বিপদত ভাৰত, ইংলেণ্ডৰ আধিপত্য
নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ ঋষভ পণ্ট আৰু শ্বেটেশ্বৰ পূজাৰাৰ দর্শনীয় বেটিং সত্ত্বেও প্রথম টেষ্টত বিপদৰ সন্মুখীন হৈছে হৈছে টীম ইণ্ডিয়া৷ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত চলি থকা মেচখনৰ আজি তৃতীয় দিনা ইংলেণ্ডৰ ৫৭৮ ৰানৰ প্রত্যুত্তৰত ঘৰুৱা দলটোৱে ২৫৭ ৰানৰ ভিতৰতে ছটাকৈ উইকেট হেৰুৱাইছে৷ দিনান্তত অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰে ৩৩ আৰু ৰবিচন্দ্রন অশ্বিনে ৮ ৰানত বেটিং কৰি আছে৷ দুয়োজনে সপ্তম উইকেটত এতিয়ালৈকে ৩২ ৰান যোগ দি ভাৰতৰ আশা জীয়াই ৰাখিছে৷ ইয়াৰ পূর্বে টীম ইণ্ডিয়াৰ প্রাৰম্ভিক বেটিং বিপর্যয় ৰোধ কৰি তাৰকা উইকেটৰক্ষক বেটছমেন ঋষভ পণ্ট আৰু অভিজ্ঞ বেটছমেন পূজাৰাই সুন্দৰ বেটিঙেৰে ভাৰতৰ ইনিংছ গঢ়াৰ দায়িত্ব লয়৷ দুয়োজনে পঞ্চম উইকেটত মূল্যৱান ১১৮ ৰান যোগ দিয়ে৷ পূজাৰাই ১৪৩টা বলৰ সন্মুখীন হৈ ১১টা বাউণ্ডেৰীৰে ৭৩ ৰানৰ দায়িত্বপূর্ণ ইনিংছ খেলে৷ পণ্টে ইংৰাজ বাহিনীৰ বলিং আক্রমণক সাহসেৰে মোকাবিলা কৰি মাত্র ৮৮ বলত ৯১ ৰানৰ এক আকর্ষণীয় ইনিংছ খেলে৷ বাঁওহতীয়া বেটছমেনগৰাকীয়ে ৯টা বাউণ্ডেৰী আৰু ৫টা ছিক্সাৰৰ সহায়ত ইনিংছটো সজায়৷ পণ্ট আৰু পূজাৰাই ভাৰতক বৃহৎ স্ক’ৰৰ দিশে আগুৱাই নিয়াৰ চেষ্টা চলাইছিল যদিও কম সময়ৰ ভিতৰতে দুয়োগৰাকী বেটছমেনৰ উইকেট হেৰুৱাই ঘৰুৱা দলটো পুনৰ বিপর্যয়ৰ সন্মুখীন হয়৷ ইয়াৰ পূর্বে অ’পেনাৰ ৰোহিত শর্মা আৰু শুভমন গিলে আজি টীম ইণ্ডিয়াক সুন্দৰ আৰম্ভণি দিয়াত ব্যর্থ হয়৷ ৰোহিত ৬, শুভমনে ২৯ ৰানত বিদায় মাগে৷ অধিনায়ক বিৰাট কোহলি আৰু সহঃ অধিনায়ক আজিংক্য ৰাহানে অধিক সময় ক্রিজত থাকিব নোৱাৰিলে৷ কোহলিয়ে ১১ আৰু ৰাহানেই মাত্র ১ ৰানত আউট হয়৷ ইংলেণ্ডৰ হৈ উদীয়ামান স্পিনাৰ ড’ম বেছে ৪টা আৰু তাৰকা বেগী বলাৰ জ’ফ্রা আর্চাৰে ২টা উইকেট পায়৷ এেই মুহূর্তত ভাৰত ৩২১ ৰানত পিছ পৰি আছে৷ ইয়াৰ পূর্বে কালিৰ ৫৫৫/৮ৰ পৰা খেলিবলৈ আৰম্ভ কৰি ইংলেণ্ডে আজি ৫৭৮ ৰানত প্রথম ইনিংছ সামৰে৷ ভাৰতৰ হৈ বুমৰাহ আৰু অশ্বিনে তিনিটাকৈ আৰু ঈশান্ত আৰু নাদিমে দুটাকৈ উইকেট লয়৷