নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি পৰা কাইলৈ ঘোষণা কৰা হ’ব অসম জাতীয় পৰিষদৰ প্রার্থী তালিকা

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ ‘বিগত সময়ত জাতীয়তাবাদী আদর্শক লৈ ৰাজনৈতিক দলসমূহে কৰা ভুল সিদ্ধান্তৰ বাবে দুলীয়াজান সমষ্টিৰ পৰা জাতীয়তাবাদী শিবিৰৰ কোনো ব্যক্তিয়ে নির্বাচনত জয়ী হোৱা নাই৷ কিন্তু দুলীয়াজানবাসীৰ মন মগজুত এতিয়াও জাতীয়তাবোধৰ ভাবাবেগ সোমাই আছে৷ বিজেপি চৰকাৰৰ ৫ বছৰীয়া অপশাসনৰ অন্ততঃ এইবাৰ ৰাইজে সকলো প্রত্যাহ্বান ওফৰাই দুলীয়াজানত আঞ্চলিকতাবাদ প্রতিষ্ঠা কৰি অসম জাতীয় পৰিষদৰ বিজয় ধ্বজা উৰুৱাব’ –এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ৷ দুলীয়াজান সমষ্টিত নির্বাচনী গতি–বিধি বুজ ল’বলৈ আহি কালি নিশা দুলীয়াজান সাংবাদিকৰ সৈতে হোৱা মতবিনিময়ত দুলীয়াজানত শক্তিশালী জাতীয়তাবাদ প্রতিষ্ঠা কৰাৰ পোষকতা কৰি মানুহে যাতে ভেজাল জাতীয়তাবাদ অথবা স্বাভিমানহীন জাতীয়তাবাদৰ কাষত থিয় দিব নোৱাৰে তাৰ প্রয়োজনলৈ লক্ষ্য ৰাখি জাতীয় আবেগ থকা সমষ্টিটোত এইবাৰ ৰাইজে সঠিক চিন্তা আৰু যুক্তিনিষ্ঠভাৱে ভোটদান কৰিব বুলি আশা ব্যক্ত কৰে৷ আনহাতে অদূৰ ভৱিষ্যতে ব্যক্তিৰ সামাজিক আৰু ৰাজনৈতিক ভৱিষ্যৎ স্বার্থ সুৰক্ষিত কৰিবৰ বাবে জাতীয়তাবাদৰ কোনো বিকল্প নাই আৰু এই জয়যাত্রাত ৰাইজে স্বতঃস্ফূর্তভাৱে চামিল হ’ব লাগে বুলি উল্লেখ কৰে অজাপৰ সভাপতিগৰাকীয়ে৷

সেইদৰে সাংবাদিকৰে সৈতে হোৱা বার্তালাপত কয়– বিজেপিৰ ভ্রষ্টাচাৰ আৰু দুর্নীতিৰ পৰা মুক্ত হ’বলৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জাতীয়তাবাদৰ পক্ষত ৰাইজে থিয় দিছে৷ এই নিশ্চিত আশাৰে অসমত এখন জাতীয় চৰকাৰ হ’ব আৰু এই চৰকাৰৰ নেতৃত্ব প্রদান কৰিব অসম জাতীয় পৰিষদে৷ সেইদৰে বর্তমানৰ দৰে অনাগত সময়তো ৰাষ্ট্রীয় দল বিজেপি আৰু কংগ্রেছৰ সৈতে অজাপৰ আদর্শগত আৰু নীতিগত কোনোধৰণৰ সম্পর্ক নাথাকিব বুলি দাবী কৰে সভাপতি লুৰিণজ্যোতিয়ে৷ ইফালে অহা ৪ অথবা ৫ মার্চত অজাপ আৰু মিত্রজোঁটৰ প্রার্থীৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰিব বুলি জানিবলৈ দিছে লুৰিণজ্যোতিয়ে৷ উল্লেখ্য যে এইবাৰ বিধানসভা নির্বাচনত লুৰিণজ্যোতি গগৈয়ে দুলীয়াজান আৰু নাহৰকটীয়া সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা আগবঢ়াব বুলি যথেষ্ট চর্চিত হৈছে৷ অৱশ্যে এই বিষয়ত দলে যি সিদ্ধান্ত ল’ব সেইটোৱে নিশ্চিত হ’ব বুলি লুৰিণজ্যোতিয়ে উল্লেখ কৰিলেও দুলীয়াজান সমষ্টি এটা ভাল সমষ্টি আৰু জাতীয় আৱেগ থকা সমষ্টি হিচাপে মন্তব্য কৰে৷ দুলীয়াজান বিধানসভা সমষ্টিত সম্ভাব্য প্রার্থী লুৰিণজ্যোতি গগৈয়ে ৰাইজৰ মাজত জাতীয় আৱেগ উজ্জ্বীৱিত কৰি নির্বাচনী বৈতৰণী পাৰ হ’ব পাৰিবনে নোৱাৰে সেয়া বিজেপি আৰু কংগ্রেছৰ প্রার্থিত্বৰ ওপৰতো বহুলাংশে নির্ভৰ কৰিব৷

You might also like