অসমত চলিল বিদ্যুৎচালিত ৰে’ল, নতুন ইতিহাসৰ ৰচনা
নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই কালি অসমত প্ৰথমবাৰৰ বাবে চলিল বিদ্যুৎচালিত ৰে’ল।
কালি পৰীক্ষামূলকভাৱে বিদ্যুতেৰে ৰে’লৰ ইঞ্জিন চলোৱা হয়। বঙাইগাঁৱৰ পৰা ৰঙিয়ালৈ পৰীক্ষামূলকভাৱে চলোৱা বিদ্যুতচালিত ইঞ্জিনে সফলভাৱে দীৰ্ঘ যাত্ৰাৰ সমাপ্তি ঘটাই সূচনা কৰে অসমৰ ৰে’ল জগতত এক ঐতিহাসিক যুগৰ।
এই মাহৰ পৰা ৰে’ল বিভাগে গুৱাহাটী সংযোগী সকলো ৰে’ল বিদ্যুতৰ জৰিয়তে চলোৱা হ’ব বুলি জানিবলৈ দিয়ে। প্ৰথম অৱস্থাত মালবাহী ৰে’ল চলোৱা হ’ব যদিও ৰে’ল মন্ত্ৰালয়ৰ অনুমোদনৰ পিছতে যাত্ৰীবাহী ৰে’ল চলোৱা হ’ব।