অবিশ্বাস্য! শাড়ি আৰু ধুতি পিন্ধি বৰফত স্কেটিং কৰিলে দম্পতিয়ে… চাওক ভিডিঅ’
নিয়মীয়া বার্তা, ৮ ফেব্রুৱাৰীঃ এই বতৰ প্ৰেমৰ! ভালপোৱা সপ্তাহৰ! ফেব্রুৱাৰীৰ দ্বিতীয় সপ্তাহ মানেই যেন প্রেমৰ সপ্তাহ। এই বিশেষ সপ্তাহটো অধিক মধুৰ কৰি তুলিবলৈ কিছু ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিলে এনআৰআই দম্পতি দিব্যা আৰু মধুৱে ।
মিনিছোটা হৈছে আমেৰিকাৰ আটাইতকৈ জনপ্ৰিয় স্কেটিং গন্তব্যস্থান। সেই ঠাইতে দুয়োজনে একেলগে স্কেটিং কৰে। কিন্তু এই কথা চৰ্চালৈ অহাৰ কাৰণ হৈছে আন এটা বিষয়হে। সেয়া হৈছে তেওঁলোকে পৰিহিত পোছাক। তেওঁলোকৰ স্কেটিংৰ পৰিকল্পনা যথেষ্ট অভিনৱ। কিয়নো তেওঁলোকে বিশুদ্ধ ভাৰতীয় পোছাকত স্কেটিং কৰিছিল।
দিব্যাই এখন শাড়ি পিন্ধাৰ বিপৰীতে দক্ষিণৰ শৈলীত ধুতি পিন্ধি স্কেটিং কৰে। যিটো আছিল অসাধাৰণ। কিয়নো তেনে পোছাকৰে সৈতে স্কেটিং কেতিয়াও সহজ কাম নহয়। কিন্তু দিব্যা আৰু মধুৱে এইটো অতি সহজে কৰিছিল।
ইপিনে তেওঁলোকৰ এই স্কেটিঙৰ ভিডিঅ’ কিছু সময়ৰ ভিতৰতে ছ’ চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।
View this post on Instagram