দিছপুৰত ইৰাণী গ্রুপৰ দুই সদস্য গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা ১৬ ফেব্ৰুৱাৰীঃ বহিঃৰাজ্যৰ পৰা গুৱাহাটী মহানগৰীত প্রৱেশ কৰি সাধাৰণ নাগৰিকক লুট কৰাৰ জাল পেলোৱা দুই ইৰাণী গ্রুপৰ সদস্যক আজি দিছপুৰ আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ ধৃত ইৰাণী গ্রুপৰ সদস্য দুটা ক্রমে পশ্চিমবংগৰ শিলিগুৰিৰ পিণ্টু গোৱালা (৩২) আৰু ৰূপচান্দ সিং (৩৬) বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে ধৃত ইৰাণী গ্রুপৰ সদস্য দুটাই আজি শিলিগুৰিৰ পৰা গুৱাহাটীত সাধাৰণ নাগৰিকৰ লগতে বেংকৰ গ্রাহকক লুট কৰাৰ জাল পাতিছে৷ আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি আজি বাইক লৈ ঘূৰি ফুৰা ইৰাণী গ্রুপৰ সদস্য দুটাক খেদি খেদি জু–ৰোডৰ পঞ্জাব নেচনেল বেংকৰ সমীপৰ পৰা গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে ইৰাণী গ্রুপৰ সদস্য দুটাৰ পৰা এখন ভুৱা নম্বৰ প্লেটৰ বাইক আৰু কিছু আপত্তিজনক সামগ্রী জব্দ কৰে৷ ঘটনা সন্দর্ভত দিছপুৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ধৃত দুই ইৰাণী গ্রুপৰ সদস্যক সোধা–পোছা অব্যাহত ৰাখিছে৷ অৱশ্যে এই গ্রুপৰ সৈতে অহা আন দুজনক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই৷