকা দলটোৰ অনুশীলন আৰম্ভ হোৱাৰ পূর্বেই মুখ্য প্রশিক্ষক ৰবি শাস্ত্রীয়ে খেলুৱৈসকলক উদ্দেশ্যি এক প্রেৰণাদায়ী বক্তব্য আগবঢ়ায়৷ বি চি চি আয়ে ছ’চিয়েল মিডিয়াত প্রকাশ কৰা ভিডি’ত দেখিবলৈ পোৱা গৈছে যে শাস্ত্রীয়ে যথেষ্ট উৎসাহেৰে বক্তব্য আগবঢ়োৱাৰ পিছতে টীম ইণ্ডিয়াৰ খেলুৱৈসকলে আত্মবিশ্বাসেৰে নেট অনুশীলন আৰম্ভ কৰে৷ উল্লেখ্য যে দুদিন পূর্বে খেলুৱৈসকলে ছদিনৰ কোৱাৰেণ্টাইন সম্পূর্ণ কৰি অনুশীলনৰ বাবে সাজু হৈছিল৷