বাংলাদেশত ক’ভিশ্বিল্ড প্রদান অভিযান আৰম্ভ
নিয়মীয়া বাৰ্তা ৯ ফেব্ৰুৱাৰীঃ ভাৰতে প্রেৰণ কৰা অস্ত্রজেনেকা–ক্সফ’ড বিশ্ববিদ্যালয়ৰ বিকশিত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই প্রস্তুত কৰা ক’ভিড–১৯ ভেকচিন ক’ভিশ্বিল্ড প্রদান অভিযান আৰম্ভ বাংলাদেশত৷ দেশজুৰি ক’ভিড–১৯ গণ টিকাকৰণ আৰম্ভ হোৱা বাংলাদেশত প্রথম মাহত ৩.৫ নিযুত লোকক ক’ভিশ্বিল্ড প্রদানৰ লক্ষ্য লোৱা হৈছে৷
উল্লেখ্য যে প্রথম মাহত বাংলাদেশ চৰকাৰে ৬ নিযুত লোকক এই ভেকচিন প্রদানৰ লক্ষ্য লৈছিল যদিও ৩.২৮ লাখ লোকেহে ভেকচিনৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিছে৷ দেশখনত প্রদান কৰিবলগীয়া ৩০ নিযুত ভেকচিন ড’জৰ ভিতৰত ভাৰতৰ ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ পৰা ৫ নিযুত ভেকচিনৰ ড’জ ল’ব৷ আনপিনে ২ নিযুত ড’জ ভাৰতৰ পৰা উপহাৰ হিচাপে লাভ কৰিছে বাংলাদেশে৷