নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ ভাতৃক সহযোগ নকৰাৰ ভাবুকি কংগ্রেছ নেতা–কর্মীৰ

নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ইতিমধ্যে সকলো ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পাইছে৷ এইক্ষেত্রত পিছপৰি থকা নাই হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ ৰাজনৈতিক দলৰ নেতা–কর্মীসকল৷ কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মহাজোঁটবন্ধনে বহুতৰে বিধায়ক হোৱাৰ আশাত চেঁচাপানী ঢ়ালিছে৷ কংগ্রেছৰ একাংশ প্রার্থিত্বপ্রত্যাশী আৰু নেতা–কর্মীয়ে আজি এখন সভাৰ আয়োজন কৰে ধর্মীয় সংখ্যালঘুপ্রধান যমুনামুখ সমষ্টিত৷ ইতিমধ্যে কংগ্রেছ দলে এই সমষ্টি এ আই ইউ ডি এফক এৰি দিয়াটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ আজমল পৰিয়ালয়েও চিৰাজুদ্দিন আজমলক মহাজোঁটৰ প্রার্থিত্ব দিয়াৰ ঘোষণা কৰিছে৷ ইয়াকে লৈ ক্ষুব্ধ হৈ পৰিছে যমুনামুখ কংগ্রেছ৷ আজি ডবকাৰ ৰাজীৱ ভৱনত বিন্নাকান্দি ব্লক কংগ্রেছৰ উদ্যোগত এখন বিশাল কর্মীসভা অনুষ্ঠিত হয়৷ যিহেতু যমুনামুখ সমষ্টিত এ আই ইউ ডি এফৰ প্রার্থীয়ে প্রার্থিত্ব পোৱাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে, সেয়ে ক্ষুব্ধ হৈ পৰিছে তৃণমূল পর্যায়ৰ কর্মীসকলৰ লগতে স্থানীয় নেতাসকলো৷ আজিৰ সভাত তৃণমূল কংগ্রেছ কর্মীসকলে সমষ্টিটো এ আই ইউ ডি এফক এৰি দিয়াক লৈ তীব্র ক্ষোভ প্রকাশ কৰে৷ বিগত ১৫ বছৰ ধৰি এ আই ইউ ডি এফৰ বিধায়ক থকাৰ পাছতো সমষ্টিত কোনো ধৰণৰ উন্নয়নমূলক কাম নোহোৱাৰ অভিযোগ কৰে কংগ্রেছ কর্মীসকলে৷ তদুপৰি আজমল পৰিয়ালৰ বিধায়ক হোৱা হেতু বছৰটোৰ বেছিভাগ সময় সমষ্টিত থকাৰ পৰিৱর্তে ডুবাইত ব্যৱসায়ত ব্যস্ত থাকে৷ সেয়েহে এইবাৰ এ আই ইউ ডি এফৰ প্রতি মোহভংগ হৈছে সমষ্টিবাসী ৰাইজৰ৷ এইবাৰ এ আই ইউ ডি এফৰ প্রার্থী দিলে পৰাজয় একপ্রকাৰ নিশ্চিত বুলি দাবী কৰিছে কংগ্রেছ কর্মীসকলে৷ তৃণমূল কর্মীসকলে পুনৰ দলৰ শীর্ষ নেতৃত্বক বিবেচনা কৰি কংগ্রেছৰ এগৰাকী শক্তিশালী প্রার্থী দিবলৈ আহ্বান জনায়৷ তাৰ পাছতো যদি তেওঁলোকৰ দাবীক আওকাণ কৰি এ আই ইউ ডি এফৰ প্রার্থী দিয়ে, তেন্তে তেওঁলোকে ইয়াক মানি নলয় আৰু সমাগত নির্বাচনত এ আই ইউ ডি এফক সহযোগ নকৰি আজমলৰ দলৰ প্রার্থীক বর্জন কৰিব বুলি ভাবুকি দিয়ে৷

You might also like