পাক অধিকৃত কাশ্মীৰত মানৱাধিকাৰ উলংঘা
নিয়মীয়া বাৰ্তা, ৩ ফেব্রুৱাৰীঃ পাক অধিকৃত কাশ্মীৰ (পি’কে) তথা গিলগিট, বাল্টিস্থানত জনসাধাৰণে নৰকসদৃশ পৰিৱেশত বাস কৰিবলগীয়া হৈছে৷ পাক প্রশাসনে এই অঞ্চলৰ বাসিন্দাসকলক দাসৰ দৰে ব্যৱহাৰ কৰাৰ উপৰি তেওঁলোকৰ স্বাধীনতা হৰণ কৰিছে৷
ইয়াৰ উপৰি নিজ পছন্দ অনুসৰি ধর্মীয় অনুশীলন কৰাৰ অধিকাৰ খর্ব কৰা হৈছে৷ আনকি পাক বাহিনীৰ আতিশয্যৰ বাবে অঞ্চলটোৰ বাসিন্দাসকলে নিজৰ ভাষাত মত বিনিময় কৰিব নোৱাৰে৷ নাইবা অনুসৰণ কৰিব নোৱাৰে নিজৰ সংস্কৃতি৷
আন্তর্জাতিক মানৱ অধিকাৰ কর্মীয়ে শেহতীয়াকৈ এই অভিযোগ আনিছে৷ ল এণ্ড ছ’চাইটী এলায়েন্স এণ্ড ডিফেন্স কেপিটেল শীর্ষক সংস্থাটোৱে এক আলোচনাত উল্লেখ কৰা অনুসৰি পাক অধিকৃত কাশ্মীৰ আৰু গিলগিট–বাল্টিস্তানত্ এতিয়া চলি আছে পাইকাৰী হাৰত মানৱ অধিকাৰ উলংঘা৷