নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলো ইণ্ডিয়া শীতকালীন গেমছ উদ্বোধন মোদীৰ

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে  জম্মু আৰু কাশ্মীৰৰ গুলমার্গত দ্বিতীয় বার্ষিক খেলো ইণ্ডিয়া শীতকালীন গেমছ উদ্বোধন কৰে৷ অহা ২ মার্চলৈ চলিবলগীয়া প্রতিযোগিতাখন উদ্বোধন কৰি প্রধানমন্ত্রীয়ে কয় যে খেলো ইণ্ডিয়া শীতকালীন গেমছে জম্মু আৰু কাশ্মীৰক শীতকালীন ক্রীড়াৰ কেন্দ্রস্থল হিচাপে প্রতিষ্ঠিত হোৱাত সহায় কৰিব৷

প্রতিযোগিতাখনক ‘এক ভাৰত শ্রেষ্ঠ ভাৰত’ৰ উৎকৃষ্ট নিদর্শন আখ্যা দি প্রধানমন্ত্রী মোদীয়ে কয় যে জম্মু আৰু কাশ্মীৰত এতিয়া শান্তি আৰু উন্নয়নৰ নৱজাগৰণ আহিছে৷ দেশৰ ২৭খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলে অংশ লোৱা প্রতিযোগিতাখনত আলপাইন স্কাই, স্ন’ ব’র্ডিং, স্কাই মাউণ্টেনিয়াৰিং, আইচ হকী আৰু আইচ স্কেটিঙৰ দৰে আকর্ষণীয় খেল খেলোৱা হ’ব৷ উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেণ ৰিজিজু উপস্থিত আছিল৷

You might also like