নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰত গ্রেপ্তাৰ জাপানৰ সাংবাদিক

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ ম্যানমাৰ আৰক্ষীয়ে জাপানৰ এগৰাকী সাংবাদিকক গ্রেপ্তাৰ কৰা ঘটনাক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া৷ ম্যানমাৰৰ বাণিজ্যিক ৰাজধানী য়াংগুনৰ এক প্রতিবাদস্থলীৰ পৰা সাংবাদিক য়ুকি কিটাজুমিক গ্রেপ্তাৰ কৰা বুলি তেওঁৰ সতীর্থই সংবাদ মাধ্যমক জনাইছে৷

উল্লেখনীয় যে য়াংগুন মিডিয়া প্রফেছনেলছ নামৰ সংস্থাটোৰ সৈতে জড়িত য়ুকি হৈছে এখন বাণিজ্যিক দৈনিক কাকতৰ নিয়মীয়া নিবন্ধকাৰ৷ তাৎক্ষণিকভাৱে ম্যানমাৰ আৰক্ষীয়ে এই সন্দর্ভত কোনো তথ্য সদৰী কৰা নাই যদিও সাংবাদিকগৰাকীৰ গ্রেপ্তাৰৰ ঘটনাক লৈ আন্তর্জাতিক ক্ষেত্রত সৃষ্টি হৈছে প্রতিক্রিয়া৷

You might also like