নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ প্রতিটো ফেচবুক পোষ্টৰ তলত সঘনাই দেখা যায় এটা দাবী– এ পি ডি চি এলৰ পৰীক্ষাৰ ফলাফল সোনকালে ঘোষণা কৰক৷ বিগত দুবছৰ ধৰি ৰাজ্যখনৰ প্রায় ২.৫০ লাখ নিবনুৱাই একেটাই দাবী উত্থাপন কৰি আহিছে৷ কিন্তু সুপ্রশাসনৰ শ্লোগান দিয়া বিজেপি মিত্রজোঁট চৰকাৰে নিবনুৱাসকলৰ কাতৰ আহ্বানৰ প্রতি তিলমানো কাণসাৰ দিয়া নাই৷ যোৱা প্রায় দুবছৰ ধৰি নিবনুৱাৰ ভৱিষ্যতৰ লগত এইদৰে নির্মম হেতালি খেলি আহিছে অসম চৰকাৰৰ শক্তি বিভাগে৷ ২০১৮ চনতে বিভাগটোৰ অন্তর্গত তিনিওটা শক্তি কোম্পানীত খালী হোৱা ১,৯৫৭টা পদৰ বিপৰীতে নিযুক্তিৰ বিজ্ঞাপন প্রকাশ পাইছিল৷ এই বিজ্ঞাপন অনুসৰি এ পি ডি চি এল, এ পি জি চি এল আৰু এ ই জি চি এলত এছিছটেণ্ট একাউণ্টছ অফিচাৰৰ ৬০টা পদ, অফিচ কাম ফিল্ড এছিছটেণ্টৰ ১,০০০টা পদ, ড্রাইভাৰৰ ২৫টা পদ আৰু সহায়কৰ ৮৭২টা পদৰ বাবে নিবনুৱাসকলৰ পৰা আবেদন বিচৰা হৈছিল৷ ২০১৮ চনৰ ১৮ আগষ্টত আবেদন প্রক্রিয়া আৰম্ভ হয় আৰু ১২ ছেপ্টেম্বৰত সামৰণি পৰে৷ এই সময়ছোৱাৰ ভিতৰত প্রায় ২.৫০ লাখ নিবনুৱাই অনলাইনযোগে আবেদন কৰে৷ ২০১৯ চনৰ ২৮ এপ্রিলত এই বৃহৎসংখ্যক পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হয়৷
কিন্তু আজিলৈ এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নহ’ল৷ লক্ষণীয় কথাটো হ’ল– আৰম্ভণিৰে পৰা এই নিযুক্তি প্রক্রিয়াটো বিতর্কৰ আৱর্ততে আছে৷ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছতে প্রার্থীসকলে ব্যাপক খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে৷ ধাৰাবাহিকভাৱে এই অভিযোগ উত্থাপন হৈ অহাত ৰাজ্য চৰকাৰে ২০২০ চনৰ ২২ জানুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্রাপ্ত ন্যায়াধীশ অণিমা হাজৰিকাক লৈ এখন এজনীয়া তদন্ত আয়োগ গঠন কৰি দিয়ে৷ এই আয়োগেও বাৰম্বাৰ শুনানিৰ দিন পিছুৱাই গৈ দীঘলীয়া সময় অতিবাহিত কৰিলে৷ প্রায় এবছৰ পাছত চলিত বর্ষৰ ৫ জানুৱাৰীত অণিমা হাজৰিকা আয়োগে প্রতিবেদন দাখিল কৰে৷ এই প্রতিবেদনত শক্তি বিভাগৰ নিযুক্তি পৰীক্ষাত কোনো খেলিমেলিৰ প্রমাণ পোৱা নগ’ল বুলি উল্লেখ কৰাৰ লগতে ফলাফল ঘোষণা কৰিবলৈও ক্লীনশ্বীট দিয়ে৷ ইয়াৰ পাছত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালেও ফলাফল ঘোষণাৰ প্রক্রিয়া ত্বৰান্বিত কৰিবলৈ নির্দেশ দিয়ে৷ কিন্তু মুখ্যমন্ত্রীগৰাকীৰ ঘোষণাও এতিয়া অসাৰ প্রতিপন্ন হোৱাৰ উপক্রম হৈছে৷ শক্তি বিভাগৰ পৰীক্ষাত অৱতীর্ণ হোৱা নিবনুৱাসকলে ফলাফললৈ বাট চাই হতাশ হৈ পৰিছে৷ ইপিনে, নির্বাচনী অধিসূচনা প্রকাশৰ দিনো ওচৰ চাপি আহিছে৷ এনে পৰিস্থিতিত উপায়হীন হৈ পৰা নিবনুৱাসকলে মুখ্যমন্ত্রীৰ ছ’চিয়েল মিডিয়াৰ একাউণ্টলৈ গৈ শক্তি বিভাগৰ নিযুক্তি শীঘ্রে সম্পন্ন কৰিবলৈ নিৰন্তৰ দাবী উত্থাপন কৰিবলৈ লৈছে৷