আজিৰে পৰা ভাৰত–ইংলেণ্ডৰ দ্বিতীয় টেষ্ট
নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ প্রথম টেষ্টত বিধ্বস্ত হৈ তীব্র চাপৰ সন্মুখীন হোৱা টীম ইণ্ডিয়াই শক্তিশালী প্রত্যাৱর্তনৰ লক্ষ্যৰে আজিৰ পৰা দ্বিতীয় টেষ্টত খেলপথাৰত নামিব৷ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনত ঘৰুৱা দলটোৱে কিছু সালসলনিৰে খেলপথাৰত নামিবলৈ সাজু হৈছে৷ এই অনুসৰি প্রথম টেষ্টত সম্পূর্ণৰূপে ব্যর্থ হোৱা অফ স্পীনাৰ শ্বাহবাজ নদিমৰ স্থানত উদীয়মান বাঁওহতীয়া অফ স্পীনাৰ অক্ষৰ পেটেলে সুযোগ পোৱাটো নিশ্চিত৷ আঘাতৰ পৰা তেওঁ সম্পূর্ণৰূপে সুস্থ হৈ উঠা বুলি সহঃ অধিনায়ক আজিংক্য ৰাহানেই প্রকাশ কৰিছে৷
মেচখনৰ পৰা প্রতিভাৱান অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰো বাদ পৰাৰ সম্ভাৱনা আছে৷ বেটিঙত তেওঁ দর্শনীয় প্রদর্শনেৰে দললৈ মূল্যৱান অৱদান আগবঢ়াইছে যদিও বলিঙত ৰবিচন্দ্রন অশ্বিনক যোগ্য সহযোগিতা আগবঢ়াব পৰা নাই৷ সেয়ে টীম ইণ্ডিয়াই আজি কুলদীপ যাদৱৰ ৰূপত এগৰাকী বিশেষজ্ঞ স্পীনাৰক লৈ খেলপথাৰত নমাৰ ৰণনীতি তৈয়াৰ কৰিছে৷
অৱশ্যে বেটিং বিভাগৰ শক্তি বৃদ্ধি কৰিবলৈ শেষ মুহূর্তত ঘৰুৱা দলটোৱে সুন্দৰৰ স্থানত তাৰকা অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াক অন্তর্ভুক্ত কৰাৰো সম্ভাৱনা নথকা নহয়৷ হার্দিকক দলৰ সৈতে দীর্ঘ সময় ধৰি অনুশীলন চলোৱা দেখা যায়৷ অ’পেনাৰ ৰোহিত শর্মাই শেহতীয়া তিনিখন টেষ্টত দীঘলীয়া ইনিংছ খেলিব নোৱাৰাত কিছু সমালোচনাৰ সন্মুখীন হৈছে যদিও তেওঁৰ ওপৰত আস্থা অটুট ৰাখিছে ভাৰতীয় দলীয় মেনেজমেণ্টে৷ সহঃ অধিনায়ক ৰাহানেই আজি সংবাদ মেলত কয় যে ৰোহিত টীম ইণ্ডিয়াৰ এগৰাকী গুৰুত্বপূর্ণ সদস্য আৰু ৫–৬টা ইনিংছৰ ভিত্তিত তেওঁক সমালোচনা কৰাটো উচিত নহয়৷
ইফালে, প্রথম টেষ্টত বৃহৎ জয়েৰে আত্মবিশ্বাসী হৈ থকা ইংলেণ্ড দলত চাৰিজনকৈ খেলুৱৈৰ সালসলনি ঘটিছে৷ আজি ঘোষণা কৰা ১২জনীয়া দলটোৰ পৰা জেমছ এণ্ডাৰছন, জ’ফ্রা আর্চাৰ, জ’ছ বাটলাৰ আৰু ডম বেচ বাহিৰ হৈছে৷ এণ্ডাৰছন আৰু বাটলাৰক ৰটেশ্বন পলিচীৰ আধাৰত দলৰ বাহিৰত ৰখা হৈছে৷
ইফালে, আর্চাৰ আৰু ডম বেচ আঘাতৰ বাবে দ্বিতীয় টেষ্টৰ পৰা বাহিৰ হৈছে৷ তেওঁলোকৰ স্থানত দললৈ আহিছে ষ্টুৱার্ট ব্রড, ক্রিছ ৱ’কছ, মঈন আলী, অ’লি ষ্ট’ন আৰু বেন ফ’কছ৷ বাটলাৰৰ সলনি নৱাগত ফ’কছে আজি ইংলেণ্ডৰ উইকেটৰক্ষকৰ ভূমিকা পালন কৰিব৷ জ’ফ্রা আর্চাৰৰ স্থানত ক্রিছ ৱ’কছ অথবা অ’লি ষ্ট’নৰ যিকোনো এজনে সুযোগ পাব৷ এণ্ডাৰছনৰ সলনি ষ্টুৱার্ট ব্রড আৰু ডম বেচৰ সলনি মঈন আলী দলভুক্ত হোৱাৰ সম্ভাৱনা আছে৷