মানসিক স্বাস্থ্যৰ যতন
বর্তমান সময়ত কিশোৰ–কিশোৰীসকলৰ্ মাজত আত্মহত্যাৰ প্রৱণতা এক সামাজিক ব্যাধিস্বৰূপ হৈ পৰিছে৷ বর্তমান সময়ত শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ যতন এক অতি গুৰুত্বপূর্ণ বিষয়৷ কেৱল কিশোৰ–কিশোৰী অথবা বিদ্যার্থীসকলেই নহয়, প্রতিজন ব্যক্তিৰ মানসিক স্বাস্থ্য এক গুৰুত্বপূর্ণ বিষয়৷ ব্যক্তি এজনৰ মানসিক স্বাস্থ্যই তেওঁৰ ব্যক্তিগত সামাজিক, পাৰিবাৰিক তথা কর্মজীৱনত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷A sound mind in a sound body –এই বিখ্যাত উক্তিষাৰে মানুহৰ মন আৰু শৰীৰৰ পাৰস্পৰিক সম্পর্কক প্রতিফলিত কৰে৷ যিদৰে এটি সুস্থ দেহতহে সুস্থ মনৰ প্রতিফলন ঘটে, ঠিক একেদৰে সুস্থ মনৰ ব্যক্তিয়ে এক সুস্থ শৰীৰৰ অধিকাৰী হৈ সুস্থ আৰু সুন্দৰ ব্যক্তিত্বৰ প্রদর্শন কৰিব পাৰে৷ আমাৰ আধুনিক শিক্ষা ব্যৱস্থাৰ মূল লক্ষ্য হৈছে– শিশুৰ সর্বাংগীণ বিকাশ৷ সর্বাংগীণ বিকাশে কেৱল শিশুটিৰ বা শিক্ষার্থীৰ বৌদ্ধিক দিশৰ বিকাশক সাঙুৰি নলয়৷ সর্বাংগীণ বিকাশে শিশুটিৰ শাৰীৰিক, মানসিক, সামাজিক, নৈতিক, আধ্যাত্মিক– ইত্যাদি সকলো দিশকে সাঙুৰি মূলতঃ শিশুটিৰ ব্যক্তিত্বক প্রতিনিধিত্ব কৰে৷ উল্লেখিত এই দিশসমূহৰ ভিতৰত শাৰীৰিক আৰু মানসিক দিশ বিশেষভাৱে উল্লেখনীয়৷ কিয়নো, এগৰাকী সুস্থ শৰীৰ আৰু মনৰ অধিকাৰী শিশুৱেহে অন্যান্য দিশসমূহত সফলতা অর্জন কৰিবলৈ সক্ষম হ’ব৷
সমাজত বৃদ্ধি পোৱা আত্মহত্যাৰ দৰে প্রৱণতাসমূহে প্রকৃততে সুস্থ মানসিক স্বাস্থ্যৰ অভাৱকে প্রতিফলিত কৰে৷ সাধাৰণতে কিশোৰ–কিশোৰীসকলৰ্ মাজত এই প্রৱণতাৰ হাৰ সর্বাধিক৷ কৈশোৰকাল বাAdolescence সময়ছোৱা হৈছে বিকাশৰ স্তৰসমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূর্ণ তথা জটিল কাল৷ বিখ্যাত মনোবিজ্ঞান Standy Hall–য়ে এই কালছোৱাক ধুমুহা আৰু উৎপীড়নৰ সময় হিচাপে বর্ণনা কৰিছে৷ এই সময়ছোৱাত কিশোৰ–কিশোৰীসকলৰ্ ক্ষেত্রত দ্রুত শাৰীৰিক, মানসিক, সামাজিক, আৱেগিক, নৈতিক পৰিৱর্তন সংঘটিত হয়, যাৰ ফলস্বৰূপে তেওঁলোকে পৰিৱর্তিত পৰিস্থিতি আৰু সময়ৰ সৈতে সমাযোজন স্থাপনত ব্যর্থ হৈ কেতিয়াবা ভুল পথে পৰিচালিত হয়৷ অথবা আৱেগিকভাৱে অসুস্থ হৈ জীৱনৰ চৰম সিদ্ধান্ত লোৱাৰ প্রৱণতা তেওঁলোকৰ মনত জাগি উঠা দেখা যায়৷ এন চি আৰ বি(NCRB)ৰ এক ৰিপ’ট অনুযায়ী ভাৰতবর্ষত ২০১৯ চনত সংঘটিত হোৱা ১ লাখ ৩৯ হাজাৰ আত্মহত্যাৰ ৬৭ শতাংশ কিশোৰ–কিশোৰীৰ দ্বাৰা সংঘটিত৷ আত্মহত্যাৰ এই পৰিসাংখ্যিক প্রতিচ্ছবিয়ে এক ভয়ংকৰ আৰু ৰূঢ় সত্যক প্রতিফলিত কৰে৷ এই আত্মহত্যাৰ কাৰণ বিভিন্ন হ’ব পাৰে৷ কিন্তু এই প্রৱণতাৰ বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি পিতৃ–মাতৃ আৰু শিক্ষকসকল অধিক সচেতন হোৱাৰ সময় আহি পৰিছে৷ এই সামাজিক ব্যাধি ৰোধ কৰিব পৰা দায়িত্ব পিতৃ–মাতৃৰ সর্বাধিক৷ গৃহ পৰিৱেশতে কিশোৰ বা কিশোৰী এজনীয়ে অধিক সময় অতিবাহিত কৰে৷ সেয়ে তেওঁলোকৰ মানসিক স্বাস্থ্যৰ যতন লোৱাটো উজু হৈ পৰে৷ পিতৃ–মাতৃয়ে বা অভিভাৱকে তেওঁলোকৰ সন্তানৰ প্রতিটো সৰু বৰ কথা/বিষয়ৰ হিচাপ ৰাখি মানসিক আৰু আৱেগিক নিৰাপত্তা প্রদান কৰি তেওঁলোকৰ হূদয় জয় কৰিব পাৰে৷ সন্তানৰ বিদ্যায়তনিক দিশটোৰ উপৰি অন্যান্য দিশসমূহকো সমানে গুৰুত্ব প্রদান কৰা উচিত৷ সন্তানে কৰা সৰু–বৰ অপৰাধসমূহ চিনাক্ত কৰি সেইসমূহৰ কঠোৰ শাস্তি প্রদান কৰাৰ পূর্বে অপৰাধ কৰিবলৈ শিশুটিক বাধ্য কৰোৱা কাৰণসমূহ জানিবলৈ চেষ্টা কৰক আৰু উচিত ব্যৱস্থা গ্রহণ কৰক৷ বহু সময়ত সন্তানে পিতৃ–মাতৃৰ মৰম আৰু সময়ৰ পৰা বঞ্চিত হৈও মানসিকভাৱে ভাগি পৰে আৰু অপৰাধপ্রৱণ হৈ উঠে৷ হাজাৰ ব্যস্ততাৰ মাজতো নিজৰ সন্তানৰ বাবে সময় উলিয়াবলৈ চেষ্টা কৰক৷ পিতৃ–মাতৃৰ লগতে ভাতৃ–ভগ্ণী আৰু পৰিয়ালৰ অন্যান্য ব্যক্তি আৰু শিক্ষকৰ ভূমিকা এইক্ষেত্রত উল্লেখনীয়৷ আজিৰ সন্তান ভৱিষ্যতৰ নাগৰিক৷ সুস্থ ব্যক্তিত্বৰ নাগৰিকেহে এক সুস্থ দেশ গঢ়াত অৰিহণা যোগাব পাৰে৷
ড০ অর্চনা অধিকাৰী
সহকাৰী অধ্যাপিকা, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক
মুক্ত বিশ্ববিদ্যালয়, ফোন: ৮৬৩৮৩–৩৬৯৭১