নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘগ্রাপাৰ–মাঞ্জা ডিলাই–বহলপুৰত ওঠৰ লাখ টকা জব্দ

ৰাজপথত পিয়াপি দি ফুৰিছে ফ্লায়িং স্কোৱাড–আৰক্ষী বাহিনী

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ নলবাৰী জিলাৰ ঘগ্রাপাৰত ভিজিলেঞ্চ গোটে অভিযান চলাই ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ ঘগ্রাপাৰ আৰক্ষী থানাৰ সন্মুখত অবৈধভাৱে অনা তিনিগৰাকী লোকৰ পৰা ৫ লাখ ৩ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয়৷ এই অভিযানৰ নেতৃত্ব দিয়ে ঘগ্রাপাৰ ৰাজহ চক্রৰ চক্র বিষয়া নন্দিতা হাজৰিকা আৰু ঘগ্রাপাৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে৷

নির্বাচনী অধিসূচনা বলৱৎ হোৱাৰ পাছৰে পৰা কার্বি আংলঙৰ ৰাষ্ট্রীয় ঘাইপথত আৰক্ষীয়ে বুজন পৰিমাণৰ ধন জব্দ কৰিবলৈ সক্ষম হৈছে৷ আজি ডিলাই আৰক্ষীয়ে অভিযান চলাই সাত লাখ টকা জব্দ কৰে৷ প্রাপ্ত তথ্য অনুসৰি আজি দিনৰ প্রায় বাৰ বজাত ডিলাই থানাৰ ভাৰপ্রাপ্ত বিষয়া বিতোপন চুতীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডিমাপুৰৰ পৰা হোজাই অভিমুখী এখন যাত্রীবাহী বাছত নিয়মীয়া তালাচী চলোৱাৰ সময়তে হোজাই নিৱাসী লখন শ্বাহ নামৰ লোকজনৰ পৰা সাত লাখ টকা জব্দ কৰে৷ জব্দ হোৱা ধনখিনি শ্বাহে ব্যৱসায়িক কাৰণত আনিছিল বুলি দাবী কৰিছে৷ এই সন্দর্ভত তদন্ত অব্যাহত আছে৷

আনহাতে, শুকুৰবাৰে জিলাখনৰ মাঞ্জা আৰক্ষীয়েও অভিযান চলাই এখন ইন’ভা গাডীৰ পৰা বুজন পৰিমাণৰ ধন জব্দ কৰিবলৈ সক্ষম হৈছে৷ প্রাপ্ত তথ্য অনুসৰি, ডিমাপুৰৰ পৰা গুৱাহাটীলৈ আহি থকা এখন ইন’ভা বাহনত চলোৱা তালাচীত আৰক্ষীয়ে ৩,৪৮,৮০০ টকা জব্দ কৰিবলৈ সক্ষম হয়৷ গুৱাহাটীৰ কাহিলিপাৰা নিৱাসী সম্রাট দেৱ নামৰ লোকজনে জব্দ হোৱা ধন সন্দর্ভত বিশেষ কোনো নথি–পত্র প্রদান কৰিব পৰা নাইবুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ জব্দ হোৱা ধনৰাশি সন্দর্ভত তদন্ত অব্যাহত আছে৷
বহলপুৰত ফ্লায়িং স্কোৱাডৰ দ্বাৰা আঢ়ৈ লক্ষাধিক টকা জব্দ
যোৱানিশা চাপৰ আৰক্ষী আৰু ফ্লায়িং স্কোৱাডৰ দল এটাই চাপৰ থানাৰ অন্তর্গত বহলপুৰৰ ৩১নং ৰাষ্ট্রীয় ঘাইপথত তালাচী চলাই এ এছ–০১ বিডি–০১৯১ নম্বৰৰ ছুইফট ডিজায়াৰ গাড়ীৰ পৰা ২,৭৮,৩৪০ টকা জব্দ কৰিবলৈ সক্ষম হয়৷ বঙাইগাঁৱৰ পৰা ধুবুৰী অভিমুখী গাড়ীখনত জব্দ হোৱা ধনখিনি আদালতৰ জৰিয়তে কোষাগাৰত জমা দিয়া হ’ব বুলি জানিব পৰা গৈছে৷

You might also like