নাওবৈচাত কুৰি সহস্রাধিকক লৈ ১৮ কিঃমিঃ চাইকেল ৰেলী বিত্তমন্ত্রীৰ
নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ ধেমাজি জিলাৰ কুলাজানৰ পিয়াং চিতলমাৰীত আজি উপস্থিত হ’ব দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ প্রধানমন্ত্রী মোদীৰ আগমনৰ প্রাক্ক্ষণত দেওবাৰে ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা চিলাপথাৰত উপস্থিত হৈ দলীয় কর্মকর্তাসকলৰ সৈতে এক পদযাত্রাত অংশগ্রহণ কৰে৷ লিকাবালি পথত থকা দঞিপল কমপ্লেক্সৰ পৰা হাজাৰ হাজাৰ দলীয় কর্মীৰ সৈতে আৰম্ভ কৰা এই পদযাত্রা নগৰখনৰ মাজমজিয়াইদি গৈ কালীবাৰী ৰোডৰ মন্দিৰত পূজা–র্চনা কৰে৷ ‘আকৌ এবাৰ মোদী চৰকাৰ’, ‘হিমন্ত বিশ্ব শর্মা জিন্দাবাদ’ আদি বিভিন্ন শ্লোগানৰ সমান্তৰালভাৱে গীতে–মাতে উৎসৱমুখৰ হৈ পৰে চিলাপথাৰৰ আকাশ–বতাহ৷ এই পদযাত্রাৰ আৰম্ভণিতে মন্ত্রী ড০ শর্মাই অসম–ৰুণাচল সীমান্তৰ লিকাবালিস্থিত মা মালিনী মন্দিৰত উপস্থিত হৈ সেৱা আগবঢ়োৱাৰ লগতে অসম চৰকাৰে বিগত সময়ত মালিনী মন্দিৰৰ উন্নয়নৰ বাবে আগবঢ়োৱা ধনৰাশিৰ দ্বাৰা নির্মাণ কৰি উলিওৱা মন্দিৰৰ সামগ্রিক পৰিৱেশ পর্যবেক্ষণ কৰে৷ দেওবাৰে সন্ধিয়া প্রায় সাত বজাত আৰম্ভ কৰা মন্ত্রী ড০ শর্মাৰ পদযাত্রাৰ সমান্তৰালভাৱে নগৰখনৰ বিভিন্ন বাণিজ্যিক প্রতিষ্ঠানত প্রধানমন্ত্রী মোদীৰ আগমনক আদৰণি জনাই হাজাৰ হাজাৰ বন্তিৰ লগতে মমবাতি প্রজ্বলন কৰে৷ উল্লেখ্য যে প্রধানমন্ত্রী মোদী ধেমাজি জিলালৈ চতুর্থবাৰৰ বাবে অহাৰ লগতে কুলাজানত দ্বিতীয়বাৰৰ বাবে উপস্থিত হ’ব৷
ইপিনে চিলাপথাৰত উপস্থিত হোৱাৰ পূর্বে আজি মন্ত্রী ড০ শর্মা নাওবৈচা সমষ্টিত উপস্থিত হয়৷ সমষ্টিটোৰ পহুমৰা মাজগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা লালুকলৈ ১৫নং ৰাষ্ট্রীয় ঘাইপথেৰে প্রায় ১৮ কিলোমিটাৰজোৰা বিশাল চাইকেল ৰেলীত অংশগ্রহণ কৰে৷ এই চাইকেল ৰেলীত ২০ সহস্রাধিক দলীয় কর্মী তথা অনুৰাগীয়ে অংশগ্রহণ কৰে৷ এই চাইকেল ৰেলীৰে কার্যতঃ নাওবৈচাত নির্বাচনী প্রচাৰ আৰম্ভ কৰি মন্ত্রী ড০ শর্মাই কংগ্রেছৰ অসম বচাওঁ অভিযানক কটাক্ষ কৰি কয় যে অসম বচাওঁ অসমীয়া শব্দই নহয়৷ কংগ্রেছে আকৌ অসম কেনেকৈ বচাব বুলি প্রশ্ণ কৰি কয় যে এইবাৰ নির্বাচনত আন দলৰ কাম নাই৷ চৌদিশে কেৱল বিজেপি, বিজেপি আৰু বিজেপিহে৷ বিজেপিয়েহে সমষ্টিৰ উন্নয়ন কৰিব বুলি গম পাই সর্বস্তৰৰ জনতা ওলাই আহিছে৷ মন কৰিবলগীয়া এয়ে যে হাজাৰ হাজাৰ লোকে তাল–খোল বজাই পুষ্পবৃষ্টিৰে মন্ত্রীগৰাকীৰ চাইকেল ৰেলীক আদৰণি জনোৱাৰ লগতে বিজেপি জিন্দাবাদ, ড০ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল জিন্দাবাদ আদি ধ্বনিৰে নাওবৈচাৰ আকাশ–বতাহ কঁপাই তোলে৷
মন্ত্রী ড০ শর্মাৰ ১৮ কিলোমিটাৰ চাইকেল ৰেলীৰ সময়ত সমষ্টিটোৰ আবাল–বৃদ্ধ–বনিতা আৰু দিব্যাংগই মন্ত্রীগৰাকীক আশীর্বাদ দিয়ে৷ লখিমপুৰৰ সাংসদ প্রদান বৰুৱা, বিজেপিৰ প্রার্থিত্বপ্রত্যাশী ৰাও গজেন্দ্র সিং, সূর্য বৰুৱা, ঋষিৰাজ হাজৰিকা, গোবিন শইকীয়া, লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাকে ধৰি কেইবাজনো বিজেপি নেতাই সংগ দিয়ে৷ এই বিশাল চাইকেল ৰেলী লালুকৰ পূজাবাৰী খেলপথাৰত সামৰণি পৰে৷ তাত এখন বিশাল ৰাজহুৱা সভাত অংশগ্রহণ কৰি মন্ত্রী ড০ শর্মাই ৰাইজক উদ্দেশ্যি কয় যে এসময়ত ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাই প্রতিনিধিত্ব কৰা নাওবৈচা সমষ্টিটোক এ আই ইউ ডি এফৰ বিধায়ক মামুন ইমদাদুল হকে প্রাদেশিকীকৰণৰ ঠাইত ভেঞ্চাৰ কৰি দিলে বুলি কটাক্ষ কৰে৷ সেয়ে সমষ্টিৰ উন্নয়নৰ স্বার্থত নাওবৈচাবাসী ৰাইজে জাতি–ধর্ম নির্বিশেষে পদুম ফুলত ভোট দি বিজেপি প্রার্থীক জিকাব লাগিব বুলি কয়৷ সমষ্টিটোত বিজেপি দলৰ পৰা ৯জনকৈ কর্মীয়ে টিকটপ্রত্যাশী হোৱা বুলি উল্লেখ কৰি কয় যে দলে এজনকে টিকট প্রদান কৰিব৷ টিকট নোপোৱা আনকেইজনে বিসম্বাদ নকৰি সমষ্টি উন্নয়নৰ স্বার্থত দলীয় প্রার্থীগৰাকীৰ হৈ একগোট হৈ কাম কৰি যাব লাগিব৷
ভাষণত মন্ত্রী ড০ শর্মাই বর্তমানৰ বিজেপি চৰকাৰে ৰাজ্যৰ প্রতিটো দৰিদ্র পৰিয়ালক অৰুণোদয় আঁচনিৰ জৰিয়তে প্রতিমাহে আগবঢ়াই অহা ৮৩০ টকা অনাগত দিনত তিনি হাজাৰ টকালৈ বৃদ্ধি কৰিব বুলি প্রকাশ কৰে৷ পূর্বতে বিধৱাসকলক বেলেগ দৃষ্টিৰে চোৱা হৈছিল, দিব্যাংগ ল’ৰা–ছোৱালীক ঘৰৰ বোজা বুলি ভবা হৈছিল৷ অবিবাহিত ছোৱালী বা স্বামীৰ ঘৰ এৰি আহিবলৈ বাধ্য হোৱা মহিলাক বেলেগ ধৰণে চোৱা হৈছিল৷ এতিয়া সেইসকল মহিলাক অৰুণোদয় আঁচনিত অন্তর্ভুক্ত কৰাৰ লগতে প্রতিখন ঘৰতে তেওঁলোকক সন্মানৰ চকুৰে চাব ধৰিছে৷ বর্তমানৰ বিজেপি চৰকাৰখনে ৰাজ্যৰ দৰিদ্র, নিষ্পেষিত লোকৰ বাবে কাম কৰি আহিছে৷ লখিমপুৰত স্থাপন কৰা চিকিৎসা মহাবিদ্যালয়খনে অঞ্চলটোৰ জনগণৰ বাবে স্বাস্থ্যখণ্ডত এক যুগান্তকাৰী দিশৰ সূচনা কৰিব৷ নতুনকৈ জন্মলাভ কৰা অসম জাতীয় পৰিষদক কটাক্ষ কৰি মন্ত্রী ড০ শর্মাই কয় যে তেওঁলোকৰ নিজৰ মাজতে কিবা সন্দেহ আছে কাৰণে অসম প্রথম, সদায় আৰু চিৰদিন বুলি কৈ আহিছে৷ কংগ্রেছ আৰু এ আই ইউ ডি এফে মহাজোঁট বান্ধি অসম বচাওঁ অভিযানৰ যি নাটক ৰচনা কৰিছে, সেই নাটকখন বেছিদিন নচলে বুলিও উল্লেখ কৰি তেওঁ কয় যে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ ৰাজনীতিৰ পৰা বিজেপি এতিয়া বহুদূৰত আছে৷ বিজেপিয়ে অর্থনৈতিক উন্নয়ন, নিবনুৱা সংস্থাপন, শিক্ষাৰ প্রসাৰ, স্বাস্থ্য সেৱা উন্নয়নক লৈ ৰাজনীতি কৰে৷ আনহাতে, চাইকেল ৰেলীৰ মাজতেই মন্ত্রী ড০ শর্মাই লালুকৰ সমীপৰ বাৰমাইল–দ’লহাট সংযোগী পথটোৰো আধাৰশিলা স্থাপন কৰে৷ ১০ কোটি ব্যয়েৰে এই পথটো নির্মাণ কৰা হ’ব৷ চাইকেল ৰেলীৰ সময়ত মন্ত্রীগৰাকীক গায়ন–বায়ন, উৰুলি, মাংগলিক ধ্বনি, পুষ্পবৃষ্টিৰে আদৰণি জনোৱাৰ লগতে কেইবাঠাইতো তেওঁক নৃত্য–গীত, সাংস্কৃতিক অনুষ্ঠান আদিৰে বিশেষভাৱে সহস্রাধিক লোকে আদৰণি জনায়৷ চাইকেল ৰেলীৰ মাজে মাজে তেওঁ বহুদূৰ পদব্রজে গৈও সাধাৰণ লোকৰ সৈতে বার্তালাপ কৰে৷ এই চাইকেল ৰেলীৰ সময়ছোৱাতে তেওঁ আদি এলেঙি সত্রৰ সত্রাধিকাৰক দেখি পথতে সেৱা লয়৷