নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ পশ্চিমবংগৰ আগন্তুক বিধানসভা নির্বাচনত বিজেপিয়ে ২০০খনতকৈ অধিক আসন দখল কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ জি নিউজৰ মুখ্য সম্পাদক সুধীৰ চৌধুৰীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গৃহমন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে মমতা বেনার্জীৰ আমোলত ৰাজ্যখনৰ আইন–শৃংখলা পৰিস্থিতিৰ শোচনীয়ভাৱে অৱনতি ঘটিছে৷
আনকি ৰাজ্যখনত সংখ্যালঘু লোকসকলৰো নিৰাপত্তা নোহোৱা হৈছে বুলি দাবী কৰিছে গৃহমন্ত্রী শ্বাহে৷ ৰাজ্যবাসীয়ে এতিয়া তৃণমূলৰ অপশাসনক ওফৰাবলৈ সাজু হৈ থকা বুলি উল্লেখ কৰি শ্বাহে কয় যে কেৱল বিজেপিক ক্ষমতালৈ অনাৰ চিন্তা–চর্চা চলাই আছে পশ্চিমবংগৰ জনসাধাৰণে৷