নিয়মীয়া বাৰ্তা ১৬ ফেব্ৰুৱাৰীঃ ভেলেণ্টাইন ডে’ৰ দিনা বিবাহপাশত আবদ্ধ হ’ল ছত্তিশগড়ত ১৫ প্রাক্তন মাওবাদী বিদ্রোহী দম্পতী৷ যোৱা বছৰ এই বিদ্রোহী মাওবাদীসকলে আত্মসমর্পন কৰিছিল৷ কালি দান্তেৱালা আৰক্ষীয়ে এই ১৫ দম্পতীৰ আনুষ্ঠানিকভাৱে বিবাহ সম্পন্ন কৰাই দিয়ে৷ সমূহীয়া এক বিবাহ অনুষ্ঠানত বিদ্রোহীসকলে এনেদৰে যুগ্ম জীৱনৰ পাতনি মেলা ঘটনাক লৈ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷ এই মাওবাদী বিদ্রোহীসকলৰ মাজত আছে কেবাজনো প্রাক্তন কমাণ্ডাৰো৷ বিভিন্ন সময়ত এই বিদ্রোহীসকলৰ মূৰৰ মূল্য আৰক্ষীয়ে ৫০ হাজাৰৰ পৰা ৫ লাখ পর্যন্ত ঘোষণা কৰিছিল৷ শেহতীয়াকৈ ছত্তিশগড়ত আৰক্ষী প্রশাসনে মাওবাদী বিদ্রোহীক মূল সুঁতিলৈ ওভতাই অনাৰ বাবে বিভিন্ন অভিলাষী আঁচনি গ্রহণ কৰিছে৷ ফলত বহু বিদ্রোহীয়ে অৰণ্যৰ পৰা মূল সুঁতি অভিমুখে যাত্রা কৰিবলৈ ইচ্ছা প্রকাশ কৰিছে৷