নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনুপম নাথক পৰাগ কুমাৰ দাস বঁটা প্রদান

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ  প্রয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ ওপজা দিনৰ লগত সংগতি ৰাখি বুধবাৰে পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা, ২০২১ প্রদান কৰা হয়৷ গুৱাহাটী প্রেছ ক্লাবত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বিশিষ্ট ফটো সাংবাদিক অনুপম নাথক উক্ত বঁটা প্রদান কৰে প্রথিতযশা সাহিত্যিক ডাঃ ধ্রুৱজ্যোতি বৰাই৷ এই বঁটাত আছে গামোচা, চেলেং চাদৰ, সম্বর্ধনা পত্র, নগদ ধন আৰু স্মাৰক৷ প্রয়াত সাংবাদিকগৰাকীৰ পত্নী পূৰৱী দাসে বন্তি প্রজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানত বঁটা প্রদান কৰি ডাঃ ধ্রুৱজ্যোতি বৰাই কয়– এখন ছবিয়ে এহেজাৰ প্রবন্ধৰ কথা এক মিনিটত কৈ দিব পাৰে৷ ফটো সাংবাদিকতাৰ দৰে শক্তিশালী মাধ্যম নাই৷ ফটোৰ জৰিয়তে ফটো সাংবাদিকে ইতিহাসৰ একো একোটা দিশ তুলি ধৰিব পাৰে৷ ফটো সাংবাদিকতাৰ প্রতি মোৰ দুর্বলতা আছে৷ তেওঁ লগতে কয়– পৰাগ কুমাৰ দাস মোৰ এজন বৌদ্ধিক সতীর্থ আছিল৷ তেওঁৰ লগত আমি অসমত মানৱ অধিকাৰ সংগ্রাম সমিতি গঠন কৰিছিলোঁ৷ তেওঁৰ লগত অসমত ৰাষ্ট্র সন্ত্রাস আৰু মানৱ অধিকাৰ উলংঘনৰ বিৰুদ্ধে বিভিন্ন সভা–সমিতি পাতিছিলোঁ৷ অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ ক্ষুদ্র ক্ষুদ্র জাতি সত্তাৰ আত্মনিয়ন্ত্রণ আৰু নিজৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব পাৰি, সেই বিষয়ে তেওঁৰ লগত আলোচনা কৰিছিলোঁ৷ পৰাগ কুমাৰ দাস এগৰাকী যথেষ্ট প্রতিভাশালী লোক আছিল৷ সেইগৰাকী প্রতিভাশালী ব্যক্তিক আজি স্মৰণ কৰাৰ লগতে তেওঁৰ নামত বঁটা দিবলৈ পাই যথেষ্ট আনন্দিত হৈছোঁ৷ অনুপম নাথক এজন দক্ষ ফটো সাংবাদিক বুলি অভিহিত কৰি ড০ বৰাই তেওঁক শুভেচ্ছা জনায়৷ অনুষ্ঠানত বঁটা গ্রহণ কৰি অনুপম নাথ আৱেগিক হৈ পৰে৷ আন্তঃৰাষ্ট্রীয় সংবাদ প্রতিষ্ঠান এছ’চিয়েটেড প্রেছত (এ পি) দক্ষিণ–পূব এছিয়াৰ ফটো সাংবাদিক হিচাপে কর্মৰত নাথে কয়– এই বঁটা মোৰ বাবে ডাঙৰ স্বীকৃতি৷ ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী পর্যায়ৰ বঁটাতকৈ এই বঁটাই মোক বেছি উৎসাহিত কৰিছে৷ বঁটাটোৱে মোৰ দায়িত্ব বৃদ্ধি কৰিলে৷ মই বহু ঘাত–প্রতিঘাতৰ মাজেৰে কাম কৰিছোঁ৷ এখন ছবিৰ আঁৰত বহু কাহিনী থাকে৷ মই পৰাগ কুমাৰ দাসৰ সান্নিধ্য পোৱা নাছিলোঁ যদিও বহু কষ্টৰে কাম কৰি আজিৰ পর্যায় পাইছোঁ৷ তেওঁৰ সান্নিধ্য পোৱা হ’লে হয়তো মই অধিক ভাল কাম কৰিব পাৰিলোঁহেঁতেন৷

অনুষ্ঠানত ছবিৰে কথা কোৱা অনুপম নাথে অসমত সংঘটিত গুপ্তহত্যাৰ বিভীষিকাময় পৰিস্থিতিৰ ফটো তোলাৰ কথা স্মৰণ কৰে৷ অনুষ্ঠানত পৰাগ কুমাৰ দাস স্মাৰক বত্তৃণতা প্রদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক ড০ ৰাজীৱ সন্দিকৈয়ে৷ পৰাগ কুমাৰ দাসক স্মৰণ কৰি ড০ সন্দিকৈয়ে কয়– পৰাগ কুমাৰ দাসৰ কলমত জোৰ আছিল৷ তেওঁ নতুন প্রজন্মৰ কাৰণে নতুন আৰু বিকল্প চিন্তাৰ সন্ধান কৰিছিল৷ তেওঁ বিশেষকৈ অসমৰ মানুহৰ আত্মনিয়ন্ত্রণৰ অধিকাৰ, আর্থ–ৰাজনৈতিক দিশত উত্তৰণ, মানৱ অধিকাৰ উলংঘন আদি বিষয়ত সুন্দৰকৈ আলোকপাত কৰিছিল৷ সাংবাদিক হিচাপে তেওঁৰ লেখাত স্পষ্ট হৈ উঠিছিল অসমৰ সম্পদ লুণ্ঠনৰ ছবি৷ পৰাগ কুমাৰ দাসে ৰাষ্ট্র সন্ত্রাসৰ বিষয়ে ৰাইজক সজাগ কৰিছিল৷ পৰাগ কুমাৰ দাস জীয়াই থকা হ’লে অসমৰ ৰূপ সলনি হ’লহেঁতেন৷ অসমৰ ৮০–৯০ৰ দশকৰ বুদ্ধিজীৱীৰ ইতিহাস লিখিলে পৰাগ কুমাৰ দাসক বাদ দি সেই ইতিহাস সম্পূর্ণ নহয়৷ জ্যেষ্ঠ সাংবাদিক বেদব্রত বৰাই আঁত ধৰা অনুষ্ঠানত সাংসদ অজিত কুমাৰ ভূঞাই পৰাগ কুমাৰ দাসৰ সৈতে একেলগে কাম কৰাৰ কথা ৰোমন্থন কৰে৷ তেওঁ কয়– প্রসৰ মেধাসম্পন্ন ব্যক্তি পৰাগ কুমাৰ দাসে সুন্দৰ চাকৰি এৰি থৈ আহি সাংবাদিকতাৰ দৰে প্রত্যাহ্বানেৰে পূর্ণ ক্ষেত্রখনত জড়িত হৈ পৰিছিল৷ তেওঁৰ লেখাই খুব কম সময়ৰ ভিতৰতে মানুহৰ চিন্তা–চেতনাক জোকাৰি গৈছিল৷ পৰাগ কুমাৰ দাসৰ লেখাত প্রতিফলিত হৈছিল অসমৰ জাতি–জনগোষ্ঠীৰ আত্মনিয়ন্ত্রণৰ প্রসংগ৷ সমান্তৰালকৈ তেওঁ অসমত চলা ৰাষ্ট্র সন্ত্রাস আৰু মানৱ অধিকাৰ খর্ব হোৱাৰ কথা উদঙাই দিছিল৷ পৰাগ কুমাৰ দাসৰ এসময়ৰ সহকর্মী তথা জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈ, জ্যেষ্ঠ সাংবাদিক প্রণয় বৰদলৈ, প্রকাশ মহন্ত, অমল দাস, অমল গুপ্ত আদিকে ধৰি বিভিন্ন ক্ষেত্রৰ বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানত সম্বর্ধনা পত্র পাঠ কৰে আজিৰ অনুষ্ঠানৰ অন্যতম উদ্যোক্তা কিশোৰ কুমাৰ ভট্টাচার্যই৷ অনুষ্ঠানত আন এগৰাকী উদ্যোক্তা তথা জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ নাথে শলাগৰ শৰাই আগবঢ়ায়৷

You might also like