মুখ্যমন্ত্রী সোণোৱালক সাক্ষাৎ বাংলাদেশৰ উচ্চায়ুক্তৰ
নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ ভাৰতস্থিত বাংলাদেশৰ উচ্চায়ুক্ত মহম্মদ ইমৰানে আজি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰে৷ সাক্ষাৎকালত বাংলাদেশ আৰু অসমৰ মাজত ব্যৱসায়–বাণিজ্যকে ধৰি অন্যান্য গুৰুত্বপূর্ণ দিশসমূহৰ সম্পর্কত আলোচনা কৰা হয়৷
আলোচনাৰ সময়ত মুখ্যমন্ত্রী সোণোৱালে কয় যে ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত বাংলাদেশ আৰু অসমৰ মাজত সহযোগিতাৰ হাত প্রশস্ত কৰাৰ বাবে থকা সম্ভাৱনাসমূহ বিচাৰি উলিয়াই সেই দিশত পদক্ষেপ গ্রহণ কৰিব লাগিব৷ কৃষি, কৃষিজাত সামগ্রীকে ধৰি অন্যান্য খণ্ডসমূহক সামৰি ব্যৱসায়–বাণিজ্যৰ পথা সুগম কৰাৰ বাবে উভয়ে ব্যৱসায়িক কাম–কাজৰ আদান–প্রদান আৰু বজাৰ ব্যৱস্থাটো শক্তিশালী কৰাৰ দিশত কাম কৰিব লাগিব৷ ইয়াৰ জৰিয়তে অসম আৰু বাংলাদেশ লাভান্বিত হ’ব পাৰিব৷ মুখ্যমন্ত্রীয়ে কয় যে বজাৰ ব্যৱস্থাৰ অনুসন্ধান আৰু আমদানি–ৰপ্তানিৰ বাবে এক নিৰূপিত ব্যৱস্থা গঢ়ি তুলিব লাগিব৷ ইয়াৰ বাবে তৃণমূল পর্যায়ত অধ্যয়নৰ প্রয়োজনীয়তা আছে৷ মুখ্যমন্ত্রীয়ে কয় যে অসমৰ সীমান্তৱর্তী বাংলাদেশৰ সৈতে আকাশ, স্থল আৰু জলপথেৰে যোগাযোগ ব্যৱস্থা শক্তিশালী কৰিব পৰা যায়৷
অসমৰ ওচৰৰ নিকটৱর্তী ৰাষ্ট্র বাংলাদেশৰ সৈতে সহযোগিতাৰ দিশসমূহ বিচাৰি উলিয়াই সেই দিশত যথোচিত পদক্ষেপ গ্রহণ কৰিব লাগিব৷ মুখ্যমন্ত্রীয়ে ট্যুৰ এণ্ড ড্রেভেল অপাৰেটৰ, আমদানি আৰু ৰপ্তানিকাৰীসকলৰ মাজত মত বিনিময় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ আজিৰ এই আলোচনাৰ সময়ত মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্যমন্ত্রীৰ অতিক্তি মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, উদ্যোগ বিভাগৰ প্রধান সচিব ড০ কে কে দ্বিবেদী, গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ড০ শ্বাহ মহম্মদ তনবিৰ মনচুৰ উপস্থিত থাকে৷