নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ তৃণমূল কংগ্রেছৰ সাংসদ অভিষেক বেনার্জীয়ে ৰুজু কৰা এক মানহানি গোচৰত পশ্চিমবংগৰ এখন আদালতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহলৈ জাননী জাৰি কৰিছে৷ ডেজিগনেটেড এমপি/এমএলএ আদালতে আগন্তুক ২২ ফেব্রুৱাৰীত অমিত শ্বাহক সোঁশৰীৰে নাইবা অধিবক্তাৰ জৰিয়তে আদালতত হাজিৰ হ’বলৈ নির্দেশ দিছে৷
বিধাননগৰৰ আদালতখনৰ বিশেষ দণ্ডাধীশে ২২ ফেব্রুৱাৰীৰ দিনা শ্বাহক ১০ বজাত সোঁশৰীৰে নাইবা অধিবক্তাৰ জৰিয়তে হাজিৰ হ’বলৈ নির্দেশ দিয়াৰ লগে লগে বিষয়টোক লৈ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷ উল্লেখনীয় যে ভাৰতীয় দণ্ডবিধিৰ ৫০০ ধাৰাৰ অধীনত শ্বাহৰ বিৰুদ্ধে মমতা বেনার্জীৰ ভতিজা অভিষেকে ৰুজু কৰিছে মানহানি গোচৰ৷