জুবিনৰ বিতর্কিত মন্তব্যঃ দুই অভিনেত্রীৰ ভাষ্য গ্রহণ মহানগৰ আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ যুৱপ্রজন্মৰ হার্টথ্র’ব জুবিন গার্গে ৰাজহুৱা অনুষ্ঠানত অভিনেত্রীক অশালীন মন্তব্য কৰা বিষয়টোক লৈ সর্বত্র প্রতিক্রিয়া অব্যাহত আছে৷ ৰাজহুৱা অনুষ্ঠানত শিল্পী জুবিন গার্গে কৰা অভব্য মন্তব্যৰ সত্যাসত্য বিচাৰি অসম ৰাজ্যিক মহিলা আয়োগে আৰক্ষী সঞ্চালকপ্রধানলৈ পত্র প্রেৰণ কৰি আইনগত ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছিল৷ অসম ৰাজ্যিক মহিলা আয়োগৰ পত্রৰ ভিত্তিত আৰক্ষী সঞ্চালকপ্রধানৰ নির্দেশমর্মে বিষয়টো মহানগৰ আৰক্ষী আয়ুক্ত মুন্নাপ্রসাদ গুপ্তাই তদাৰক কৰি আছে৷ আজি দুয়োগৰাকী অভিনেত্রীৰ ভাষ্য গ্রহণ কৰে মহানগৰ আৰক্ষীয়ে৷