শিৱসাগৰৰ পৰা আজি ৰাহুল গান্ধীয়ে বজাব নির্বাচনী ৰণশিঙা
নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ আজি শিৱসাগৰলৈ আহিব কংগ্রেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধী৷ উজনিৰ ৩৯টা সমষ্টিৰ ভিতৰত অধিকাংশ সমষ্টি জয় কৰাৰ লক্ষ্যৰে শিৱসাগৰত ৰাহুল গান্ধীৰ এখন নির্বাচনী জনসভাৰ বিশাল আয়োজন কৰিছে প্রদেশ কংগ্রেছে৷ ৰাহুল গান্ধীৰ আগমনক লৈ তৎপৰ হৈ পৰিছে প্রদেশ কংগ্রেছৰ লগতে উজনিৰ কংগ্রেছ কম্সকল৷ ৰাহুল গান্ধীয়ে শিৱসাগৰ নগৰৰ ব’র্ডিং খেলপথাৰত প্রদেশ কংগ্রেছে আয়োজন কৰা প্রথমখন নির্বাচনী সভাত অংশগ্রহণ কৰিব৷ দিনৰ ১১ বজাত হেলিকপ্ঢাৰযোগে শিৱসাগৰত অৱতৰণ কৰি ব’র্ডিং খেলপথাৰৰ পৰাই নির্বাচনী ৰণশিঙা বজাব ৰাহুল গান্ধীয়ে৷
ৰাহুল গান্ধীক শিৱসাগৰলৈ আদৰিবৰ বাবে ইতিমধ্যে শিৱসাগৰ জিলা কংগ্রেছে নগৰখনক আটকধুনীয়াকৈ দলীয় পতাকাৰে সজাই তুলিছে৷ নগৰখনৰ প্রৱেশদ্বাৰসমূহত ৰাহুল গান্ধীক আদৰিবৰ বাবে তোৰণ নির্মাণ কৰাৰ লগতে তেওঁৰ বিভিন্ন ভংগিৰ প্রতিচ্ছবিসমূহ নগৰখনত আঁৰি দিয়া হৈছে৷ দিন–ৰাতি একাকাৰ কৰি কংগ্রেছ কম্সকলে ৰাহুল গান্ধীৰ সভাখনক সফল কৰি তুলিবলৈ ব্যাপক প্রচেষ্টা হাতত লৈছে৷ বিগত তিনি দিন ধৰি প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিং, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, দেৱব্রত শইকীয়া, ৰকিবুল হুছেইন, গৌৰৱ গগৈ, প্রদ্যুৎ বৰদলৈ আদিয়ে শিৱসাগৰত বাহৰ পাতি আছে৷ ইয়াৰ মাজতে শাসক দল বিজেপিক আক্রমণ কৰিবলৈ এৰি দিয়া নাই প্রদেশ কংগ্রেছৰ নেতৃত্বই৷
প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই সংবাদ মাধ্যমৰ আগত বিজেপিক উভতি ধৰি কয়– ৰাহুল গান্ধীৰ সভাখনত কিমান মানুহ হ’ব, সেই বিষয়ে কংগ্রেছে চিন্তা কৰিব৷ তাক লৈ বিজেপিয়ে চিন্তা কৰাৰ অলপো প্রয়োজন নাই৷ কংগ্রেছৰ সভালৈ জনসাধাৰণ ইচ্ছাকৃতভাৱে আহিব৷ ৰাহুল গান্ধীৰ সভাখনত আমি ভবাতকৈ অধিক লোকৰ সমাগম ঘটিব বুলি তেওঁ দাবী কৰে৷ উল্লেখ্য যে উজনি অসমৰ ৩৯টা বিধানসভা সমষ্টিয়ে একপ্রকাৰে দিছপুৰ দখল কৰাৰ পথ প্রশস্ত কৰিব যিকোনো এটা ৰাজনৈতিক দলৰ বাবে৷ বিজেপিৰ মিছন ১০০ প্লাছত উজনিৰ ৩৯টা সমষ্টিক টার্গেট কৰা হৈছে৷ যিহেতু উজনিৰ অধিকাংশ আসন বর্তমান বিজেপিৰ দখলত আছে৷ ইয়াৰ বিপৰীতে কংগ্রেছে এই সমষ্টিসমূহক কংগ্রেছৰ অধীনলৈ আনি দিছপুৰ দখল কৰাৰ অভিযানত নামি পৰিছে৷