নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোম্বে ষ্টক এক্সচেঞ্জৰ বজাৰ মূলধন ২০০ লাখ কোটি অতিক্রম

বাজেট ঘোষণাৰ পিছতে অভিলেখ

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ  বিত্তীয় বর্ষ ২০২১–২২ বর্ষৰ কেন্দ্রীয় সাধাৰণ বাজেট দাখিল কৰাৰ দিনৰ পৰাই ছেনছেক্স ঊর্ধ্বগামী হৈ আছে৷ বিগত তিনি দিন ধৰি বি এছ ই ছেনছেক্স আৰু নিফ্টি ঊর্ধ্বগামী হৈ থকাৰ পাছত আজি ছেনছেক্স বৃদ্ধি হৈ অভিলেখ গঢ়ে৷ বি এছ ই ছেনছেক্সৰ ৩৫৮.৫৪ পইণ্ট তথা ০.৭১ শতাংশ বৃদ্ধি হৈ অভিলেখসংখ্যক ৫০,৬১৪.২৯ত বজাৰ সামৰণি পৰে৷ আনপিনে নিফ্টিও ১০৫.৭০ পইণ্ট তথা ০.৭১ শতাংশ বৃদ্ধি হৈ বজাৰ সামৰণি পৰে ১৪,৮৯৫.৭০ত৷ তাৎপর্যপূর্ণ যে এক ফেব্রুৱাৰীৰ পৰা ছেনছেক্স বৃদ্ধি হোৱাৰ ফলত দেশৰ বি এছ ইৰ (বোম্বে ষ্টক এক্সচেঞ্জ) বজাৰ মূলধন প্রথমবাৰৰ বাবে দুই লাখ কোটি টকা অতিক্রম কৰিছে৷ বি এছ ই ছেনছেক্সৰ কোম্পানীসমূহৰ মূলধন বৃদ্ধি পাই প্রথমবাৰৰ বাবে বি এছ ই মূলধন ২,০০,৪৯,৭৫৬.৭৮ কোটি টকালৈ বৃদ্ধি পাইছে৷ বি এছ ই ৱেবছাইটৰ তথ্য মতে, বি এছ ইত ব্যৱসায় চলি থকা কোম্পানীৰ সংখ্যা ৩,১২৮ আৰু বিনিয়োগকাৰীৰ সংখ্যা ৬,০৯,৬১,৮৪৬৷ আনপিনে বাজেট দাখিলৰ পাছৰে পৰাই ছেনছেক্স বৃদ্ধি হোৱাৰ লগতে ভাৰতীয় বজাৰত বিনিয়োগকাৰীৰ ধন বিনিয়োগ বৃদ্ধি পাইছে৷ চাৰি দিনৰ ভিতৰত ৭.৭ লাখ কোটি টকাৰ বিনিয়োগ হৈছে৷ ইপিনে ভাৰতীয় শ্বেয়াৰ বজাৰত এফ পি আই (ফ’ৰেইন প’টফলি’ ইনভেষ্টর্ছ) বৃদ্ধি পাইছে৷ ২০২০–২১ বিত্তীয় বর্ষত এই বিনিয়োগ ৩১.৭ বিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধি পাইছে৷ এই বিনিয়োগৰ ধন বিগত সাত বছৰৰ তুলনাত সর্বাধিক৷ কেন্দ্রীয় বাজেট দাখিল কৰাৰ পাছত বিগত দুদিনত এফ পি আই এক বিলিয়ন মার্কিন ডলাৰ বৃদ্ধি পাইছে৷

You might also like