নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচন আয়োগ–চৰকাৰলৈ শ্ব’কজ ছুপ্রিম ক’ৰ্টৰ

বৰপেটাৰ ২৬ মহিলাক কাৰণ নোহোৱাকৈ ‘ডি’ ভোটাৰৰ তালিকাত অন্তর্ভুক্ত

নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ বৰপেটা সমষ্টিৰ ২৬গৰাকী মহিলাৰ নাম ‘ডি’ ভোটাৰৰ তালিকাত সন্নিৱিষ্ট কৰা সন্দর্ভত নির্বাচন আয়োগ, কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰলৈ কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে৷ মুখ্য ন্যায়াধীশ এছ এ ব’বডে, ন্যায়াধীশ এল নাগেশ্বৰ ৰাও আৰু ন্যায়াধীশ এছ ৰবীন্দ্র ভাটৰ বিচাৰপীঠে এই নির্দেশনা দিছে৷ আবেদনকাৰীৰ অধিবক্তাই গোচৰটোৰ শুনানিৰ সময়ত আদালতত কয় যে ২০১৯ বর্ষত মাহিলাকেইগৰাকীয়ে সংশ্লিষ্ট কর্তৃপক্ষৰ ওচৰত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত এখন আবেদন দাখিল কৰিছিল৷ এই আবেদনৰ জৰিয়তে তেওঁলোক অৱগত হয় যে ১৯৯৭ চনৰ পৰা ‘ডি’ ভোটাৰৰ তালিকাত মহিলাকেইগৰাকীৰ নাম সন্নিৱিষ্ট হৈ আছে৷ অৱশ্যে কি কাৰণত প্রায় দুই দশক ধৰি তেওঁলোকৰ নাম ‘ডি’ ভোটাৰ হিচাপে সন্নিৱিষ্ট কৰি ৰখা হৈছে, সেই সন্দর্ভত সদুত্তৰ দিবলৈ সক্ষম নহ’ল ভোটাৰ পঞ্জীয়ন বিষয়া৷ উল্লেখ্য যে তহবিনা খাতুন আৰু আন ২৫গৰাকী মহিলাই উচ্চতম ন্যায়ালয়ত আবেদনখন দাখিল কৰিছিল৷ ইয়াৰে ২৪গৰাকী মহিলা হৈছে বৰপেটা জিলাৰ ভেৰাগাঁও অঞ্চলৰ৷ আবেদনখনত মহিলাকেইগৰাকীয়ে উল্লেখ কৰা অনুসৰি ‘ডি’ ভোটাৰ হিচাপে তালিকাভুক্ত কৰাৰ বাবে তেওঁলোকক সমাজে হেয় চকুৰে চাই আহিছে৷ আবেদনকাৰীয়ে উল্লেখ কৰা বিষয়সমূহ গুৰুত্ব সহকাৰে গ্রহণ কৰি বিচাৰপীঠখনে চাৰি সপ্তাহৰ ভিতৰত কেন্দ্র আৰু নির্বাচন আয়োগক জাননীৰ উত্তৰ দিবলৈ নির্দেশ দিছে৷ লক্ষণীয় যে মহিলাকেইগৰাকীয়ে তেওঁলোকৰ নাম ‘ডি’ ভোটাৰ হিচাপে প্রত্যাহাৰ কৰিবলৈ নির্দেশ দিবলৈ উচ্চতম ন্যায়ালয়ত প্রার্থনা জনাইছে৷ আবেদনখনত উল্লেখ কৰা অনুসৰি সংশ্লিষ্ট কর্তৃপক্ষই ‘ডি’ ভোটাৰ হিচাপে চিহ্ণিতকৰণৰ পূর্বে কোনোদিনে তেওঁলোকৰ মতামত গ্রহণ কৰা নাই৷ বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত এই গোচৰটো যথেষ্ট গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷

You might also like