অভিলেখসংখ্যক ভোটত ড০ হিমন্ত বিশ্ব শর্মাক জয়ী কৰোৱাৰ পণ
নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ জালুকবাৰী সমষ্টিত বিজেপিৰ বুথ আৰু মণ্ডল সমিতিৰ নেতা–পালিনেতাসকল ব্যস্ত হৈ পৰিছে গণ সম্পর্ক অভিযানত৷ বেজেৰা মণ্ডলৰ অন্তর্গত শৰাইঘাট পঞ্চায়ত, ধোপাতাৰী পঞ্চায়ত, বেজেৰা পঞ্চায়ত, আগডলা পঞ্চায়ত, মান্দাকাটা পঞ্চায়ত, লাচিতগড পঞ্চায়ত আৰু ৰুদ্রেশ্বৰ পঞ্চায়ত এলেকাত বিজেপি কর্মকর্তা তথা সমষ্টিৰ বিধায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অনুগামীসকলে তীব্রতৰ কৰি তুলিছে গণ সম্পর্ক অভিযান কার্যসূচী৷ বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকা, সাধাৰণ সম্পাদক ৰুবুল দাসে জানিবলৈ দিয়া মতে, মণ্ডলৰ অধীনস্থ সাতখন পঞ্চায়তৰ সংশ্লিষ্ট গাঁওসমূহত বুথ পর্যায়ৰ পৰা আৰম্ভ কৰি প্রতিগৰাকী বিজেপি কর্মী ইতিমধ্যে চোতালে চোতালে গৈ গণ সম্পর্ক ৰক্ষা কৰি বিজেপিৰ চৰকাৰৰ বিগত পাঁচ বছৰীয়া উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰিছে৷ একেদৰে সমষ্টিটোৰ সামগ্রিক উন্নয়নৰ ক্ষেত্রত কৰি অহা বিধায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ দায়িত্ববোধৰ প্রতিচ্ছবিখনো জনসম্পর্ক অভিযানৰ জৰিয়তে অৱগত কৰা হয়৷ বিজেপি কর্মকর্তাসকলৰ লক্ষ্য এটাই জালুকবাৰী সমষ্টিৰ বিধায়ক ড০ হিমন্ত বিশ্ব শর্মাক ৰাজ্যখনৰ ভিতৰতে বিশাল ভোটৰ ব্যৱধানত জয়ী কৰি আনিব লাগে৷ কালি বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকা, সাধাৰণ সম্পাদক ৰুবুল দাস, সম্পাদক প্রভাত কলিতা, শক্তি পৃষ্ঠাপ্রমুখ আইতী বডো, বুুথৰ সভাপতি কবিতা বসুমতাৰীসহ সতীর্থসকলে গণ সম্পর্ক অভিযানত অংশগ্রহণ কৰি সকলো কর্মীকে উৎসাহিত কৰি তোলা পৰিলক্ষিত হয়৷