নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত স্কুটী চলাই ৰোড শ্ব’ত অংশগ্রহণ স্মৃতি ইৰাণীৰ

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে ইন্ধনৰ মূল্যবৃদ্ধিৰ প্রতিবাদ জনাই কালি বিধান সভালৈ বৈদ্যুতিক স্কুটীৰে যোৱা ঘটনাক লৈ সংবাদ মাধ্যমত চর্চা চলাৰ এদিন পিছতে আজি কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়ে দক্ষিণ ২৪ পৰগনাৰ পাঁচপ’টা অঞ্চলত এক ৰোড শ্ব’ত অংশগ্রহণৰ সময়ত স্কুটী চলাই দলীয় সমর্থকক উৎসাহ যোগায়৷ স্মর্তব্য যে মমতা বেনার্জীয়ে স্কুটীত উঠি বিধানসভালৈ যাত্রা কৰা ঘটনাৰ ভিডি’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত আজি স্মৃতি ইৰাণীয়ে বিজেপিৰ ৰোড শ্ব’ত স্কুটী চলোৱা ভিডি’ও সমানেই ভাইৰেল হৈছে৷ ৰোড শ্ব’ত অংশগ্রহণ কৰি স্মৃতি ইৰাণীয়ে উল্লেখ কৰে যে মমতা বেনার্জীৰ শাসনত সংঘর্ষই বিশেষ স্থান লাভ কৰিলে৷ কিন্তু এইবাৰ ৰাজ্যখনৰ গণতান্ত্রিক ব্যৱস্থাক সন্মান জনোৱা জনসাধাৰণে তৃণমূল কংগ্রেছৰ শাসন ওফৰাই দিব বুলিও উল্লেখ কৰে স্মৃতিয়ে৷

You might also like