নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত আন্তঃৰাষ্ট্রীয় পথ ৬ ঘণ্টা অৱৰোধ এপ’ল কর্মচাৰীৰ

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ ৰঙিয়াৰ তুলসীবাৰীস্থিত এপ’ল মিলৰ কর্মচাৰীসকলৰ ভিআৰএছৰ ধন মোকলাই নিদিয়াৰ প্রতিবাদত আজি মিলটোৰ কর্মচাৰীসকলে বৈদ্যগড আঞ্চলিক ছাত্র সন্থা আৰু ৰাইজৰ সহযোগত ভাৰত–ভূটান আন্তঃৰাষ্ট্রীয় পথ অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি তোলে৷ পলিয়েষ্টাৰ চ’কত শতাধিক প্রতিবাদকাৰীয়ে আন্তঃৰাষ্ট্রীয় পথটো ৬ ঘণ্টাৰ বাবে অৱৰোধ কৰে৷ উক্ত সময়ছোৱাত শ শ যান–বাহন আবদ্ধ হৈ পৰে৷ অৱৰোধৰ সময়ত তামুলপুৰলৈ গৈ থকা অৱস্থাত বিপিএফৰ সভাপতি তথা বিটিচিৰ প্রাক্তন ‘চীফ’ হাগ্রামা মহিলাৰীৰ কনভয় আবদ্ধ হৈ পৰে৷ প্রতিবাদকাৰীসকলে হাগ্রামা গ’ বেক ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে৷ কিয়নো পূর্বতে হাগ্রামাই মিলটো পুনৰুজ্জীৱিতকৰণৰ্ নামত ৫ কোটি টকাৰ অনুদান দিব বুলি প্রতিশ্রুতি দিছিল৷

কিন্তু উক্ত প্রতিশ্রুতি পালন নকৰাত এনেদৰে তেওঁ প্রতিবাদৰ সন্মুখীন হ’ব লগা হয়৷ উক্ত কার্যসূচীত এপ’লৰ শ্রমিক–কর্মচাৰীসক্ পৰিয়ালৰ সদস্যসকলেও অংশগ্রহণ কৰে৷ প্রতিবাদকাৰীসকলে বিজেপি চৰকাৰ মিছলীয়া, সর্বানন্দ সোণোৱাল মুর্দাবাদ, অতিশীঘ্রে ভিআৰএছৰ ধন মোকলাই দিয়ক, ভৱেশ কলিতা হায় হায়, এপ’ল শ্রমিক–কর্মচাৰীক প্রতাৰণা কৰা নচলিব আদি শ্লোগানেৰে অৱৰোধস্থলী উত্তাল কৰি তোলে৷ প্রতিবাদকাৰীসকলে ক্ষোভ প্রকাশ কৰি কয় যে এই চৰকাৰখনে যোৱা বাজেট অধিৱেশনত এপ’ল কর্মচাৰীসকলক ১৫ কোটি টকাৰ ভিআৰএছৰ ধন ৪৫ শতাংশ মোকলাই দিয়াৰ সিদ্ধান্ত লৈছিল৷ কিন্তু প্রায় দুমাহ পাছতো ভিআৰএছৰ ধনখিনি মোকলাই দিয়াৰ বাবে বিভাগীয়ভাৱে কোনো কাম আগবঢ়া নাই৷ বিশেষকৈ সমবায় আৰু বিত্ত বিভাগৰ ভূমিকাত তীব্র ক্ষোভ উজাৰে৷

You might also like