নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিফুত খাদ্যত বিষক্ৰিয়া হৈ আক্ৰান্ত ডেৰ শতাধিক

নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ  কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ হস্পিতালত ভৰ্তি হোৱা লোকৰ সংখ্যাই স্পৰ্শ কৰিছে ডেৰ শতাধিকৰ ঘৰ।

উল্লেখ্য যে  মঙলবাৰে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম শিক্ষা বৰ্ষৰ পাঠ্যক্ৰমৰ শুভাৰম্ভৰ কাৰ্যসূচীত Packet lunch হিচাপে উপস্থিত ৰাইজৰ মাজত বিতৰণ কৰা হৈছিল বিৰিয়াণী।এই বিৰিয়াণী খায়ে অসুস্থ হৈ পৰা বুলি সন্দেহ কৰা হৈছে। অনুষ্ঠানৰ সমাপ্তিত ঘৰলৈ উভতি যোৱা লোকসকলৰ বহুসংখ্যকৰে পেট বিষ আৰু বমিৰ সমস্যাই দেখা দিয়াত নিশাৰে পৰা চিকিৎসালয়লৈ সোঁত বয় অসুস্থ লোকৰ।

ইফালে বকলীয়াঘাট তেতেলীগুৰিৰ কাংবুৰা বে নামৰ এগৰাকী যুৱক খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু মুখত পৰা বুলি সন্দেহ কৰা হৈছে।মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে DMCH লৈ প্ৰেৰণা কৰা হৈছে।

ইতিমধ্যে আজি পুৱা গুৱাহাটীৰ পৰা বিশেষজ্ঞ চিকিৎসকৰ দল আহি উপস্থিত হৈছে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ হস্পিতালত।

বুধবাৰে হস্পিতালত উপস্থিত হৈ অসুস্থলোকসকলৰ স্বাস্থ্যৰ বুজ লয় কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ মন্ত্ৰী চুম ৰংহাঙে।

খাদ্যত বিষক্ৰিয়া হোৱা ঘটনাৰ তদন্তৰ কথা সদৰী কৰিছে কাৰ্বি আংলঙৰ উপায়ুক্তই। মঙলবাৰে নিশাই হস্পিতালত উপস্থিত হয় উপায়ুক্ত চন্দ্ৰধ্বজ সিনহা। অসুস্থ সকলোকে পৰ্যাপ্ত চিকিৎসা প্ৰদান কৰা হৈছে বুলি ব্যক্ত কৰিছে উপায়ুক্তই। উপায়ুক্তই গৰাকীয়ে জানিবলৈ দিয়ে যে ১৭৫ লোকে পেকেট খাইছিল আৰু একাংশৰে ডাইৰেয়িা হৈছে ডিচেণ্ট্ৰী হৈছে ২৮ জনক ৰিলিজ দিয়া হৈছে এতিয়াও ১১৭ জন চিকিৎসাধীন হৈ আছে। লগতে চিকিৎসকে উপযুক্ত চিকিৎসা প্ৰদান কৰিছে বুলি জানিবলৈ দিয়ে উপায়ুক্ত গৰাকীয়ে।

You might also like