নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰ আৰক্ষীৰ জালত ভুৱা ডিএছপি অনুপ কুমাৰ দাস

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ শেহতীয়াকৈ মহানগৰীত ওলাইছে ভুৱা আৰক্ষী বিষয়া৷ ডাবি–ধমকিৰে সর্বসাধাৰণ লোকৰ পৰা আৰক্ষীৰ নকল পোছাক পৰিধান কৰি এনে ভুৱা আৰক্ষী বিষয়াই ধন লুটাৰ জাল পাতিছে৷ অলপতে গড়চুক আৰক্ষীয়ে এজন ভুৱা আৰক্ষী বিষয়াক গ্রেপ্তাৰ কৰি জে’ল হাজোতলৈ প্রেৰণ কৰাৰ পিছত আজি পুনৰ দিছপুৰ আৰক্ষীয়ে অভিযান চলাই খানামুখৰ পৰা এজন ভুৱা ডি এছ পিক গ্রেপ্তাৰ কৰে৷ দিছপুৰ আৰক্ষীৰ জালত পৰা ভুৱা আৰক্ষী বিষয়াজন ধাৰাপুৰৰ অনুপ কুমাৰ দাস (৪৫) বুলি জানিব পৰা গৈছে৷ দিছপুৰ আৰক্ষী সূত্রে জানিব পৰা মতে, ধৃত ভুৱা ডি এছ পিজনে আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰা এখন বাহন মুকলি কৰি দিয়াৰ নামত হাকিম উদ্দিন নামৰ এজন লোকৰ পৰা ১.৭০ লাখ টকা হৰলুকি কৰে৷ নিজকে ডি এছ পি বুলি পৰিচয় দিয়া লম্পটটোক ধন আদায় দিয়াৰ পিছতো বাহনখন থানাৰ পৰা মুকলি কৰি দিব নোৱৰাত ভুক্তভোগী লোকজনৰ সন্দেহ ওপজে৷ অৱশেষত তেওঁ আৰক্ষীৰ কাষ চাপি সমগ্র ঘটনা সন্দর্ভত বিৱৰি কোৱাৰ লগতে এখন এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দিছপুৰ থানাত এটা গোচৰ ৰুজু কৰি ভুৱা আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে৷ ধাৰাপুৰ আৰু খানামুখৰ লগতে জালুকবাৰীৰ বিভিন্ন প্রান্তত অভিযান চলাই দুদিনৰ মূৰত আৰক্ষীয়ে অভিযুক্ত লম্পটটোক আজি পুৱা প্রায় ৮.৩০ বজাত খানামুখৰ পৰা গ্রেপ্তাৰ কৰে৷ ধৃত লম্পটটোক আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাত কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতে তেওঁক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷ সম্প্রতি দিছপুৰ থানাত আৰক্ষীয়ে তেওঁক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷

You might also like