নিয়মীয়া বাৰ্তা ১৬ ফেব্ৰুৱাৰীঃ মহাৰাষ্ট্রৰ জালগাঁৱত পুৱাৰ ভাগত সংঘটিত এক শোকাৱহ পথ দুর্ঘটনাত ১৬জন শ্রমিক নিহত হৈছে৷ শ্রমিকসকলক কঢ়িয়াই নিয়া ট্রাক এখন পথৰ সমীপৰ খাল এটাত বাগৰি পৰাৰ ফলত ঘটনাস্থলীতে কেবাজনো শ্রমিকে প্রাণ হেৰুৱায়৷ এই দুর্ঘটনাৰ পাছতে দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে গভীৰ শোক প্রকাশ কৰিছে৷ জালগাঁও জিলাৰ কিনগাঁও নামৰ গাঁওখনৰ এটা মন্দিৰৰ সমীপত সংঘটিত হৈছে এই দুর্ঘটনা৷ পুৱতি নিশা সংঘটিত দুর্ঘটনাৰ খবৰ স্থানীয় জনসাধাৰণে পুৱাৰ ভাগতহে লাভ কৰে৷ লক্ষণীয়ভাৱে কেবাজনো শ্রমিকৰ জীৱন স্থানীয় গঞাই ৰক্ষা কৰিবলৈ সক্ষম হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই দুর্ঘটনাত প্রাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ উপৰি প্রতিজন নিহত লোকৰ পৰিয়াললৈ এককালীন সাহায্য হিচাপে ২ লাখকৈ টকা প্রদান ন্সখৰা হ’ব বুলি ঘোষণা কৰিছে৷ ইফালে প্রধানমন্ত্রী ৰাষ্ট্রীয় সাহায্য পুঁজিৰ পৰা গুৰুতৰভাৱে আহত লোকসকলক চিকিৎসাৰ বাবে ৫০ হাজাৰকৈ টকা প্রেৰণ কৰিব বুলিও প্রধানমন্ত্রীৰ কার্যালয়ে টুইটাৰযোগে ঘোষণা কৰিছে৷