ৰাইজৰ ৰোষত কংগ্ৰেছৰ দেৱব্ৰত শইকীয়া, স্থাপন কৰা নহ’ল আধাৰশিলা
নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ পথৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া আজি ৰাইজৰ ৰোষত পৰে।
নিজ সমষ্টিৰ এটা পথৰ আধাৰশিলা স্থাপন কৰিবলৈ উপস্থিত হোৱা শইকীয়াই পথতে সভা অনুষ্ঠিত কৰিবলৈ সাজু হোৱাৰ সময়তে অঞ্চলটোৰ ৰাইজে ‘নিৰ্বাচনৰ আগেয়ে আধাৰশিলাৰ ৰাজনীতি নচলিব’, ‘আমাক আধাৰশিলা নহয় ৰাস্তা লাগে’ বুলি শ্লোগান দিয়ে।
এই ঘটনাত বিব্ৰত হৈ পৰা শইকীয়াই আধাৰশিলা অনুষ্ঠান তাতেই সামৰিব লগা হয়। স্থানীয় ৰাইজে অভিযোগ কৰা মতে, নিৰ্বাচনৰ আগেয়ে আধাৰশিলা স্থাপনেৰে আশ্বাস-প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনৰ পিছত ইয়াৰ কোনো নাম-নিচান নোহোৱা হয়।