নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মুৰ সীমান্তত পাক অনুপ্রৱেশকাৰীক হত্যা বিএছএফৰ

নিয়মীয়া বাৰ্তা ৯ ফেব্ৰুৱাৰীঃ জম্মুৰ ভাৰত–পাক আন্তর্জাতিক সীমান্তত আজি পাকিস্তানী অনুপ্রৱেশকাৰীক গুলীয়াই হত্যা কৰে বি এছ এফে৷ চৰকাৰী সূত্রত প্রকাশ কৰা মতে জম্মুৰ চাম্বা ছেক্টৰৰ ছাক ফ’কিৰা সীমান্ত নিৰীক্ষণ চকীৰ সমীপত এজন পাকিস্তানী অনুপ্রৱেশকাৰীয়ে পুৱা ৯.৪৫ বজাত ভাৰতীয় ভূমিত প্রৱেশৰ অপচেষ্টা চলাওঁতে বি এছ এফে গুলীয়াই হত্যা কৰিবলৈ সক্ষম হয়৷ সীমান্তত পহৰাৰত বি এছ এফে পাকিস্তানী অনুপ্রৱেশকাৰীজনক আগুৱাই নাহিবলৈ বাৰম্বাৰ সকীয়নি দিয়াৰ পিছতো ভাৰতীয় ভূমিলৈ আগবাঢ়োঁতেই বি এছ এফে গুলীয়াবলৈ ধৰে ইয়াৰ ফলত ঘটনাস্থলীতে পাকিস্তানী লোকজন নিহত হয়৷

উল্লেখ্য যে উক্ত স্থানতেই ২০২০ চনৰ নৱেম্বৰত এজন পাকিস্তানী অনুপ্রৱেশকাৰীক গুলীয়াই হত্যা কৰিছিল বি এছ এফে৷ উক্ত স্থানতেই শেহতীয়াভাৱে এটা গুহা চিনাক্ত কৰিছিল বি এছ এফে৷

You might also like