নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰে’লৱেত ৩,০৯৩ চাকৰিৰ বিজ্ঞাপন; ২৭ ফেব্রুৱাৰী আৰু ৫ মার্চৰ ভিতৰত আবেদন আহ্বান

ভাৰত চৰকাৰৰ ৰে’ল মন্ত্রালয়ৰ অধীনত পৰিচালিত ভাৰতীয় ৰে’লৱেৰ চেণ্ট্ৰেল ৰে’লৱে(২,৫৩) আৰু ৱেষ্ট চেণ্ট্ৰেল ৰে’লৱে (৫৬১)ত পূৰণ কৰা হ’বApprenticeৰ ৩,০৯৩ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি চেণ্ট্ৰেল ৰে’লৱেৰ ৰে’লৱে আৰু ৱেষ্ট চেণ্ট্ৰেল ৰে’লৱে ৰিক্রুইটমেণ্ট চেল(Railway Recruitment Cell)ৰ সভাপতি (Chairman)য়ে এক নিয়োগ বিজ্ঞাপন ৰাষ্ট্রীয় সংবাদ পত্রত প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, চেণ্ট্ৰেল ৰে’লৱেত Apprenticeৰ ২,৫৩২ পদ পূৰণ হ’বলগীয়া মণ্ডলসমূহ হৈছে–Mumbai Cluster – Carriage & Wagon (Coaching) Wadi Bunder (258), Mumbai Cluster – Kalyan Diesel Shed (53), Mumbai Cluster- Kurla Diesel Shed (60), Mumbai Cluster – Sr. DEE (TRS) Kalyan (179), Mumbai Cluster – Sr. DEE (TRS) Kurla (192), Mumbai Cluster – Parel Workshop (418), Mumbai Cluster- Matunga Workshop (547), Mumbai Cluster- S & T Workshop-Byculla (60), Bhusawal Cluster- Carriage & Wagon Depot (122), Bhusawal Cluster – Electric Loco Shed (80), Bhusawal Cluster- Electric Locomotive Workshop (118), Bhusawal Cluster- Manmad Workshop (51), Bhusawal Cluster – TMW Nasik Road (49), Pune Cluster – Carriage & Wagon Depot (31), Pune Cluster – Diesel Loco Shed (121), Nagpur Cluster – Electric Loco Shed-Ajni (48), Nagpur Cluster – Carriage & Wagon Depot (66), Solapur Cluster- Carriage & Wagon Depot (58), Solapur Cluster – Kurduwadi Workshop (21)৷ উল্লিখিত পদসমূহ সংশ্লিষ্ট মণ্ডলৰTrades, Fitter, Welder, Carpenter, Painter, Tailor, Electrician, Machinist, Programming & Systems Administration Assistant, Mechanic Diesel, Laboratory Assistant-CP, Turner, Welder-Gas & Electric, Instrument Mechanic, Electronics Mechanic, Sheet Metal Worker, Winder-Armature, Mechanic Machine Tools Maintenance, Tool & Die Maker (Press Tools Jigs & Fixtures), Mechanic-Motor Vehicle, Information Technology & Electronic System Maintenance বিভাগত পূৰণ কৰা হ’ব৷

আনহাতে, ৱেষ্ট চেণ্ট্ৰেল ৰে’লৱেৰApprenticeৰ ৫৬১ পদ পূৰণ হ’বলগীয়া ট্রেডসমূহ হৈছে– Diesel Mechanic (30), Electrician (160), Welder-Gas & Electric (30), Machinist (5), Fitter (140), Turner (5), Wireman (15), Mason (15), Carpenter (15), Painter (10), Gardener (2), Florist & Landscaping (2), Pump Operator-cum-Mechanic (20), Horticulture Assistant (5), Electronic Mechanic (5), Information Communication Technology System Maintenance (5), COPA (50), Stenographer-Hindi (7), Stenographer-English (8), Apprentice Food Production-General (2), Apprentice Food Production-Cooking (5), Hotel Clerk/Receptionist (1), Digital Photography (1), Assistant Front Officer Manager (1), Computer Networking Technician (4), Creche Management Assistant (1), Secretarial Assistant (4), House Keeper (7), Health Sanitary Inspector (2), Dental Laboratory Technician (2)৷

আবেদনকাৰীৰ বয়স ১ জানুৱাৰী, ২০২১লৈ ১৫–২৪ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱা অথবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত উত্তীর্ণ হোৱাৰ লগতেNational Council for Vocational Training/State Council for Vocational Trainingৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰা উল্লিখিত সংশ্লিষ্ট ট্রেডতITIৰ প্রমাণ–পত্রধাৰী হোৱা হ’ব লাগিব৷ চেণ্ট্ৰেল ৰে’লৱে বিভাগৰ প্রার্থীয়ে আবেদন মাচুল হিচাপে ১০০ টকা আৰু ৱেষ্ট চেণ্ট্ৰেল ৰে’লৱে বিভাগৰ সাধাৰণ আৰু অ’বিচি/এম’বিচি শ্রেণীৰ প্রার্থীয়ে ১৭০ টকা পৰিশোধ কৰাৰ বিপৰীতে এছ চি, এছ টি, দিব্যাংগ আৰু মহিলা প্রার্থীয়ে ৭০ টকা অনলাইন মাধ্যমেৰেRailway Recruitment Cellৰ হকে পৰিশোধ কৰিব লাগিব৷

অৱশ্যে এই মাচুল এছ চি, এছ টি, দিব্যাংগ আৰু মহিলা প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটwww.rrccr.com & https://iforms.mponline.gov.in/ & https://www.rrccr.com/TradeApp/Registration/Index & https://www.rrccr.com/Tradeapp/Login লগ–ইন কৰিব পাৰিব৷ চেণ্ট্ৰেল ৰে’লৱে বিভাগৰ প্রার্থীৰ আবেদন দাখিলৰ অন্তিম তাৰিখ ৫ মার্চ, ২০২১ আৰু ৱেষ্ট চেণ্ট্ৰেল ৰে’লৱে বিভাগৰ প্রার্থীৰ আবেদনৰ অন্তিম তাৰিখ ২৭ ফেব্রুৱাৰী, ২০২১৷

You might also like