নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰত বিয়াৰ ২৪ ঘণ্টা নৌহওঁতেই নৱবিবাহিত যুৱকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ বিবাহ কার্য সম্পন্ন হোৱাৰ ২৪ ঘণ্টা নৌহওঁতেই নৱবিবাহিত যুৱক এজনৰ আকস্মিক মৃত্যুৰ ঘটনাত শোকাচ্ছন্ন হৈ পৰিছে মহানগৰীৰ পার্শ্বৱর্তী চন্দ্রপুৰ অঞ্চল৷ সমান্তৰালকৈ বাক্ৰুদ্ধ হৈ পৰিছে নৱদম্পতীৰ পৰিয়ালৰ লগতে আত্মীয়–স্বজন৷

উল্লেখ্য যে প্রাগজ্যোতিষপুৰ থানাৰ কম্পিউটাৰ অপাৰেটৰ হিচাপে কর্মৰত খগেন বৈশ্য (মুন) নামৰ ৩০ বছৰীয়া যুৱকজনৰ বিবাহ সম্পন্ন হয় যোৱা ২৬ ফেব্রুৱাৰীত৷ ২নং চন্দ্রপুৰস্থিত বাসগৃহত অতি উলহ–মালহেৰে উদ্যাপন হোৱা বিবাহ কার্যৰ পিছত ২৭ ফেব্রুৱাৰী তথা কালি আঠমঙলা অনুষ্ঠান সম্পন্ন কৰি গৃহ প্রৱেশ কৰিছিল ন–কইনাই৷ তাৰ পিছতে আত্মীয় আৰু ওচৰ–চুবুৰীয়াৰ সৈতে আনন্দ–স্ফূর্তি কৰি নিশাৰ আহাৰ গ্রহণ কৰি শোৱনিকোঠাত প্রৱেশ কৰে মুন হিচাপে পৰিচিত খগেন বৈশ্যই৷ বিছনাত শুই ম’বাইল চাই থকা অৱস্থাতে নিশা প্রায় ১১ বজাত অচেতন হৈ পৰে যুৱকজন৷ লগে লগে হুৱাদুৱা লাগে৷ পৰিয়ালটোৱে তেওঁক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷

ইফালে, আঠমঙলাৰ দিনাই পতিহাৰা হৈ বিধৱা হ’বলগীয়া হোৱাত শোকত ভাঙি পৰাই নহয়, চিকিৎসালয়ত ভর্তি কৰাবলগীয়া হয় ন–কইনাক৷ এনে অনাকাংক্ষিত ঘটনাটোৱে পৰিয়াল, আত্মীয়–স্বজনৰ লগতে সমগ্র অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে৷ যুৱকজনৰ আকস্মিক প্রেছাৰ ষ্ট্র’ক হোৱা বুলি ধাৰণা কৰিছে চিকিৎসকে৷

You might also like