সভ্যতাৰ সংকট
চীনৰ ৱুহানত প্রাদুর্ভাৱ ঘটা ন’ভেল ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯ৰ বিভীষিকা এতিয়াও মাৰ যোৱা নাই৷ বর্তমানপর্যন্ত সমগ্র বিশ্বত ১০,৯১,৫৬,০২০জন লোক মাৰাত্মক ভাইৰাছত আক্রান্ত হোৱাৰ বিপৰীতে প্রাণহানি ঘটিছে ২৪,০৬,৫৭১জনৰ৷ সংক্রমণৰ ক্ষেত্রত পূর্বৰ দৰে পৰিস্থিতি এতিয়া নাই যদিও ভাৰততো ক’ৰোনা পজিটিভৰ সংখ্যা বৃদ্ধি পাই আছে৷ দেওবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে সদৰী কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিড–১৯ত আক্রান্ত হৈছে ১২,১৯৪জন লোক৷ ইয়াৰ লগে লগে সামগ্রিকভাৱে ভাৰতত ক’ৰোনাত আক্রান্তৰ সংখ্যা ১,০৯,০৪,৯৪০জন লোকলৈ বৃদ্ধি পালে৷ ক’ৰোনা ভাইৰাছে যে অকল মানৱ জাতিৰ স্বাস্থ্যৰ প্রতিয়ে ভাবুকিৰ সৃষ্টি কৰিছে, সেয়া নতুনকৈ উল্লেখ কৰাৰ প্রয়োজন নাই৷ যোৱা বছৰটোত অতিমাৰীৰ সংক্রমণ প্রতিৰোধকল্পে দেশে দেশে বলৱৎ কৰা দীর্ঘদিনীয়া লকডাউনৰ ফলত বিশ্ব অর্থনীতি সম্পূর্ণৰূপে বিধ্বস্ত হৈ পৰিছে৷অর্থনীতিবিদসকলে কৰা ভৱিষ্যদ্বাণী অনুসৰি বিশ্ব অর্থনীতিত ক’ৰোনা ভাইৰাছৰ প্রকোপ দীর্ঘদিনীয়া হ’ব৷ ইয়াৰ পাছতো কিন্তু শিক্ষা লোৱা নাই চীনে৷ ক’ৰোনা ভাইৰাছৰ উৎস বিচাৰি শেহতীয়াকৈ চীনত উপস্থিত হৈছিল বিশ্ব স্বাস্থ্য সংস্থাৰ এটা প্রতিনিধি দল৷ কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ এই প্রতিনিধি দলটোক ক’ৰোনা ভাইৰাছ সংক্রান্তীয় তথ্য দিয়াৰ পৰা বিৰত থাকিল চীন৷ এই কথা সংবাদ মাধ্যমৰ আগত দাবী কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ প্রতিনিধি দলটোৰ অন্যতম সদস্য তথা সংক্রমক ৰূপ বিশেষজ্ঞ ডমিনিক ডায়াৰে৷ তেওঁ প্রকাশ কৰা অনুসৰি যিকোনো মহামাৰী বা অতিমাৰীৰ উৎসৰ সন্ধান উলিওয়াৰ ক্ষেত্রত আৰম্ভণিৰ তথ্য অতি গুৰুত্বপূর্ণ৷ কিন্তু ইয়াৰ পাছতো চীনে বিষয়টোক লৈ প্রদর্শন কৰা দায়িত্বজ্ঞানহীন মনোভাব অতি ৰহস্যজনক ৰূপে চিহ্ণিত হৈছে৷ মাৰাত্মক ভাইৰাছক লৈ দেশখনৰ এনে স্থিতিৰ মাজতে চীনৰ কাৰণেই বিশ্ব আন এক সংকটৰ সন্মুখীন হোৱা আশংকা কৰা হৈছে৷ সম্ভাব্য এই বিপদ কোনো নতুন ভাইৰাছৰ সংক্রমণ বা ৰোগ নহয়৷
আন্তর্জাতিক বিজ্ঞান গৱেষণা পত্রিকা ‘নেচাৰ’ত শেহতীয়াকৈ প্রকাশিত এখন গৱেষণা–পত্রত উল্লেখ কৰা অনুসৰি পৃথিৱীৰ বায়ুমণ্ডলৰ অ’জন স্তৰ বা অ’জনোস্ফেয়াৰত পুনৰ ডাঙৰ ডাঙৰ ফাট মেলাৰ আশংকাৰ সৃষ্টি হৈছে৷ অ’জন স্তৰত ফাট মেলাৰ মূল কাৰণ হৈছে বায়ুমণ্ডলত ক্ল’ৰোফ্লুৰোকার্বন গ্রুপ (চি এফ চি)ত থকা ৰাসায়নিক পদার্থসমূহৰ নির্গমন৷ গৱেষণা–পত্রখনত কোৱা হৈছে যে আন্তর্জাতিক বাধা–নিষেধ অগ্রাহ্য কৰি পূব চীনত ক্ল’ৰোফ্লুৰোকার্বন গ্রুপ (চি এফ চি)ত থকা ৰাসায়নিক পদার্থসমূহৰ ব্যাপক হাৰত উৎপাদন অব্যাহত আছে৷ ন’ভেল ক’ৰোনা ভাইৰাছৰ পাছত সভ্যতাক এনেদৰে চীনে সংকটৰ মাজলৈ ঠেলি দিয়া কার্য ধৰা পৰিছে জাপান আৰু দক্ষিণ কোৰিয়াত সংস্থাপন কৰা দুটা এয়াৰ মনিটৰিং ষ্টেচনত৷ এই কথা সর্বজনবিদিত যে অ’জন স্তৰত মেলা ফাটেৰে সূর্যৰ অতি বেঙুনীয়া ৰশ্মি পৃথিৱীত পৰে৷ সূর্যৰ এই অতি বেঙুনীয়া ৰশ্মি প্রাণী আৰু উদ্ভিদ জগতৰ বাবে অত্যন্ত ক্ষতিকাৰক৷ বিশেষকৈ মানুহৰ ছালৰ কর্কট ৰোগৰ মূল কাৰণ হৈছে সূর্যৰ অতি বেঙুনীয়া ৰশ্মি৷ এই কথা নিশ্চিতভাৱে চীনৰ দৰে ৰাষ্ট্র এখনে নজনা নহয়৷ তাৰ পাছতো আন্তর্জাতিক বাধা–নিষেধ অগ্রাহ্য কৰি দেশখনত ক্ল’ৰোফ্লুৰোকার্বন গ্রুপ (চি এফ চি)ত থকা বিভিন্ন ৰাসায়নিক পদার্থৰ উৎপাদনৰ অনুমতি দিয়াটো বেইজিং প্রশাসনৰ আন এক দায়িত্বজ্ঞানহীনতা ৰূপে বিবেচিত হৈছে৷ চীনৰ এনে অবিবেচকী কার্য বন্ধ কৰিবলৈ ৰাষ্ট্রসংঘ আৰু জলবায়ু ৰক্ষা সংক্রান্তীয় আন্তর্জাতিক সংস্থাসমূহে তাৎক্ষণিকভাৱে পদক্ষেপ গ্রহণ কৰিব লাগিব৷ ইয়াৰ অন্যথা চীনৰ কাৰণেই সভ্যতাই সন্মুখীন হ’ব লাগিব এক ভয়াৱহ সংকটৰ৷