নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰে সাত বছৰীয়া শিশুক ধর্ষণ কৰি হত্যা

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ  বিগত বছৰৰ জানুৱাৰী মাহত বগৰী খুৱাম বুলি মাতি নি এটি ছয়বছৰীয়া শিশুক ধর্ষণ কৰি হত্যা কৰা গোচৰত কিছুদিন আগতে আদালতে ফাঁচিৰ ৰায়দান কৰাৰ এমাহ নৌহওঁতেই পুনৰ এটি শিশুক যৌন উৎপীডন চলাই হত্যা কৰা এক ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে৷ কালি নিশা হোজাইত এটি সাত বছৰ সাতমহীয়া শিশুক ধর্ষণ কৰি হত্যা কৰে এটি সন্তানৰ পিতৃয়ে৷ এই লোমহর্ষক ঘটনা সংঘটিত হৈছে হোজাই থানাৰ অন্তর্গত বৰহোলা নামৰ গাঁওখনত৷ গাঁওখনৰ গৌতম গৌড নামৰ যুৱকজনৰ আজি বিয়া আছিল৷ বিয়াৰ আগনিশা অর্থাৎ কালি নিশা গৌতমৰ ঘৰত পৰম্পৰাগত অনুষ্ঠান চলিছিল৷ সেই অনুষ্ঠানত গাঁওখনৰ প্রায়সংখ্যক লোক উপস্থিত আছিল৷ গৌতম গৌডৰ ভাগিন তথা মধুৰাম গৌডৰ কন্যা সুপ্রিয়া পৰিয়ালৰ সৈতে সেই অনুষ্ঠানত যোগদান কৰিছিল কিন্তু নিশা প্রায় এঘাৰ বজাৰ পৰা হঠাৎ সুপ্রিয়া বিয়াঘৰৰ পৰা নিৰুদ্দেশ হয়৷ সুপ্রিয়াৰ মৃতদেহ আজি পুৱা স্থানীয় ৰাইজে তেজেৰে লুতুৰি–পুতুৰি অৱস্থাত বিয়াঘৰৰ পৰা প্রায় দুশ মিটাৰ আঁতৰৰ এখন পথাৰত উদ্ধাৰ কৰে৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁওলৈ প্রেৰণ কৰে৷

ইফালে শিশুটি নিৰুদ্দেশ হোৱাৰ খবৰ গাঁওবাসীয়ে যোগীজান আৰক্ষীৰ পহৰা চকীত দিয়াত আৰক্ষীয়ে নিশাই আহি তদন্ত আৰম্ভ কৰে৷ বিয়াঘৰত শিশু কন্যাৰ নিৰুদ্দেশ সন্দর্ভত অনুসন্ধান কৰি জানিব পাৰে যে শিশুটিক গাঁৱৰে সত্যনাৰায়ণ গোৱালাৰ পুত্র জয়প্রকাশ গোৱালা ওৰফে মুন্নাৰ লগত ঘূৰি ফুৰিছিল৷ সেই তথ্যৰ আধাৰত নিশাই জয়প্রকাশ ওৰফে মুন্নাক আৰক্ষীয়ে আটক কৰে৷ আজি শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত আৰক্ষীয়ে জয়প্রকাশ ওৰফে মুন্নাক তদন্তকাৰী বিষয়া জ্যোতিকমল বণিয়াই গ্রেপ্তাৰ কৰে৷ আৰক্ষীৰ জেৰাত জয়প্রকাশ ওৰফে মুন্নাই মদৰ নিচাত এই কু–কর্ম সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে৷ এটি সন্তানৰ পিতৃ লম্পট জয়প্রকাশ ওৰফে মুন্নাই শিশুটিক ফুচলাই বিবাহস্থলীৰ পৰা নির্জন পথাৰলৈ লৈ গৈছিল আৰু তাতে অসৎ কার্য চৰিতার্থ কৰি অর্ধমৃত অৱস্থাত এৰি নিজ ঘৰলৈ আহি শুই আছিল বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে৷ ইফালে শিশুটিৰ ওপৰত চলোৱা এই নির্যাতনৰ ফলত হোৱা তীব্র ৰক্তক্ষৰণৰ বাবে শিশুটিৰ মৃত্যু ঘটে৷ বৰহোলাৰ এখন ইংৰাজী মাধ্যমৰ প্রথম শ্রেণীত অধ্যয়ন কৰা শিশুটিৰ ওপৰত হোৱা এই নির্যাতনক তীব্র ভাষাৰে গৰিহণা দিছে সদৌ অসম আদিবাসী ছাৰ সন্থাৰ হোজাই জিলা সমিতিয়ে৷ সমিতিৰ সভাপতি ব্রিজলাল পানিকা আৰু সম্পাদক ধৰমৰাজ গৌড়ে এক প্রেছ বিবৃতিত এই ঘটনাৰ গৰিহণা দিয়াৰ লগতে এই ঘটনাৰ লগত জডিত জয়প্রকাশ ওৰফে মুন্নাক ফাঁচিৰ দাবী জনাইছে৷
ৰূপহীহাটত অপহৰণ কৰি কিশোৰীক দলবদ্ধ ধর্ষণঃ আটক এক
নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তর্গত তেলিয়া চাপৰিত এক জঘন্য ঘটনা সংঘটিত হয়৷ ৰূপহীহাটৰ তেলিয়া চাপৰি গাঁৱৰ পৰা শনিবাৰে এজনী কিশোৰী অপহূত হৈছিল৷ পৰিয়ালে বহু বিচাৰ–খোঁচৰ কৰি জিউমাৰীৰ এডৰা জংঘলৰ পৰা মুমূর্ষ তথা বস্ত্রহীন অৱস্থাত কিশোৰীগৰাকীক উদ্ধাৰ কৰে৷ ইয়াৰ পাছত কিশোৰীগৰাকীক সোধা–পোছা কৰাত ধর্ষণৰ বলি হোৱাৰ কথা প্রকাশ কৰে৷ কিশোৰীগৰাকীৰ ভাষ্যৰ ভিত্তিত ৰাইজে জিউমাৰীৰ আবু বক্কৰ ছিদ্দিক নামৰ যুৱকজনক জেৰা কৰাত জঘন্য ঘটনাটো পোহৰলৈ আহে৷ আটকাধীন যুৱকজনে খাইৰুল ইছলাম আৰু বাহাৰুল ইছলামৰ সৈতে মিলি কিশোৰীগৰাকীক ধর্ষণ কৰাৰ কথা স্বীকাৰ কৰিছে৷ এই নৰাধম কাণ্ড সংঘটিত কৰা ধৃত আবু বক্কৰক ৰাইজে উত্তম–মধ্যম দি আৰক্ষীক গতাই দিয়ে৷ এই সন্দর্ভত ইতিমধ্যে ৰূপহীহাট আৰক্ষীয়ে বাকী ধর্ষণকাৰীকেইটাক কৰায়ত্ত কৰিবলৈ জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷
বৰক্ষেত্রীত কিশোৰীৰ মৃতদেহ উদ্ধাৰক লৈ উত্তেজনা
নলবাৰী জিলাৰ বৰক্ষেত্রীৰ ভেলেংগীমাৰী চৰত এগৰাকী চৈধ্য বছৰীয়া কিশোৰীৰ মৃতদেহ উদ্ধাৰক লৈ উত্তেজনা সৃষ্টি হৈছে৷ দৌলাশাল আৰক্ষী চকীৰ অন্তর্গত ১নং ভেলেংগীমাৰী চৰৰ ব্রহ্মপুত্রৰ সুঁতিত পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা কিশোৰীগৰাকী গাঁওখনৰ প্রয়াত জোনাব আলীৰ কন্যা জামিৰন নেচা বুলি জানিব পৰা গৈছে৷ কালি সন্ধিয়াৰ ভাগৰ পৰা নিখোজ হৈ থকা কিশোৰীগৰাকীক আজি পুৱাই ব্রহ্মপুত্রৰ সুঁতিত ওপঙি থকা অৱস্থাত প্রত্যক্ষ কৰে নৈত গা ধুবলৈ যোৱা অঞ্চলটোৰ একাংশ শিশুৱে৷ খবৰ পাই গাঁওখনৰ একাংশ লোক ঘটনাস্থলীলৈ আহে আৰু মৃতদেহটো গাঁওখনৰে জামিৰন নেচাৰ বুলি চিনাক্ত কৰে৷ লগে লগে ঘটনাস্থলীত সমাগম হয় অজস্র লোকৰ৷ পৰৱর্তী সময়ত ঘটনা সংক্রান্তত আৰক্ষীক খবৰ দিয়া হয় যদিও প্রায় পাঁচ ঘণ্টা পলমকৈ ঘটনাস্থলীত উপস্থিত হয় ভাংনামাৰী আৰক্ষী৷ আৰক্ষী বহু সময় ধৰি ঘটনাস্থলীত উপস্থিত নোহোৱাত ক্ষুব্ধ ৰাইজে ঘটনাস্থলীতে অসম আৰক্ষী হায় হায় ধ্বনি দি প্রতিবাদ সাব্যস্ত কৰে৷ কিশোৰীগৰাকীক কোনে কি উদ্দেশ্যে হত্যা কৰি নৈত পেলায় থ’লে, তাক লৈ তীব্র চাঞ্চল্য সৃষ্টি হৈছে চৰাঞ্চলত৷

উল্লেখ্য যে দুবছৰ পূর্বে কিশোৰীগৰাকীয়ে গাঁওখনৰে এটা লম্পটৰ দ্বাৰা ধর্ষণৰ বলি হ’বলগীয়া হৈছিল বুলি জানিব পৰা গৈছে৷ ধর্ষণৰ বলি হোৱা কিশোৰীগৰাকীৰ গোচৰ নলবাৰী আদালতত চলি থকাৰ সময়তে আজি কিশোৰীগৰাকীৰ মৃতদেহ নৈত উদ্ধাৰ হোৱা ঘটনাই অধিক ৰহস্য সৃষ্টি কৰিছে৷ উল্লেখ্য যে অহা ২৬ ফেব্রুৱাৰীত কিশোৰীগৰাকীৰ ধর্ষণৰ গোচৰ সংক্রান্তত কিশোৰীগৰাকীক নলবাৰী আদালতে তলব কৰিছিল বুলি জানিব পৰা গৈছে৷ কিশোৰীগৰাকীৰ মৃতদেহ বহু পলমকৈ পানীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীস্থিত শ্বহীদ মুকুন্দ কাকতি হাস্পতাললৈ প্রেৰণ কৰে৷ কিশোৰীগৰাকীৰ চেণ্ডেল পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ লগতে কিশোৰীগৰাকীক অন্য প্রান্তত হত্যা কৰি চোঁচৰাই আনি পানীত দলিয়াই দিয়াৰ চিন প্রত্যক্ষ কৰি এয়া হত্যাকাণ্ড বুলি সন্দেহ কৰিছে স্থানীয় লোকে৷ মৰণোত্তৰ পৰীক্ষা আৰু আৰক্ষীৰ প্রকৃত তদন্ততহে ওলাই পৰিব হত্যাৰ প্রকৃত ৰহস্য৷ ইপিনে স্থানীয় ৰাইজে কিশোৰীগৰাকীৰ পাশৱিক হত্যাৰ ন্যায় বিচাৰি ঘটনাস্থলীতে প্রতিবাদ কৰি পৰিৱেশ উত্তাল কৰি তোলে৷

You might also like