সংখ্যালঘুক সুৰক্ষা দিয়াৰ প্রতিশ্রুতি সভাপতি অতুল বৰাৰ
নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ তেজপুৰ বিধানসভা সমষ্টিৰ বাবে বিজেপি দলৰ প্রাথ্ৰ হকে দলীয় নেতা–কৰ্মী সকলে সঘনে সবল দাবী ডত্থাপন কৰি অহাৰ মাজতে আজি ‘জাতীয় ঐক্য সমাৰোহ’ শীর্ষক সভা অনুষ্ঠিত হয়৷ তেজপুৰৰ কলেজিয়েট ডচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা এই ‘জাতীয় ঐক্য সমাৰোহ’ত অগপ কম্ৰ সন্মুখত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি অগপৰ সভাপতি তথা মন্ত্রী অতুল বৰাই স্বাভাৱিকভাৱেই কংগ্রেছ আৰু অসম জাতীয় পৰিষদক কঠোৰ সমালোচনা কৰে৷ তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত বিশাল সভাখনত অতুল বৰাই ভাষণ প্রসংগত কয়– ‘মই এজন সাধাৰণ মানুহ৷ মই এজন সৰু মানুহ৷ মই গাঁৱৰ পৰা অহা ল’ৰা৷ মই এজন খেতিয়কৰ সন্তান৷ কিন্তু মই মনৰ চহকী মানুহ৷ মই অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী নহয়৷ অসাধাৰণ প্রতিভাৰ অধিকাৰী নহওঁ৷ আৰু সেই কাৰণেই তিহাৰ জে’লত থকাৰ সৌভাগ্য মোৰ হোৱা নাই৷ সাধাৰণ ব্যক্তি তিহাৰ জে’লত থাকিব পাৰে নেকি? অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী কাৰণে ৰিপুণ বৰাই তিহাৰ জে’লত থকাৰ সুবিধা লাভ কৰিছে৷ তেখেতে ঠিক কথা কৈছে৷’ তেওঁ কয় যে নির্বাচন অহাৰ লগে লগে যিবোৰ ৰাজনৈতিক দল বহু দিন ধৰি শুই আছিল সেইবোৰ এতিয়া সাৰ পাইছে আৰু মিত্রদলৰ বিৰুদ্ধে বিভিন্ন অপপ্রচাৰত নামি পৰিছে৷ কেইদিনমান আগতে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা মই প্রতিনিধিত্ব কৰা বোকাখাত সমষ্টিলৈ গৈছিল৷ কিন্তু ৰাইজৰ সঁহাৰি নাপালে৷
বোকাখাত এতিয়া কংগ্রেছ দলৰ সৃষ্ট বহু তথাকথিত ৰাজনৈতিক দলৰ ভ্রমণথলী হৈ পৰিছে৷ তাত ৰিপুণ বৰাই কৈছে অতুল বৰা ছুপাৰ ষ্টাৰ নেকি? ‘মই এজন সাধাৰণ মানুহ বুলি’ কৈ ৰিপুণ বৰাক তেওঁ তীব্র বাক্যবাণেৰে থকা–সৰকা কৰে৷ বিদেশীৰ অবাধ প্রব্রজনেৰে অসমখন বিদেশীৰ চৰণীয়া পথাৰ কৰা কংগ্রেছ দলে এতিয়া অসম বচোৱাৰ ঘঁৰিয়ালৰ চকুপানী টুকিছে৷ কংগ্রেছেই অসমৰ ৮৬০জন তেজোদ্দীপ্ত যুৱকক হত্যা কৰিছিল৷ আমি আশাবাদী বিজেপি নেতৃত্বাধীন চৰকাৰৰ শাসনকালত সীমান্ত ছীল হ’বই৷ সমাৰোহখনত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি অগপৰ কার্যকৰী সভাপতি তথা মন্ত্রী কেশৱ মহন্তই ভাষণ প্রসংগত অসমক বচোৱাৰ বাবে ৰাইজক আহ্বান জনাই কয়– ‘আমি সকলোৱে অসম বচাওঁ আহক৷ কংগ্রেছৰ মুখত অসম বচাওঁ শোভা নাপায়৷ স্বৰাজোত্তৰ কালত আৰু স্বাধীনতাৰ পাছত আটাইতকৈ বেছিদিন শাসনত থাকি কংগ্রেছ কিমান অসম বচালে সেইয়া সকলোৱে লক্ষ্য কৰিছে৷ এদিন অসম বচাবলৈ কংগ্রেছ দলে কৈছিল হু ইজ বদৰুদ্দিন? আৰু এতিয়া অসম বচাবলৈ কংগ্রেছ দলে হয় হুজুৰ হৈ পৰিছে সেইগৰাকী বদৰুদ্দিনৰ ওচৰত৷ আগৰবাৰ অসম কেনেকৈ বচালে আৰু পোন্ধৰ বছৰ কেনেকৈ বচালে সেইয়া সকলোৱে লক্ষ্য কৰি আছে৷ এতিয়া নতুন পৰিকল্পনাৰে অসম বচাবলৈ তেওঁলোকে গ্রহণ কৰা কৌশলক ৰাইজে নাকচ কৰাটো চূড়ান্ত কৰিছে৷ পার্লিয়ামেণ্টত তেওঁলোকৰ বিৰোধীয়েই স্থান পোৱা নাই৷ অসমত কংগ্রেছৰ বিধায়কসকল বেলেগ দললৈ গৈছে৷ তেওঁলোকৰ মিতিৰ কাৰণেই গৈছে৷ তেওঁলোকে নিজে বচা নাই, নিজে নবচাকৈ অসম বচাব নোৱাৰে৷ সেইটো নিশ্চিত থাকক আৰু তেওঁলোকে এ আই ইড ডি এফক লগত লৈ অসম বচাব যে নোৱাৰে সেই কথা প্রতিজন সচেতন অসমীয়াই এতিয়া মর্মে মর্মে ডপলব্ধি কৰে৷ সেয়েহে কংগ্রেছ দলে অসম বচাওঁ শ্লোগানেৰে আহি অসম–সমীয়াৰ মাজত কেতিয়াও সোমাব নোৱাৰে৷ আজি একমাত্র ভাৰতীয় জনতা পার্টী আৰু অসম গণ পৰিষদৰ লগত বিভিন্ন আঞ্চলিক দল আমি একত্রিত হৈছেছা আৰু সেয়েহে পুনৰ মিত্রজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত৷
মিত্রজোঁটৰ চৰকাৰে অসমৰ ভৱিষ্যৎ, অসমৰ প্রতিজন নাগৰিক আৰু প্রতিজন ব্যক্তিক আগুৱাই লৈ যোৱাৰ প্রচেষ্টা হাতত লৈছে৷ সেয়েহে পুনৰ ৰাইজে আস্থা প্রকাশ কৰিছে এই মিত্রজোঁটৰ চৰকাৰৰ প্রতি৷ য’ত অসম গণ পৰিষদ যোদ্ধাৰ অংশীদাৰ হিচাপে সদায় থাকিব৷ সংখ্যালঘু সম্প্রদায়ৰ লোকক আমি নিশ্চিত কৰিবলৈ বিচাৰিছেছা যে অসম গণ পৰিষদ য’ত আছে প্রত্যেকজন সংখ্যালঘু লোকক সুৰক্ষা প্রদান কৰা হ’ব৷ ডচিত নিৰাপত্তা দিয়া হ’ব৷ আমি প্রত্যেক জনগোষ্ঠীৰে সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ পথ প্রশস্ত কৰি তুলিছোঁ৷ সেয়েহে আমি বিজেপি চৰকাৰৰ অংশীদাৰ হৈ থাকিম আৰু আপোনালোকক আমি সকলো মূল্যৰ বিনিময়ত সুৰক্ষা প্রদান কৰিম৷ বিভিন্ন জাতি– জনগোষ্ঠীৰ গীত–নৃত্যৰে মুখৰিত এই জাতীয় ঐক্য সমাৰোহত আদৰণী ভাষণ প্রদান কৰি তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে প্রথমেই স্বতঃস্ফূর্তভাৱে গাঁঠিৰ ধন ভাঙি কষ্টেৰে সভাখনলৈ অহা লোকসকলক কৃতজ্ঞতা প্রকাশ কৰে৷ তেজপুৰ সমষ্টিৰ ৰাইজৰ দুখ–দুর্দশাৰ প্রতিটো মুহূর্ততে যোৱা পঁচিশটা বছৰে মই সন্মুখৰ পৰা সহায়ৰ হাত আগবঢ়াই আহিছেছা বুলি কৈ এই সময়ছোৱাত পঁচিশটা গুৰুত্বপূর্ণ কাম সমষ্টিত কৰাৰ পাছত এতিয়া যিকেইটা গুৰুত্বপূর্ণ কাম আছে সেইকেইটাৰ শীঘ্রে সমাধানৰ পথ প্রশস্ত কৰিবলৈ আমি সংকল্পবদ্ধ হৈছোঁ৷ জ্যোতি–বিষু সাংসৃকতিক বিশ্ববিদ্যালয়ৰ এটা শাখা তেজপুৰত গঢ়ি তোলাৰ প্রসংগ সিদ্ধান্তৰ কথা সদৰী কৰাৰ লগতে অচিৰেই জিলা বিজ্ঞান কেন্দ্র নির্মাণ কৰা আৰু তেজপুৰ মিছন চাৰিআলিৰ বজাৰ গৃহ অত্যাধুনিকভাৱে নির্মাণ কৰা হ’ব বুলি জানিবলৈ দিয়ে৷ আঞ্চলিকতাবাদ সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্রত তেজপুৰৰ ৰাইজে পুনৰ সংকল্প গ্রহণ কৰিছে বুলি কৈ মন্ত্রী অতুল বৰা আৰু কেশৱ মহন্তই নিজা বিভাগৰ জৰিয়তে ৰাজ্যৰ প্রগতি আৰু বিকাশত অধিক অৰিহণা যোগাবলৈ সক্ষম হৈছে বুলি প্রশংসা কৰে৷