নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউডিএফক ২৩ আঞ্চলিক গণমর্চাক লাগে চাৰিখন আসন

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ  কংগ্রেছৰ নেতৃত্বত ৬টাকৈ ৰাজনৈতিক দলে ঐক্যবদ্ধ হৈ মহাজোঁট গঠন কৰিছে যদিও আসন বুজাবুজিৰ ক্ষেত্রত উদ্ভৱ হোৱা জঁট এতিয়াও আঁতৰা নাই৷ বৰং পূর্বতে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মাজত আসন বুজাবুজিক লৈ জঁট সৃষ্টি হোৱাৰ বিপৰীতে শেহতীয়াকৈ আন চাৰিটা অংশীদাৰ দলৰ সৈতেও সমস্যাৰ উদ্ভৱ হৈছে৷ মহাজোঁটৰ এক সূত্রই জানিবলৈ দিয়া মতে, দিন আগবঢ়াৰ লগে লগে আসন বুজাবুজিক লৈ মহাজোঁটৰ অংশীদাৰ দলসমূহৰ মাজত ভিতৰি ভিতৰি জটিলতা অধিক বৃদ্ধিহে পাইছে৷ এ আই ইউ ডি এফে ইতিমধ্যে ৩৭টা সমষ্টিৰ তালিকা দাখিল কৰি ২৩টা সমষ্টিলৈ নামি আহিছে৷ কিন্তু কংগ্রেছে এই মুহূর্তলৈ সেই ২৩টা সমষ্টিক লৈ এ আই ইউ ডি এফৰ সৈতে সহমতত উপনীত হ’ব পৰা নাই৷ কিয়নো এ আই ইউ ডি এফে বিচৰা উক্ত ২৩টা সমষ্টিৰ ভিতৰত বর্তমান কংগ্রেছৰ দখলত থকা বদৰপুৰ, সৰুক্ষেত্রী, দলগাঁও, লাহৰীঘাটকে ধৰি কংগ্রেছৰ সম্ভাৱনাপূর্ণ বহু সমষ্টি আছে৷ একেই অৱস্থা অজিত ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মর্চাৰ ক্ষেত্রতো উদ্ভৱ হৈছে৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, প্রথম অৱস্থাত আঞ্চলিক গণ মর্চাই ১০টা সমষ্টিৰ তালিকা কংগ্রেছক দাখিল কৰে৷ পৰৱর্তী পর্যায়ত তেওঁলোকে বটদ্রৱা, দিছপুৰ, হাজো আৰু বোকাখাত সমষ্টিকেইটা বিচাৰে৷ এই চাৰিখন আসনৰ ক্ষেত্রত তেওঁলোকে আপোচ কৰিব বিচৰা নাই৷ ইয়াৰ বিপৰীতে কংগ্রেছেও বটদ্রৱা আৰু দিছপুৰ সমষ্টি নিজৰ দখলত ৰাখিব বিচাৰে৷ সেইদৰে চি পি আই দলে মৰিগাঁৱকে ধৰি তিনিটা সমষ্টি বিচাৰিছে৷ কিন্তু কংগ্রেছে একমাত্র মৰিগাঁও সমষ্টিহে তেওঁলোকক দিব বিচাৰে৷ চি পি আই (এম) দলে সৰভোগ আৰু ৰঙিয়া সমষ্টি বিচাৰিছে৷

কিন্তু ৰঙিয়াৰ কংগ্রেছীসকলে ইতিমধ্যে সমষ্টিটো এৰি নিদিয়াৰ হুংকাৰ দিছে৷ চি পি আই (এম এল) দলে বিহালীকে ধৰি দুটা সমষ্টি বিচাৰিছে৷ কিন্তু কংগ্রেছে চি পি আই (এম এল) দলক অকল বিহালী সমষ্টিহে এৰি দিব বিচাৰে৷ সূত্রটোৱে সদৰী কৰা অনুসৰি আসন বুজাবুজিৰ বিষয়টো এই মুহূর্তলৈ নিষ্পত্তি নোহোৱা বাবেই এ আই চি চিয়ে এতিয়ালৈ আসন ভাগ–বাটোৱাৰাৰ ক্ষেত্রত অংশীদাৰ দলসমূহৰে আনুষ্ঠানিক বৈঠকত মিলিত হোৱা নাই৷ কংগ্রেছৰ এক সূত্রৰ পৰা জানিব পৰা মতে, মহাজোঁটৰ অংশীদাৰ দলসমূহৰ মাজত আসন ভাগ–বাটোৱাৰাৰ বিষয়টো বর্তমান এ আই চি চিৰ জ্যেষ্ঠ নেতা মুকুল ৱাছনিক আৰু জিতেন্দ্র সিঙে চোৱাচিতা কৰি আছে৷ ৰাজ্যৰ কংগ্রেছ নেতৃত্বক একপ্রকাৰ অন্ধকাৰত ৰাখি এ আই চি চিয়ে প্রত্যক্ষভাৱে মহাজোঁটৰ কাম–কাজ আগুৱাই নিছে৷ শেহতীয়াকৈ মহাজোঁটৰ মাজত আসন বুজাবুজিৰ ক্ষেত্রত সৃষ্টি হৈ অহা অন্তৰায়সমূহ আঁতৰ কৰাৰ ক্ষেত্রত এক নতুন ফর্মুলা যুগুতাইছে৷ সেই ফর্মুলা অনুসৰি অনাগত দিনত মহাজোঁটৰ চৰকাৰ গঠন হ’লে পাঁচ বছৰীয়া কার্যকালত খালী হ’বলগীয়া ৰাজ্যসভাৰ আসনত অংশীদাৰ দলসমূহক প্রতিনিধিত্বৰ সুযোগ প্রদানৰ টোপ দিয়া হৈছে৷ সেইমতে এ আই ইউ ডি এফক এখন, আঞ্চলিক গণ মর্চাক এখন আৰু বাঁওপন্থীক এখন আসনত ৰাজ্যসভাত প্রতিনিধিত্ব কৰাৰ বাবে পর্যায়ক্রমে সুবিধা দিব৷ এই নতুন ফর্মুলাৰে কংগ্রেছে মহাজোঁটৰ মাজত আসন বুজাবুজিৰ জঁট আঁতৰাবলৈ কিমান দূৰ সক্ষম হয়, সেয়া সময়তহে ক’ব পৰা যাব৷ ইপিনে আসন বুজাবুজি সম্পূর্ণ হোৱা নাই যদিও এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ হ’ব বুলি সম্পূর্ণৰূপে নিশ্চিত হৈ আছে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ৷ সংবাদ মাধ্যমৰ আগত গগৈয়ে প্রকাশ কৰা অনুসৰি মহাজোঁটৰ চৰকাৰ অহাৰ পাছত নিবনুৱা সমস্যা কেনেদৰে সমাধান কৰিব, উচ্চ শিক্ষাৰ সমস্যা কেনেদৰে সমাধান কৰিব আৰু প্রথম ছমাহত কি কি কাম কৰা হ’ব সেই বিষয়েহে তেওঁলোকে চিন্তা–চর্চা কৰি আছে৷ প্রথমখন কেবিনেটত কি কি কাম কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হ’ব, তেওঁলোকৰ চিন্তা–চর্চা সেই পর্যায়লৈ গৈছে৷ মহাজোঁটে ১০+ আসন লাভ কৰিব বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল তেওঁলোকৰ সৈতে আহিলে আৰু পাঁচৰ পৰা ছখন আসন বৃদ্ধি পাব৷

You might also like