নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ আই ইউ ডি এফসহ পাঁচ ৰাজনৈতিক দলৰ সৈতে মহাজোঁটবন্ধন কৰাৰ পাছতো নির্বাচনক লৈ এতিয়াও শংকিত প্রদেশ কংগ্রেছ৷ স্বয়ং প্রদেশ কংগ্রেছৰ সভাপতিৰ ভাষ্যতে প্রকাশ পাইছে এই কথা৷ এ আই ইউ ডি এফ, চি পি আই, চি পি আই (এম), চি পি আই (এম এল) আৰু আঞ্চলিক গণ মঞ্চৰ সৈতে মিত্রতা স্থাপন কৰাৰ পাছত প্রদেশ কংগ্রেছ এতিয়াও আশাবাদী হৈ আছে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ (অজাপ) সৈতে মিত্রতাৰ বাবে৷ আজি ৰাজীৱ ভৱনত এখন সংবাদ মেলত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কয় যে শেষমুহূর্তলৈকে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ সমর্থনৰ বাবে তেওঁলোকে অপেক্ষা কৰিব৷ উল্লেখ্য যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে আগন্তুক বিধানসভা নির্বাচনত একেলগে নির্বাচনী যুঁজত অৱতীর্ণ হ’ব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে৷ ইয়াৰ লগতে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ পৰা আঞ্চলিক দল দুটাই দূৰত্ব বর্তাই ৰাখিব বুলিও স্পষ্ট কৰি দিছে৷ তৎসত্ত্বেও ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক বাৰম্বাৰ মহাজোঁটবন্ধনত চামিল হ’বলৈ ৰিপুণ বৰাই আহ্বান জনাই আহিছে৷
এক সংবাদ মেলত বৰাই এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কয়–‘ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক বাৰম্বাৰ মহাজোঁটত চামিল হ’বলৈ আমি আহ্বান জনাই আহিছোঁ৷ তেওঁলোকে আমাৰ প্রস্তাৱ নাকচ কৰিছে৷ তেওঁলোকৰ এই কার্যত আমি ক্ষুণ্ণ হোৱা নাই৷ কিয়নো তেওঁলোকৰ লক্ষ্য আৰু আমাৰ লক্ষ্য একেই৷ দুয়োটা আঞ্চলিক ৰাজনৈতিক দল আৰু আমাৰ লক্ষ্য হৈছে বিজেপিক গাদীৰ পৰা উৎখাত কৰা৷ সেয়েহে ডাঙৰ পার্টী হিচাপে আমি তেওঁলোকক একেখন মঞ্চত সমৱেত কৰিবলৈ শেষলৈকে চেষ্টা চলাই যাম৷ এতিয়াই তেওঁলোকক আমি কোনোধৰণৰ দোষাৰোপ কৰিব বিচৰা নাই৷ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ সৈতে আমাৰ মতপ্রার্থক্য থাকিব পাৰে৷ কিন্তু আমাৰ সকলোৰে শত্রু হৈছে বিজেপি৷ সেয়েহে শত্রুক পৰাজিত কৰিবলৈ সৰু–ডাঙৰ সকলো ৰাজনৈতিক দল একলগ হ’ব লাগিব৷’ ইফালে, কালি কংগ্রেছক এলাগী কৰি মহাজোঁটবন্ধৰ অংশীদাৰী আন দলসমূহ মহানগৰীৰ এখন হোটেলত মিলিত হোৱা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে ৰিপুণ বৰাই৷ কালি অংশীদাৰী দলসমূহে নূ্যনতম সাধাৰণ কার্যসূচী আৰু আটাইকেইটা দলৰ মাজত সমন্বয়ৰক্ষী সমিতি গঠন নকৰা বাবে অসন্তুষ্টি প্রকাশ কৰিছিল৷ আজি এই সন্দর্ভত বৰাই কয় যে অংশীদাৰী দলসমূহৰ নিজাকৈ বৈঠক অনুষ্ঠিত কৰাৰ অধিকাৰ আছে৷ সকলো বৈঠকত কংগ্রেছক চামিল কৰিব লাগিব বুলি কোনো কথা নাই৷ আনহাতে, সমন্বয়ৰক্ষী সমিতি গঠন সন্দর্ভত মহাজোঁটৰ অংশীদাৰী দলসমূহক সন্তুষ্ট কৰিবলৈ প্রদেশ কংগ্রেছৰ সভাপতিজনে কয় যে এয়া হ’ল আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা সমন্বয়ৰক্ষী সমিতিহে৷ ইয়াৰ বিপৰীতে সকলো দলৰ পৰা কমিটীলৈ দুজনকৈ প্রতিনিধি নির্বাচন কৰাৰ কাম সম্পন্ন হৈছে৷ একে সময়তে প্রয়াত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ পুত্র গৌৰৱ গগৈ অসমত মুখ্যমন্ত্রীৰ প্রার্থী হ’ব নেকি বুলি সোধা প্রশ্ণৰ উত্তৰত তেওঁ কয়– ‘এই সন্দর্ভত এ আই চি চিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙে স্পষ্ট কৰিছে৷ নির্বাচনৰ পূর্বে মুখ্যমন্ত্রীৰ পদৰ প্রার্থী ঘোষণা কৰাটো কংগ্রেছৰ পৰম্পৰা নহয়৷ কেৱল অসমতেই নহয়, কোনো ৰাজ্যতে নির্বাচনৰ পূর্বে মুখ্যমন্ত্রীৰ প্রার্থী কেতিয়াও ঘোষণা কৰা নহয়৷’
প্রধানমন্ত্রীলৈ প্রশ্ণবাণ ৰিপুণ বৰাৰ
অহা ৭ ফেব্রুৱাৰীত ঢ়েকীয়াজুলিৰ এখন চৰকাৰী সভাত অংশগ্রহণ কৰিবলগীয়া দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ এইবাৰ প্রশ্ণবাণ নিক্ষেপ কৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই৷ বিগত সময়ছোৱাত কেন্দ্র আৰু ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰখনে তেওঁলোকে প্রদান কৰা প্রতিশ্রুতি পালন কৰাত ব্যর্থ হোৱা বুলি অভিযোগ উত্থাপন কৰিছে বৰাই৷ সংবাদ মেলত প্রদেশ কংগ্রেছৰ সভাপতিজনে কয়– ‘২০১৪ চনত লোকসভা নির্বাচনৰ প্রচাৰলৈ আহি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰিছিল যে উক্ত বর্ষৰ ১৬ মে’ৰ পাছত অসমৰ পৰা সকলো বাংলাদেশীয়ে টালি–টোপালা বান্ধিব লাগিব৷ বিগত ৬ বছৰীয়া শাসনকালত মোদীয়ে কিমানজন অবৈধ বিদেশী বিতাড়ন কৰিলে তাৰ উত্তৰ দিয়ক৷ বিদেশী বিতাড়নৰ আশ্বাস দি নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে কেন্দ্রীয় চৰকাৰে বিদেশীক অসমলৈ আহিবলৈ ৰঙা দলিচা পাৰি দিলে৷ ২০১৬ চনৰ বিধানসভা নির্বাচনত বিজেপিয়ে ভিজন ডকুমেণ্টত কৈছে যে অসম চুক্তি তেওঁলোকে আখৰে আখৰে পালন কৰিব৷ কিন্তু নাগৰিকত্ব সংশোধনী আইনেৰে অসম চুক্তি ভংগহে কৰিলে৷ সেয়েহে আমি প্রত্যাহ্বান জনাইছোঁ কিদৰে বিজেপি চৰকাৰে অসম চুক্তি ৰূপায়ণ কৰিলে, তাৰ উত্তৰ ঢ়েকীয়াজুলিৰ সভাতেই দিয়ক প্রধানমন্ত্রী মোদীয়ে৷ কেন্দ্রত চৰকাৰ গঠন হ’লে ১০০ দিনৰ ভিতৰতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ’ব বুলি বিজেপিয়ে আশ্বাস দিছিল৷ কিন্তু আজি পর্যন্ত ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মর্যাদা প্রদান কৰা নহ’ল৷ ২০১৪ চনৰ লোকসভা নির্বাচনৰ প্রাক্ক্ষণত বছৰি দুই কোটি যুৱক–যুৱতীক চাকৰি দিম বুলি আশ্বাস দিছিল বিজেপিয়ে৷ এতিয়া কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কার্যকালত কিমান যুৱক–যুৱতীক চাকৰি প্রদান কৰিলে, তাৰ উত্তৰো ঢ়েকীয়াজুলিৰ সভাত দিবলৈ আমি প্রধানমন্ত্রী নৰেন্দ্র মোদীক আহ্বান জনাইছোঁ৷’ ইপিনে, অসমৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তন আৰু চাহ শ্রমিকক দৈনিক ৩৫১ টকা মজুৰি প্রদানত ব্যর্থতা সন্দর্ভতো উত্তৰ দিবলৈ প্রধানমন্ত্রীক প্রত্যাহ্বান জনাইছে ৰিপুণ বৰাই৷ উল্লেখ্য যে পেট্র’ল–ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ প্রতিবাদত আজি ৰাজ্যজুৰি বিক্ষোভ প্রদর্শন কৰিব অসম প্রদেশ কংগ্রেছ কমিটীয়ে৷ সংবাদ মেলত বৰাই প্রকাশ কৰা অনুসৰি আজি ৰাজ্যৰ প্রতিটো পেট্র’ল ডিপোত ১০–১২জনীয়া কংগ্রেছ কর্মীৰ দলে ৩ ঘণ্টীয়া ধর্মঘট কার্যসূচী ৰূপায়ণ কৰিব৷ সমান্তৰালভাৱে অহা ৯ ফেব্রুৱাৰীত চাহ শ্রমিকক ৩৫১ টকা মজুৰি প্রদানৰ দাবীৰে জিলা সদৰসমূহৰ শ্রম আয়ুক্তৰ কার্যালয়ত প্রতিবাদ সাব্যস্ত কৰিব কংগ্রেছে৷