নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেট্র’লৰ ঊর্ধ্বমুখী মূল্য

২০২০–২১ বিত্তীয় বর্ষত সমগ্র দেশত পেট্র’লৰ মুঠ চাহিদা হ’বগৈ ১০১.৬ নিযুত টন৷ অর্থাৎ ২০১৯–২০ বিত্তীয় বর্ষৰ তুলনাত ৯.৮ শতাংশ হ্রাস পাব ২০২০–২১ বিত্তীয় বর্ষত পেট্র’লৰ মুঠ চাহিদা৷ ইয়াৰ মূল কাৰণ হ’ল পেট্র’লৰ ঊর্ধ্বমুখী মূল্য৷ দাম বৃদ্ধিৰ বাবেই হওক বা ক’ৰোনা ভাইৰাছৰ লকডাউনৰ বাবে, চলিত বিত্তীয় বর্ষত পেট্র’লৰ বিক্রীৰ হাৰ হ্রাস পাইছে৷ এপিনৰ পৰা চাবলৈ গ’লে এয়া এক শুভবার্তা৷ কিয়নো পেট্র’লৰ চাহিদা হ্রাস পোৱাৰ ফলত দেশৰ আমদানি ব্যয়ো হ্রাস পাইছে৷ কিন্তু সর্বসাধাৰণ ৰাইজৰ বাবে অতি প্রয়োজনীয় ইন্ধন পেট্র’লৰ মূল্যবৃদ্ধিয়ে জনতাৰ ওপৰত যে প্রত্যক্ষ প্রভাৱ পেলাইছে, তাত কোনো সন্দেহ নাই৷ বহুতেই যুক্তি প্রদর্শন কৰে যে পেট্র’লৰ দাম বৃদ্ধি কোনো ভুল নীতি নহয়৷ কিয়নো ইয়াৰ ফলত মানুহে ব্যক্তিগত বাহনৰ ব্যৱহাৰৰ সলনি ৰাজহুৱা পৰিবহণ সেৱা গ্রহণ কৰিব৷ কিন্তু প্রশ্ণ হ’ল– অসমতেই হওক বা দেশৰ আন প্রান্তত, ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ অৱস্থা কি? পেট্র’লৰ দামে ইতিমধ্যে কেইবাখনো ৰাজ্যত প্রতিলিটাৰত ১০০ টকাৰ সীমা অতিক্রম কৰিছে৷ গুৱাহাটীত পেট্র’লৰ দাম ৮৮ টকাৰ সামান্য তলত আছে৷ এনে মূল্যবৃদ্ধিৰ ফলত সাধাৰণ জনতা যিধৰণে আহুকালত পৰিছে, সেই কথা অনুধাৱন কৰি চৰকাৰে নির্দিষ্ট সীমাৰ ভিতৰত ইন্ধনবিধৰ দাম সীমাবদ্ধ ৰখাৰ প্রয়োজনীয়তা আহি পৰিছে৷ তথ্য মতে, ২০১৬ চনৰ এপ্রিলত প্রতিলিটাৰ পেট্র’লৰ মূল্য আছিল ৬০.৫৬ টকা৷ ২০২১ চনৰ এপ্রিলত অর্থাৎ মাত্র ৫ বছৰত ইয়াৰ মূল্যবৃদ্ধি পালে প্রতিলিটাৰত ৮৭.৫১ টকালৈ৷ বৃদ্ধিৰ এই হাৰ ৪৪.৫ শতাংশ৷ দাম বৃদ্ধিৰ মূল কাৰণটো হ’ল আন্তঃৰাষ্ট্রীয় বজাৰত খাৰুৱা তেলৰ ঊর্ধ্বমুখী মূল্য৷ আন্তঃৰাষ্ট্রীয় বজাৰত ভাৰতৰ খাৰুৱা তেলৰ দামৰ বাস্কেট প্রতি বেৰেলত ৫৪.৭৯ ডলাৰলৈ বৃদ্ধি পাইছে৷ যোৱা বছৰৰ অক্টোবৰত ইয়াৰ পৰিমাণ আছিল ৪০.৬৬ ডলাৰ৷ অর্থাৎ মাত্র তিনি মাহৰ ভিতৰতে প্রতি বেৰেলত প্রায় ১৪ ডলাৰ বৃদ্ধি পাইছে ভাৰতৰ বাস্কেটত থকা খাৰুৱা তেলৰ মূল্য৷ এনে পৰিস্থিতিত ইন্ধনবিধৰ মূল্য আকাশলংঘী হোৱাটো অলপো আচৰিত কথা নহয়৷ অৱশ্যে এটা সময় আছিল, যেতিয়া প্রতি বেৰেল খাৰুৱা তেলৰ মূল্যই ১০০ ডলাৰৰ সীমা অতিক্রম কৰিছিল৷ কিন্তু তেতিয়াও ইমান উচ্চ হাৰত দেশীয় বজাৰত পেট্র’লৰ দাম বৃদ্ধি পোৱা নাছিল৷ গতিকে এটা কথা নিশ্চিতভাৱে ক’ব পাৰি যে আন্তঃৰাষ্ট্রীয় বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধিয়েই দেশত পেট্র’লৰ দাম বৃদ্ধিৰ একমাত্র কাৰণ নহয়৷
বর্তমানৰ পৰিস্থিতিত পেট্র’ল–ডিজেলৰ ওপৰত আৰোপিত কৰৰ বোজাৰ পৰা জনসাধাৰণক সকাহ দিয়াৰ প্রয়োজনীয়তা আহি পৰিছে৷ এই সন্দর্ভত চৰকাৰে কি চিন্তাচর্চা কৰিছে সেই বিষয়ে জানিবলৈ উপায় নাই৷ কিন্তু ৰাইজে কৰ আৰোপ সন্দর্ভত ইতিমধ্যে অসন্তুষ্টি ব্যক্ত কৰিছে৷ দেশৰ বিভিন্ন চহৰ–ৰাজ্যত পেট্র’লৰ দামৰ তাৰতম্য আছে৷ বর্তমান দেশত, পেট্র’লৰ কৰ বহির্ভূত মূল্য প্রতিলিটাৰত ৩২ টকাৰ পৰা ৩৫ টকাৰ ভিতৰত আছে৷ কিন্তু সাধাৰণ জনতাই প্রতিলিটাৰ পেট্র’লত ৮৭ টকাৰ পৰা ১০০ টকা ভৰিব লগা হৈছে৷ কিয়নো কেন্দ্র আৰু ৰাজ্য চৰকাৰে পেট্র’লৰ পৰা আহৰণ কৰিছে বিশাল পৰিমাণৰ কৰ৷ নতুন দিল্লীৰ কথাই ধৰা হওক৷ দেশৰ ৰাজধানীখনত পেট্র’লৰ মূল্য প্রতিলিটাৰত প্রায় ৮৯ টকা৷ ইয়াৰ ভিতৰত কৰ বহির্ভূত প্রতিলিটাৰ পেট্র’লৰ মূল্য হ’ল প্রায় ৩২ টকা৷ কিন্তু আবকাৰী কৰ হিচাপে প্রায় ৩২ টকা আৰোপিত হৈছে৷ তদুপৰি প্রায় ২১ টকা আৰোপিত হৈছে ৰাজ্য চৰকাৰৰ মূল্য সংযোজিত কৰ৷ ইয়াৰ উপৰি আৰোপিত হৈ আছে অন্যান্য কৰ, উপকৰ আৰু সৰবৰাহ ব্যয়৷ ফলত ৬০ শতাংশৰো অধিক টকা গ্রাহকে প্রতিলিটাৰ পেট্র’লত ভৰি আছে৷ এনে পৰিপ্রেক্ষিতত সর্বসাধাৰণ ৰাইজে কৰৰ বোজা হ্রাস কৰিব বুলি জনপ্রিয় চৰকাৰখনৰ পৰা আশা কৰাটো স্বাভাৱিক৷ এইক্ষেত্রত দুটা মৌলিক দিশ উত্থাপন কৰিব পাৰি৷ ইন্ধনৰ মূল্যবৃদ্ধিৰ লগে লগে প্রতিটো পৰিয়ালে ব্যয় সংকোচনৰ পদক্ষেপ লোৱাটো স্বাভাৱিক৷ সেইদৰে ইন্ধনৰ মূল্যবৃদ্ধিৰ লগে লগে অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি পোৱাটো স্বাভাৱিক৷ ইয়াৰ পৰাই ক’ব পাৰি যে ইন্ধনৰ মূল্যবৃদ্ধিৰ প্রভাৱ জনতাৰ ওপৰত প্রত্যক্ষভাৱে পৰিছে৷ পূর্বে উল্লেখ কৰা হৈছে যে যোৱা বিত্তীয় বর্ষৰ তুলনাত ২০২০–২১ বিত্তীয় বর্ষত পেট্র’লৰ চাহিদা দেশত হ্রাস পাইছে৷ কিন্তু তাৰ পিছতো চৰকাৰে এই বিত্তীয় বর্ষত পূর্বৰ তুলনাত অধিক ৰাজহ আহৰণ কৰিব৷ সেয়ে চৰকাৰে ৰাইজৰ কৰৰ বোজা হ্রাস কৰাৰ ব্যৱস্থা কৰাটো বাঞ্ছনীয়৷

You might also like