নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ আজিৰ পৰা দেশজুৰি দ্বিতীয় পর্যায়ৰ ক’ভিড ভেকচিন প্রদানৰ কাম আৰম্ভ হ’ব৷ ৬০ৰ ঊর্ধ্বৰ ব্যক্তিসকলক দ্বিতীয় পর্যায়ত ক’ভিড ভেকচিনৰ সময়ত সামৰি লোৱা হ’ব৷ এই কথা সদৰী কৰিছে কেন্দ্রীয় ৰাজ্যিক স্বাস্থ্যমন্ত্রী অশ্বিনী কুমাৰ চৌবেৰ৷ দেওবাৰে গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত এখন সংবাদ মেলত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত দেশক ক’ভিডমুক্ত কৰিবলৈ তেওঁলোকে সংকল্প লৈছে৷ ইয়াৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্রহণ কৰা হৈছে৷
ক’ভিড ভেকচিন প্রদানৰ কাম দ্রুতগতিৰে আগবঢ়াই লৈ যোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘যোৱা ২৬ ফেব্রুৱাৰীলৈ দেশত ১ কোটি ৪৫ লাখ লোকক ভেকচিন প্রদান কৰা হৈছে৷ স্বাস্থ্যকর্মী আৰু ফ্রণ্টলাইন কর্মীসকলক প্রথম পর্যায়ত ভেকচিন প্রদান কৰা হৈছে৷ কাইলৈৰ পৰা দ্বিতীয় পর্যায়ৰ ভেকচিন প্রদান কার্যসূচীত সাধাৰণ ৰাইজক সামৰি লোৱা হ’ব৷ বিশেষকৈ ৬০ বছৰ ঊর্ধ্বৰ ব্যক্তিসকলক ভেকচিন প্রদান কৰা হ’ব৷ ১০ কোটি লোকক দ্বিতীয় পর্যায়ত ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হ’ব৷’ ইফালে দেশৰ ৩০ হাজাৰ কেন্দ্রত কাইলৈৰ পৰা ভেকচিন প্রদান কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে৷
সংবাদ মেলত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে সদৰী কৰা অনুসৰি দেশজুৰি ৩০ হাজাৰ কেন্দ্রত ভেকচিন দিয়া হ’ব৷ ইয়াৰে ২০ হাজাৰ ব্যক্তিগত আৰু ১০ হাজাৰ চৰকাৰী কেন্দ্র৷ সমান্তৰালভাৱে চৰকাৰী কেন্দ্রসমূহত বিনামূলীয়াভাৱে এই ভেকচিন প্রদান কৰা হ’ব বুলি উল্লেখ কৰি চৌবেই কয়– ‘ব্যক্তিগত কেন্দ্রসমূহত ভেকচিন প্রদানৰ ক্ষেত্রত ল’বলগীয়া মূল্য চৰকাৰে ইতিমধ্যে নির্ধাৰণ কৰি দিছে৷ ব্যক্তিগত কেন্দ্রসমূহত প্রতি ড’জ ভেকচিনৰ বাবদ ২৫০ টকা ল’ব পাৰিব৷ ভেকচিন প্রদান প্রক্রিয়া ক্ষিপ্রতৰ কৰি তোলাৰ বাবে উচ্চ পর্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে৷ ভাৰত চৰকাৰে কেৱল দেশৰ ভিতৰতে ভেকচিন প্রদান কৰা নাই, বৰঞ্চ আন দেশলৈও ভেকচিন প্রেৰণ কৰিবলৈ সক্ষম হৈছে৷ এক ডজনৰো অধিক দেশলৈ ভাৰত চৰকাৰে কম মূল্যৰ ভেকচিন প্রেৰণ কৰিছে৷ উত্তৰ–পূর্বাঞ্চলত ক’ভিড নিয়ন্ত্রণলৈ আহিছে৷’